যশোধৰা বাগচী ( Jasodhara Bagchi; ১৯৩৭-৯ জানুৱাৰী ২০১৫) আছিল এগৰাকী আগশাৰীৰ ভাৰতীয় নাৰীবাদী অধ্যাপিকা, লেখিকা, সমালোচক আৰু কৰ্মী। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অফ ৱুমেনছ্ ষ্টাডিজৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে- লাভড এণ্ড আনলাভড – দ্য গাৰ্ল চাইল্ড আৰু ট্ৰ’মা এণ্ড ট্ৰাইমফ – জেণ্ডাৰ এণ্ড পাৰ্টিচন ইন ইষ্টাৰ্ণ ইণ্ডিয়া। নাৰী অধিকাৰ সংগঠন সচেতনাৰো তেওঁ প্ৰতিষ্ঠাপক আছিল। ১ [2]
প্ৰাৰম্ভিক জীৱন
১৯৩৭ চনত কলিকতাত বাগচীৰ জন্ম হৈছিল। তেওঁ কলকাতাৰ প্ৰেচিডেন্সি কলেজ, অক্সফোৰ্ডৰ চমাৰভিল কলেজ আৰু কেম্ব্ৰিজৰ নিউ হলত পঢ়াশুনা কৰে।১২
কৰ্মজীৱন
যশোধৰা বাগচিয়ে কলকাতাৰ লেডী ব্ৰেবৰ্ণ কলেজত ইংৰাজী বিষয়ত অধ্যাপনা কৰাৰ পিছত ১৯৬৪ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ত যোগদান কৰে। ১৯৮৮ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অফ ৱুমেনছ্ ষ্টাডিজৰ প্ৰতিষ্ঠাপক-সঞ্চালক হয়। ১৯৯৭ চনত অৱসৰ লোৱাৰ পিছত তেওঁ উক্ত বিভাগতে এমেৰিটাছ অধ্যাপিকা হিচাপে অধ্যাপনা কৰিছিল।১৩
বাগচিয়ে ১৯৮৩ চনৰ পৰা ইংৰাজী ভাষা বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৮৬–১৯৮৮ চনলৈকে বিভাগীয় মুৰব্বী হৈ থাকে। প্ৰাৰম্ভিক বছৰবোৰত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিশেষ সাহায্য কাৰ্যসূচীৰ সমন্বয়ক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল; যাৰ বাবে পিছলৈ বিভাগটো ইংৰাজীৰ উন্নত অধ্যয়ন কেন্দ্ৰলৈ পৰিণত হৈছিল। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰসমূহ হ'ল নাৰী অধ্যয়ন, মহিলা লেখকৰ ৰচনা, ১৯ শতিকাৰ ইংৰাজী আৰু বঙালী সাহিত্য, বংগত ধনাত্মকতাবাদৰ আদৰণি, মাতৃত্ব আৰু ভাৰত বিভাজন। সুভৰঞ্জন দাসগুপ্তৰ সৈতে তেওঁ ভাৰত বিভাজনৰ সময়ত আৰু তাৰ পিছত বঙালী মহিলাসকলৰ অভিজ্ঞতাৰ সংগ্ৰহ আৰু ইয়াৰ বিষয়ে গৱেষণা কৰা প্ৰথম বিদ্যানসকলৰ ভিতৰত অন্যতম।২৪
তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুলছ্ অফ ৱুমেনছ্ ষ্টাডিজৰ সম্পাদনাত বঙালী লেখিকাসকলৰ লেখাৰ পুনৰ্মুদ্ৰণ আৰম্ভ কৰে। এই বিভাগৰ তেওঁৰ বন্ধু আৰু সহকৰ্মী অধ্যাপিকা সাজনী মুখাৰ্জী আৰু সুপ্ৰিয়া চৌধুৰীয়ে তেওঁৰ বাবে ২০০২ চনত এখন বিশেষ অভিনন্দন গ্ৰন্থ- সাহিত্য আৰু লিংগ: এছেজ ফৰ যশোধৰা বাগচী সম্পাদনা কৰিছিল। ইয়াত অৰিহণা যোগোৱা লোকসকলৰ ভিতৰত আছিল বাগচীৰ আদৰৰ শিক্ষক, বন্ধু-বান্ধৱী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, আৰু সহকৰ্মীসকল, যেনে পিটাৰ ড্ৰংক, কিটি স্কুলাৰ দত্ত, হিমানী বেনাৰ্জী, মালিনী ভট্টাচাৰ্য, শীলা লাহিৰি চৌধুৰী, সুপ্ৰিয়া চৌধুৰী, তানিকা সৰকাৰ, ভাস্বতী চক্ৰৱৰ্তী, আৰু অদিতি দাসগুপ্ত।২
