মেৰী ফেণ্টন বা মেহেৰবাই (Mary Fenton; ১৮৫৪-১৮৯৬) এগৰাকী ইউৰোপীয় মূলৰ গুজৰাটী, পাৰ্চী আৰু উৰ্দু থিয়েটাৰৰ অভিনেত্ৰী আছিল। ব্ৰিটিছ সেনা বাহিনীৰ এজন আয়াৰলেণ্ড দেশীয় সেনা মেথিউ ফেণ্টনৰ জীয়ৰী আছিল।১ তেওঁ পাৰ্চী অভিনেতা, পৰিচালক কাভাছজী পালানজী খাটাউৰ সৈতে তেওঁৰ প্ৰেমবিবাহ হৈছিল। তেৱেঁ মেৰীক অভিনয়ৰ সৈতে পৰিচিত কৰাই দিছিল আৰু এগৰাকী সফল অভিনেত্ৰী ৰূপে প্ৰতিষ্ঠা পাইছিল।২
প্ৰাৰম্ভিক জীৱন
ভাৰতৰ মুচৌৰীৰ ওচৰৰ লেণ্ডউৰত জেনেট আৰু ব্ৰিটিছ ভাৰতীয় সেনাৰ আইৰিছ অৱসৰপ্ৰাপ্ত সৈনিক মেথিউ ফেণ্টনৰ ঘৰত মেৰী ফেণ্টনৰ জন্ম হৈছিল। তেওঁ মেৰী জেন ফেণ্টন নামেৰে বেপ্তিজম লয় যদিও তেওঁৰ প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাৰ বিষয়ে আৰু কোনো তথ্য পাবলৈ নাই।২ পাৰ্চী থিয়েটাৰৰ অভিনেতা-পৰিচালক কাভাছজী পালঞ্জী খাটাউৱে তেওঁৰ নাটক ইন্দৰ সভাৰ আখৰা কৰি আছিল। যেতিয়া ফেণ্টনে তেওঁৰ মেজিক লেণ্টাৰ্ণ শ্বোৰ হল বুক কৰিবলৈ আহিছিল। ফেণ্টনে তেওঁৰ অভিনয়ক প্ৰশংসা কৰিছিল। এনেকৈ দুয়ো প্ৰেমত পৰিছিল আৰু অৱশেষত বিবাহপাশত আবদ্ধ হৈছিল।২৩ ইয়াৰ পিছত তেওঁ পাৰ্চী নাম মেহেৰবাই গ্ৰহণ কৰে।৪ ইতিমধ্যে তেওঁ হিন্দী আৰু উৰ্দু জানিছিলে। ১৮৭০ৰ দশকত খাটাউৱে তেওঁক সংগীত আৰু অভিনয়ৰ অধিক প্ৰশিক্ষণ দিয়ে।২৩
তেওঁৰ প্ৰতিভা আৰু খাটাউৰ সৈতে থকা সম্পৰ্কৰ বাবেই তেওঁ থিয়েটাৰত এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।২৩ কিন্তু ১৮৭৮ চনত ফেণ্টনৰ থিয়েটাৰত প্ৰৱেশ সন্দৰ্ভত খাটাউ আৰু সম্ৰাজ্ঞী ভিক্টোৰিয়া থিয়েটাৰ কোম্পানীৰ স্বত্বাধিকাৰী জাহাংগীৰ পেষ্টনজী খাম্বাটাৰ মাজত হোৱা বিবাদৰ পিছত খাটাউৱে বম্বে এৰি দিল্লীলৈ যায় আৰু মানেক মাষ্টাৰৰ মালিকানাধীন আলফ্ৰেড থিয়েটাৰ কোম্পানীত যোগদান কৰে যদিও মানেক মাষ্টাৰেও ফেণ্টনৰ বিৰোধিতা কৰে। ফলস্বৰূপে খাটাউৱে ১৮৮১ চনত নিজাকৈ আলফ্ৰেড কোম্পানী আৰম্ভ কৰে, য'ত ফেণ্টনে দীৰ্ঘ আৰু সফল অভিনয় জীৱন অতিক্ৰম কৰিছিল।২৩
পিছলৈ দুয়োৰ এৰাএৰি হৈছিলয তেওঁলোকৰ জাহাংগীৰ নামেৰে এটা পুত্ৰ সন্তান আছিল।২
কৰ্মজীৱন
পাৰ্চী, গুজৰাটী আৰু উৰ্দু থিয়েটাৰৰ তেওঁ প্ৰথমগৰাকী ইংগ-ভাৰতীয় অভিনেত্ৰী। পাৰ্চী থিয়েটাৰত নায়িকা হিচাপে অভিনয় কৰি তেওঁ জনপ্ৰিয় হৈ পৰিছিল।৫ নানাভাই ৰানিনাৰ নাজান ছিৰিন (১৮৮১), বামনজী কাব্ৰাৰ ভোলী গুল (এলেন উডৰ ইংৰাজী উপন্যাস ইষ্ট লিনৰ আধাৰত ৰচিত, ১৮৮২), আগা হাছান অমানতৰ উৰ্দু অপেৰা ইন্দৰ সভা, খাম্বাটাৰ খুদাদাদত (শ্বেক্সপীয়েৰৰ পেৰিক্লিছ, প্ৰিন্স অৱ টাইয়াৰ আধাৰিত, ১৮৯৮) অভিনয় কৰিছিল। গামদে নি গোৰী (১৮৯০),আলাউদ্দিন (১৮৯১),তাৰা খুৰ্ছিদ (১৮৯২),কলিযুগ (১৮৯৫)৬ আৰু কালিদাসৰ সংস্কৃত নাটক শকুন্তলাত অভিনয় কৰিছিল। গোপিচান্দত জোগনৰ চৰিত্ৰত তেওঁ কৰা অভিনয় বহুল প্ৰশংসিত হৈছিল।৭
