মেৰী লাৰ্চেন বক্সেইন এগৰাকী আমেৰিকান বায়’মেকানিকেল ইঞ্জিনিয়াৰ আৰু এগৰাকী অস্থিৰোগ গৱেষক। তেওঁ আমেৰিকান ছ’চাইটি ফৰ ব’ন এণ্ড মিনাৰেল ৰিচাৰ্চৰ সভানেত্ৰী, বেথ ইজৰাইল ডিকনেছ মেডিকেল চেণ্টাৰৰ চেণ্টাৰ অৱ এডভান্সড অৰ্থপেডিক ষ্টাডিজৰ পৰিচালক, হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অৰ্থপেডিক চাৰ্জাৰী বিভাগৰ অধ্যাপিকা। হাড়ৰ ঘনত্বৰ ওপৰত কৰা কাম আৰু হাড়ৰ ভাঙন হোৱাৰ কাৰণসমূহ সংজ্ঞায়িত কৰিবলৈ ইমেজিঙৰ ব্যৱহাৰৰ বাবে তেওঁ পৰিচিত।
শিক্ষা আৰু কেৰিয়াৰ
১৯৮২ চনত প্ৰিন্সটন_হাই_স্কুল_(ইলিনয়)ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।১ ১৯৮৭ চনত ইলিনয় বিশ্ববিদ্যালয়, আৰ্বানা-চেম্পেইনৰপৰা সাধাৰণ অভিযান্ত্ৰিকীত বিজ্ঞান স্নাতক আৰু অৰ্থনীতিত কলাত স্নাতক ডিগ্ৰী লাভ কৰে। বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰপৰা যান্ত্ৰিক অভিযান্ত্ৰিকীত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।২
তেওঁ বেথ ইজৰাইল ডিকনেছ মেডিকেল চেণ্টাৰ আৰু হাৰ্ভাৰ্ড মেডিকেল স্কুলত পোষ্ট ডক্টৰেট ফেল’শ্বিপৰ বাবে যোগদান কৰে (১৯৯২–৯৫)। ২০০১ চনত হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অৰ্থপেডিক চাৰ্জাৰী বিভাগত সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে। ২০০৬ চনত তেওঁ বষ্টন বিশ্ববিদ্যালয়ত এডজাণ্ট এচিষ্টেণ্ট প্ৰফেচাৰ হিচাপে যৌথ পদত অধিষ্ঠিত হয় আৰু ২০০৮ চনত তেওঁ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি বায়'এষ্ট্ৰ'নটিক্স প্ৰগ্ৰেমত অধ্যাপক হিচাপেও যোগদান কৰে। ২০২৩ চনৰপৰা তেওঁ বেথ ইজৰাইল ডিকনেছ মেডিকেল চেণ্টাৰ আৰু হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অৰ্থপেডিক চাৰ্জাৰীৰ অধ্যাপিকা।২
গৱেষণা
কংকালৰ ভংগুৰতা বুজি পোৱাৰ লক্ষ্যৰে হাড়ৰ জৈৱ বলবিজ্ঞানৰ ওপৰত কৰা কামৰ বাবে বক্সেইন পৰিচিত। তেওঁৰ প্ৰাৰম্ভিক কামে হাড়ৰ ঘনত্ব পৰিমাণীকৰণৰ পদ্ধতি নিৰ্ধাৰণ কৰিছিল,৩ আৰু হাড়ৰ ভাঙনৰ আশংকা ভৱিষ্যদ্বাণী কৰিবলৈ আল্ট্ৰাছাউণ্ডৰ ব্যৱহাৰ কৰিছিল।৪ হাড়ৰ গঠন পৰীক্ষা কৰিবলৈ তেওঁ প্ৰাণীৰ আৰ্হি ব্যৱহাৰ কৰিছে৫ আৰু মানুহৰ অষ্টিঅ'পৰ'ছিছ পৰীক্ষা কৰিছে।৬ তেওঁ মহাকাশ উৰণৰ ফলত হাড়ৰ ক্ষয়,৭ আৰু সামৰিক প্ৰশিক্ষাৰ্থীসকলৰ মানসিক চাপৰ ভাঙনৰ ওপৰতো গৱেষণা কৰিছে।৮
তথ্যসূত্ৰ
- ↑ Rapp, Goldie. (2018-09-11). From PHS to a career at MIT and Harvard. Shaw Local
- ↑ Bouxsein Lab · Lab Members
- ↑ Carter, Dennis R.; Bouxsein, Mary L.; Marcus, Robert. (2009-12-03). New approaches for interpreting projected bone densitometry data. Journal of Bone and Mineral Research. পৃ. 137–145
- ↑ Bouxsein, M. L.; Radloff, S. E. (1997-05-01). Quantitative Ultrasound of the Calcaneus Reflects the Mechanical Properties of Calcaneal Trabecular Bone. Journal of Bone and Mineral Research. পৃ. 839–846
- ↑ Bouxsein, Mary L; Boyd, Stephen K; Christiansen, Blaine A. (2010-06-07). Guidelines for assessment of bone microstructure in rodents using micro-computed tomography. Journal of Bone and Mineral Research. পৃ. 1468–1486
- ↑ Rosen, Clifford J; Bouxsein, Mary L. (2006). Mechanisms of Disease: is osteoporosis the obesity of bone?. Nature Clinical Practice Rheumatology. পৃ. 35–43
- ↑ Burkhart, Katelyn; Allaire, Brett; Bouxsein, Mary L. (2019-06-15). Negative Effects of Long-duration Spaceflight on Paraspinal Muscle Morphology. Spine. পৃ. 879–886
- ↑ Popp, Kristin L.; Ackerman, Kathryn E.; Rudolph, Sara E. (2021). Changes in Volumetric Bone Mineral Density Over 12 Months After a Tibial Bone Stress Injury Diagnosis: Implications for Return to Sports and Military Duty. The American Journal of Sports Medicine. পৃ. 226–235
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী বক্সেইন” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৩২ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।