যশোদা বিমলধৰ্ম (යශෝධා විමලධර්ම) হৈছে শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ নাটক আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী।১ প্ৰায়ে "সৰু পৰ্দাৰ নিৰ্দোষী" বুলি অভিহিত বিমলধৰ্মই তিনি দশকৰো অধিক সময়ৰ কেৰিয়াৰত চিনেমা, টেলিভিছন আৰু থিয়েটাৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। দেশী আৰু বিদেশী চিনেমাৰ অভিজ্ঞতাৰ জৰিয়তে তেওঁ বিদেশী চলচ্চিত্ৰ মহোৎসৱৰ জুৰী সদস্য হিচাপেও কাম কৰি আছে।২
জীৱনী
যশোদা বিমলধৰ্মৰ জন্ম ১৯৭০ চনৰ ২৮ অক্টোবৰত শ্ৰীলংকাত হৈছিল। তেওঁৰ পিতৃ ৰবিলাল বিমলধৰ্ম কেলানিয়া বিশ্ববিদ্যালয়ৰ হিন্দী ভাষাৰ প্ৰবক্তা আছিল আৰু মাতৃ মল্লিকা বিমলধৰ্ম এগৰাকী প্ৰাক্তন নৃত্যশিল্পী তথা স্কুলীয়া শিক্ষয়িত্ৰী আছিল। তেওঁৰ ভগ্নী থুশিতা বৰ্তমান এগৰাকী শিক্ষয়িত্ৰী আৰু তেওঁ যশোদাতকৈ সাত বছৰৰ ডাঙৰ।৩ তেওঁ হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু এই ভাষাটোত তেওঁ সাৱলীল।
বিমলধৰ্মই কলম্বোৰ ছেইণ্ট পালছ গাৰ্লছ স্কুলত অধ্যয়ন কৰিছিল।
কেৰিয়াৰ
১৯৮৮ চনত তেওঁৰ খুৰাক বন্দুলা বিথানগে পৰিচালিত টেলিড্ৰামা আত্তা বিন্দেইত অভিনয় কৰিবলৈ তেওঁ নিমন্ত্ৰণ লাভ কৰে। ইয়াৰ পৰাই তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি হয়। যশোদাই ১৯৯০ চনত বিজয় ধৰ্মচিৰি পৰিচালিত ছবি গুৰুগেদৰাৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে আৰু ১৯৯৩ চনত সাৰসাৱিয়া চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ বাবে মেৰিট বঁটাও লাভ কৰে।৪
যশোদাই ২০০৩ চনৰ ১৮ জুনত কলম্বোৰ গালাদাৰী হোটেলত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁৰ ব্যক্তিগত ৱেবছাইট (www.yashodaw.com) মুকলি কৰে। এগৰাকী শ্ৰীলংকান অভিনেত্ৰীয়ে মুকলি কৰা এয়া আছিল প্ৰথমটো ৱেবছাইট।৫ ১৯৯৯ চনত তেওঁ থুগু গিৰিকুলু শীৰ্ষক তেওঁৰ প্ৰথম গীতৰ কথা ৰচনা কৰিছিল। গীতটোত কণ্ঠদান কৰিছিল দয়ান বিথৰণাই আৰু সংগীত পৰিচালনা কৰিছিল ৰোহানা বীৰসিংহই।৬
২০১৯ চনত তেওঁ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত বিচাৰক হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী শ্ৰীলংকান হিচাপে পৰিগণিত হয়।৭
বাহ্যিক সংযোগ
- Personal Website
- යශෝධා විමලධර්මගෙන් කාන්තා පරපුරට අගනා දායාදයක්
- පාර ක්ලියර් -නිවැරදිව යමු තණමල්විල කොල්ලෙක් ගැන යශෝධා සමඟ කතාවක්
তথ্যসূত্ৰ
- ↑ (3 April 2005). Yashodha and Sangeetha:Different strokes. Sunday Observer(Sri Lanka)
- ↑ The reason for the decline of art is the alienation from literature Veteran photographer: Yashoda Wimaladharma. සරසවිය
- ↑ (22 February 2008). At a Glance. Personal Website
- ↑ (22 February 2008). Career & Achievements. Personal Website
- ↑ (29 June 2003). Yashoda hits the world wide web. Sunday Observer(Sri Lanka)
- ↑ Yashodha turns song lyric writer. Sunday times
- ↑ (17 October 2019). letters%E0%B6%BB%E0%B6%AF%E0%B7%92-%E0%B6%BB%E0%B6%A7%E0%B6%9A I was an artist in the wrong country. Sarasaviya
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশোদা বিমলধৰ্ম” প্ৰবন্ধৰ সংশোধন ৬১৪৬৯৩ (২৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।