পিছলৈ তেওঁ ফ্ৰেমজী অপুৰ থিয়েটাৰ কোম্পানীত কাম কৰিছিল আৰু তাৰ পিছতো কেইবাটাও নাট্যদল সলনি কৰিছিল।৭
মেৰী ফেণ্টনৰ মৃত্যু হৈছিল ৪২ বছৰ বয়সত, সম্ভৱতঃ ১৮৯৬ চনত। সেয়েহে তেওঁৰ জন্ম সম্ভৱতঃ ১৮৫৪ চনত হৈছিল আৰু ১৮৭৮ চনত খাটাউক লগ পাইছিল। পাৰ্চী থিয়েটাৰত তেওঁৰ পৰিচয়ে প্ৰাৰম্ভিক যুগত মঞ্চ আৰু নিৰ্বাক চলচ্চিত্ৰত আধিপত্য বিস্তাৰ কৰা বৃহৎ সংখ্যক ইংগ-ভাৰতীয় অভিনেত্ৰীৰ বাবে পথ মুকলি কৰিছিল।৭
জনপ্ৰিয় সংস্কৃতিত
তেওঁৰ আৰু আন এগৰাকী প্ৰাৰম্ভিক যুগৰ অভিনেত্ৰী মেহেৰিন ছাবাৰ জীৱনৰ আধাৰত, নিয়তি ৰাথোৰ ৰচিত, পৰিচালিত আৰু ব্লু ফিডাৰ থিয়েটাৰ প্ৰযোজিত ড্ৰামা কুইন (২০১৮)নামৰ নাটক এখন মঞ্চস্থ কৰা হৈছিল।৮
তথ্যসূত্ৰ
- ↑ Kosambi, Meera. (5 July 2017). Gender, Culture, and Performance: Marathi Theatre and Cinema before Independence. Taylor & Francis. পৃ. 27. ISBN 978-1-351-56590-5
- ↑ Hansen, Kathryn. (1 December 2013). Stages of Life: Indian Theatre Autobiographies. Anthem Press. পৃ. 10, 16, 19, 292, 338. ISBN 978-1-78308-068-7
- ↑ Hansen, Kathryn. (1993). Grounds for Play: The Nautanki Theatre of North India. University of California Press. পৃ. 83. ISBN 978-8173040566
- ↑ Hansen, Kathryn. (1998). Stri Bhumika: Female Impersonators and Actresses on the Parsi Stage. Economic and Political Weekly. পৃ. 2291–2300
- ↑ Trivedi, Poonam; Bartholomeusz, Dennis. (2005). India's Shakespeare: Translation, Interpretation, and Performance. University of Delaware Press. পৃ. 272. ISBN 978-0-87413-881-8
- ↑ Hansen, Kathryn. (17 May 2016). Mapping Melodrama: Global Theatrical Circuits, Parsi Theater, and the Rise of the Social. BioScope: South Asian Screen Studies. পৃ. 1–30
- ↑ Shastri, Dr. Gopal. (1995). પારસી રંગભૂમિ. Sadhna Shastri. পৃ. 139–140
- ↑ Bajeli, Diwan Singh. (8 June 2018). Struggle for acceptance. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী ফেণ্টন” প্ৰবন্ধৰ সংশোধন ৩৭৭৯৮৫ (১৫ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।