মেৰী পুনেন লুকোস (Mary Poonen Lukose; ২ আগষ্ট ১৮৮৬ - ২ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু ভাৰতৰ প্ৰথম মহিলা চাৰ্জন জেনেৰেল।১ তেওঁ নাগৰক'ইলৰ যক্ষ্মা স্বাস্থ্য কেন্দ্ৰ আৰু তিৰুৱনন্তপুৰমৰ এক্স-ৰে আৰু ৰেডিয়াম ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক আছিল, ট্ৰাভাঙ্কোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা বিধায়ক আছিল।১ ভাৰত চৰকাৰ তৰফৰ পৰা ১৯৭৫ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হয়।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৮৮৬ চনৰ ২ আগষ্টত আয়মানামৰ ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ ৰাজকীয় ৰাজ্য ট্ৰেভাংকোৰ (বৰ্তমান কেৰালা)ৰ এক ধনী এংলিকান ছিৰিয়ান খ্ৰীষ্টান পৰিয়ালত মেৰী পুনেনৰ জন্ম হৈছিল, যিখন সৰু গাঁও পাছলৈ দ্য গড অৱ স্মল থিংছ উপন্যাসখনৰ পৰিৱেশ হৈ বিখ্যাত হৈছিল।৩৪৫৬৭ তেওঁৰ পিতৃ টি. ই. পুনেন আছিল এগৰাকী চিকিৎসক, ট্ৰাভাঙ্কোৰৰ প্ৰথম চিকিৎসা স্নাতক আৰু ট্ৰাভাঙ্কোৰ ৰাজ্যৰ ৰাজকীয় চিকিৎসক।১৫ তেওঁৰ মাতৃৰ স্বাস্থ্যজনিত সমস্যা আছিল যাৰ বাবে মেৰীক ব্ৰিটিছ গৱৰ্নেছে ডাঙৰ-দীঘল কৰিছিল। তেওঁ তিৰুৱন্তপুৰমৰ হ'লি এঞ্জেলছ কনভেন্ট হাইস্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু মেট্ৰিক পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছিল। অৱশ্যে, এগৰাকী মহিলা হোৱাৰ বাবে তেওঁক তিৰুৱনন্তপুৰমৰ মহাৰাজ মহাবিদ্যালয় (বৰ্তমানৰ ইউনিভাৰ্চিটি কলেজ তিৰুভন্তপুৰম)ত বিজ্ঞান বিষয়ৰ বাবে নামভৰ্তি কৰিবলৈ দিয়া নহৈছিল আৰু সেয়ে ইতিহাস অধ্যয়ন কৰিবলগীয়া হৈছিল আৰু সেই বিষয়ত ১৯০৯ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল৷
ভাৰতীয় বিশ্ববিদ্যালয়সমূহে মহিলাসকলক চিকিৎসা বিজ্ঞানৰ বাবে নামভৰ্তিৰ সুবিধা নিদিয়াৰ বাবে তেওঁ লণ্ডনলৈ গুচি যায় আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ লাভ কৰে।ডাবলিনৰ ৰটাণ্ডা হাস্পতালৰ পৰা এম আৰ চি অ’ জি (স্ত্ৰীৰোগ আৰু প্ৰসূতি) লাভ কৰি ব্ৰিটেইনত গৈ গ্ৰেট অৰমণ্ড ষ্ট্ৰীট হাস্পতালত শিশু চিকিৎসাৰ উন্নত প্ৰশিক্ষণ লয়।১ পাছলৈ তেওঁ ব্ৰিটেইনৰ বিভিন্ন চিকিৎসালয়ত কাম কৰিছিল আৰু একে সময়তে লণ্ডনৰ সংগীত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সংগীত অধ্যয়ন কৰিছিল।১
তথ্যসূত্ৰ
- ↑ (2015). Mary Poonen Lukose (1886-1976). Stree Shakti
- ↑ (2015). Padma Shri. Padma Shri
- ↑ Jeffrey. (27 July 2016). Politics, Women and Well-Being: How Kerala became 'a Model'. Springer. পৃ. 92–93, 98. ISBN 978-1-349-12252-3
- ↑ K.S. Mohindra, PhD. (2015). Dr. Mary Poonen Lukose. Hektoen International - A Journal of Medical Humanities
- ↑ (2015). The Doctors behind the Poonen Road, Secretariate, Trivandrum. Doctors' Hangout
- ↑ (2015). God of Small Things by Arundhati Roy. Scribbles of Soul
- ↑ Nair, K. Rajasekharan. (July 2002). A Pioneer Medicine-Dr. Mary Poonen Lukose (1886-1976). Samyukta - A Journal of Women's Studies. পৃ. 117–121
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী পুনেন লুকোস” প্ৰবন্ধৰ সংশোধন ৪৮৭৭১৯ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।