অধ্যাপক বাগচিয়ে মৃত্যুৰ আগলৈকে ইংৰাজী বিভাগৰ আলোচনা চক্ৰ আৰু বক্তৃতাত নিয়মীয়া আৰু সক্ৰিয় অংশগ্ৰহণকাৰী আছিল, আৰু অৱসৰৰ পিছত কিছু বছৰ ইয়াৰ অধ্যয়ন ব’ৰ্ডৰ সদস্যও আছিল। কম সময়ৰ ভিতৰতে কামৰ প্ৰতি আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা অপৰিসীম নিষ্ঠাৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। সংস্কৃতি বিষয়ক গৱেষণাৰ প্ৰসাৰ, যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগলৈ তেওঁৰ আটাইতকৈ উল্লেখযোগ্য অৱদান হিচাপে গণ্য কৰা হয়।৫
তেওঁৰ কন্যা তিস্তা বাগচিৰ মতে, ২০১৪ চনত কলকাতা গ্ৰন্থমেলাৰ আয়োজকসকলে বাগচীৰ গ্ৰন্থ পাৰিজয়ী নাৰী ও মানবধিকাৰ গ্ৰন্থখন ইয়াৰ "বিতৰ্কিত" প্ৰকৃতিৰ বাবে উন্মোচন কৰা নাছিল।১
ৰচিত আৰু সম্পাদিত গ্ৰন্থপঞ্জী
- লিটাৰেচাৰ, ছোচাইটি এণ্ড আইডিঅ’ল’জী ইন দ্য ভিক্টোৰিয়া ইৰা (১৯৯২, সম্পাদিত)
- ইণ্ডিয়ান ৱুমেন: মিথ এণ্ড ৰিয়েলিটি (১৯৯৫, সম্পাদিত)
- লাভড্ এণ্ড আনলাভড্: দ্য গাৰ্ল চাইল্ড ইন দ্য ফেমিলী (১৯৯৭, জীৱ গুহ আৰু পিয়ালী সেনগুপ্তৰ সৈতে)
- জেম লাইক ফ্লেম: ৱাল্টাৰ পেটাৰ এণ্ড নাইনটিনথ্ চেঞ্চুৰি পেৰাজিম অফ মডাৰ্নিটি (১৯৯৭)
- থিংকিং ছোচিয়েল চায়েঞ্চ ইন ইণ্ডিয়া: এছেজ ইন অনাৰ অফ এলিছ থৰ্নাৰ (২০০২, কৃষ্ণ ৰাজ আৰু সুজাতা পেটেলৰ সৈতে সম্পাদিত)
- ট্ৰ’মা এণ্ড ট্ৰাইমফ – জেণ্ডাৰ এণ্ড পাৰ্টিচন ইন ইষ্টাৰ্ণ ইণ্ডিয়া
- দ্য চেঞ্জিং ষ্টেটাচ অফ ৱুমেন ইন ৱেষ্ট বেংগল ১৯৭০-২০০০: দ্য চেলেঞ্জিং এহেড (২০০৫, সম্পাদিত)
- ইণ্টাৰোগেটিং মাডাৰহুড (২০১৬)৬
বাহ্যিক সংযোগ
- Freedom in an Idiom of Loss
- "Partition Through A Woman's Eye", article about Bagchi's academic work on gender and partition in eastern India.
- "Gender Justice", Bagchi on gender perspectives in law reform, ADB Review, 2005
- "The Woman Shaped by Mother", Article on Bagchi's co-edited volume on Indian women's personal narratives
- "The Devi Cult and the Girl Child". Article on the girl child drawing on Bagchi's co-edited volume on the girl child in Bengal
তথ্যসূত্ৰ
- ↑ Staff Reporter. (10 January 2015). Jasodhara Bagchi is no more. দ্য হিন্দু
- ↑ TNN. (January 10, 2015). Jashodhara Bagchi passes away. Times of India
- ↑ School of Women's Studies, Jadaypur University
- ↑ Roy, Rituparna. (2018). Partition in Bengal. Looking back after 70 Years. International Institute for Asian Studies
- ↑ Chaudhuri, Supriya; Mukherji, Sajni. (2002). Literature and Gender: Essays for Jasodhara Bagchi. ISBN 9788125022275
- ↑ Bhattacharya, Mihir. (November 10, 2017). Rethinking motherhood. Frontline
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশোধৰা বাগচী” প্ৰবন্ধৰ সংশোধন ৩৮২৭৬০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।