মৌচম বেনজিৰ নূৰ ( Mausam Noor ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যিয়ে পশ্চিম বংগৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আৰু পশ্চিম বংগ মহিলা আয়োগৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে মালদা জিলা তৃণমূল কংগ্ৰেছৰ২ সভানেত্ৰী আৰু মালদহ উত্তৰ লোকসভা সমষ্টিৰ সাংসদ আছিল।
নূৰ পশ্চিমবংগৰ মালদাৰ এটা ৰাজনৈতিক বঙালী মুছলমান পৰিয়ালৰ পৰা আহিছে। তেওঁৰ ককাক এ বি এ গনীখান চৌধুৰী ইন্দিৰা গান্ধীৰ তৃতীয় মন্ত্ৰীসভাৰ ৰেলমন্ত্ৰী আছিল। তেওঁ কলকাতাৰ লা মাৰ্টিনিয়েৰত পঢ়াশুনা কৰে আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ২০০৮ চনত তেওঁৰ মাতৃ ৰুবী নূৰৰ (পশ্চিম বংগ বিধানসভাৰ সুজাপুৰ সমষ্টিৰ তেতিয়াৰ বিধায়ক) মৃত্যুৰ পিছত মৌচমে ৰাজনীতিত প্ৰৱেশ কৰে। ২০০৯ চনৰ আৰম্ভণিতে একেটা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় আৰু মে’ মাহত লোকসভালৈ নিৰ্বাচিত হয়। ২০১১ চনত পশ্চিম বংগ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱা নূৰ দুবছৰৰ পিছত কংগ্ৰেছ দলৰ মালদা জিলা গোটৰ সভানেত্ৰী নিৰ্বাচিত হয়। ২০১৯ চনৰ জানুৱাৰী মাহত ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ প্ৰস্তাৱ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে নাকচ কৰাৰ পিছতে তেওঁ তৃণমূল কংগ্ৰেছ দললৈ গমন কৰে।৩৪
তথ্যসূত্ৰ
- ↑ Mausam Noor(All India Trinamool Congress(AITC)):(WEST BENGAL) - Affidavit Information of Candidate. myneta.info
- ↑ (8 March 2020). Mamata Banerjee nominates two women candidates out of 4 for Rajya Sabha polls. The Indian Express
- ↑ (29 January 2019). Breach in Congress' West Bengal bastion, Malda MP Mausam Benazir Noor joins TMC. The Indian Express
- ↑ (28 January 2019). Inspired by Didi, Congress MP Mausam Noor joins TMC ahead of 2019 Lok Sabha polls. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌচম নূৰ” প্ৰবন্ধৰ সংশোধন ৪৮০৮৩৮ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।