অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোহনা ভোগাৰাজু

মোহনা ভোগাৰাজু এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেওঁ তেলেগু ভাষাৰ চলচ্চিত্ৰৰ গান গোৱাৰ বাবে বিখ্যাত। তেওঁ বাহুবলী: দ্য বিগিনিং চলচ্চিত্ৰৰ "মনোহৰী" গানটোৰ জৰিয়তে স্বীকৃতি লাভ কৰিছে যাৰ বাবে তেওঁ তেলেগু চলচ্চিত্ৰত ৰেডিঅ' মিৰ্চি-মিৰ্চি মিউজিকৰ মহিলা কণ্ঠশিল্পী ২০১৫ বঁটা লাভ কৰে।

হালনাগাদ: ৩ আগষ্ট ২০২৬ ১৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মোহনা ভোগাৰাজু এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। ১২৩৪তেওঁ তেলুগু ভাষা ভাষাৰ চলচ্চিত্ৰৰ গান গোৱাৰ বাবে বিখ্যাত। ৫৬ তেওঁ বাহুবলী: দ্য বিগিনিং চলচ্চিত্ৰৰ "মনোহৰী" গানটোৰ জৰিয়তে স্বীকৃতি লাভ কৰিছে যাৰ বাবে তেওঁ তেলেগু চলচ্চিত্ৰত ৰেডিঅ' মিৰ্চি-মিৰ্চি মিউজিকৰ মহিলা কণ্ঠশিল্পী ২০১৫ বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

ভোগাৰাজুৰ জন্ম অন্ধ্ৰপ্ৰদেশৰ এলুৰুত হৈছিল। যদিও তেওঁলোকৰ পৰিয়ালটো পাছলৈ হাইদৰাবাদত বসতি স্থাপন কৰিবলৈ লয়। ৭তেওঁ ভোজৰেড্ডী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ওচমানিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী সম্পূৰ্ণ কৰে। সৰুৰে পৰা ভোগাৰাজুৰ সংগীতৰ প্ৰতি সদায় আকৰ্ষণ আছিল আৰু বিদ্যালয়ত আৰু বিভিন্ন জাতিগত প্ৰেক্ষাগৃহ যেনে ৰবীন্দ্ৰ ভাৰতী, থায়াগাৰাজা ঘানা সভাত অনুষ্ঠিত বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ অতি কম বয়সতে অৰ্থাৎ ৬ বছৰ বয়সত গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁ ৮ বছৰ বয়সত বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ডি শ্ৰীপদ ৰাওৰ পৰা প্ৰথম বঁটা লাভ কৰিছিল।

সংগীতৰ কৰ্মজীৱন

ভোগাৰাজুৱে ২০১৩ চনত নিজৰ সংগীতৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ ২০১৩ চনৰ তেলুগু ভাষা চলচ্চিত্ৰ 'জয় শ্ৰীৰাম'ত তেওঁৰ প্ৰথম গান "সায়ামা মাচাম" গীতটো গাইছিল। তেওঁ 'বাহুবলী: দ্য বিগিনিং'ত "মনোহৰী" গাই স্বীকৃতি লাভ কৰিছিল। ৮৯'ভালে ভালে মাগাদিভয়' চলচ্চিত্ৰখনৰ তাইৰ গান "ভালে ভালে মাগাদিভয়" ৰেডিঅ মিৰ্চীত তালিকাভুক্ত কৰা হৈছিল। তেওঁ ১০০ খনতকৈও অধিক তেলেগু চলচ্চিত্ৰত কণ্ঠদান কৰিছে।১০

তথ্যসূত্ৰ

  1. ↑ (4 August 2021). Mohana Bhogaraju: బుల్లెట్టు బండి పాట పాడిన అమ్మాయి ఎవరో తెలుసా.. News18
  2. ↑ (20 August 2021). 'బుల్లెట్టు బండి'కి అసలు సెలబ్రిటీ ఈ ఆంధ్రా పిల్లే.!. TV5 (India)
  3. ↑ (18 April 2021). 'మోహన' గానానికి క్రేజ్‌ పెరిగిన వేళ. Eenadu
  4. ↑ (29 August 2021). A bride's impromptu dance goes viral, scores a hit for a new song. Business Line
  5. ↑ Mohana Bhogaraju looks forward to a longer innings. telanganatoday.com
  6. ↑ (28 June 2018). Mohana Bhogaraju hits all the right notes!. Deccan Chronicle
  7. ↑ (2016-04-16). కొత్తకోకిలలు. Sakshi
  8. ↑ Latest Telugu Songs 2018: Top 20 Telugu Songs, New Telugu Hit Music & Best Telugu Songs. radiomirchi.com
  9. ↑ Express Publications The New Indian Express-Hyderabad, Thu, 21 Jun 18. epaper.newindianexpress.com
  10. ↑ (16 September 2018). Music Review: Shailaja Reddy Alludu | Telugu Movie News. Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোহনা ভোগাৰাজু” প্ৰবন্ধৰ সংশোধন ৬২২৮৯৪ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।