অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোৎজাৰ্ট

উল্ফগাং আমাডেউছ মোৎজাৰ্ট (Wolfgang Amadeus Mozart; ২৭ জানুৱাৰী ১৭৫৬ – ৫ ডিচেম্বৰ ১৭৯১) এজন অষ্ট্ৰিয়ান সংগীতজ্ঞ আৰু গীতিকাৰ আছিল। তেওঁ ধ্ৰুপদী যুগৰ অন্যতম মহান সংগীতকাৰ হিচাপে পৰিগণিত। তেওঁৰ সংগীতৰ প্ৰভাৱ পশ্চিমী সংগীতৰ ইতিহাসত গভীৰভাৱে পৰিলক্ষিত হয়। তেওঁ ৮০০ৰো অধিক গীত ৰচনাৰ কৰিছিল।

হালনাগাদ: ২৪ জুলাই ২০২৫ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

উল্ফগাং আমাডেউছ মোৎজাৰ্ট (Wolfgang Amadeus Mozart; ২৭ জানুৱাৰী ১৭৫৬ – ৫ ডিচেম্বৰ ১৭৯১) এজন অষ্ট্ৰিয়ান সংগীতজ্ঞ আৰু গীতিকাৰ আছিল। তেওঁ ধ্ৰুপদী যুগৰ অন্যতম মহান সংগীতকাৰ হিচাপে পৰিগণিত। তেওঁৰ সংগীতৰ প্ৰভাৱ পশ্চিমী সংগীতৰ ইতিহাসত গভীৰভাৱে পৰিলক্ষিত হয়।১ তেওঁ ৮০০ৰো অধিক গীত ৰচনাৰ কৰিছিল। এই ৰচনাসমূহক চিম্ফনিক, কনচাৰ্টেণ্ট, চেম্বাৰ, অপেৰাটিক, আৰু কোৰাল ৰেপাৰ্টৰীৰ শিখৰ হিচাপে স্বীকৃতি দিয়া হয়।

ছালজবাৰ্গত জন্মগ্ৰহণ কৰা মোজাৰ্টে প্ৰাথমিক শৈশৱৰ পৰাই অসাধাৰণ ক্ষমতা দেখুৱাইছিল। পাঁচ বছৰ বয়সত তেওঁ কিবৰ্ড আৰু ভায়লিনত দক্ষ আছিল, আৰু ইউৰোপীয় ৰজাঘৰৰ আগত অনুষ্ঠান পৰিৱেশন কৰিছিল। তেওঁৰ পিতৃ লিওপল্ড মোজাৰ্টে তেওঁক ইউৰোপ ভ্ৰমণলৈ লৈ যায় আৰু তাৰ পিছত ইটালীলৈ তিনিবাৰ ভ্ৰমণ কৰে।২

৩৫ বছৰ বয়সত মৃত্যু হোৱা মোজাৰ্টে জীৱনৰ শেষৰ বছৰবোৰতো বহুতো বিখ্যাত গীত ৰচনা কৰিছিল।

সাংগীতিক অৱদান

মোৎজাৰ্টে প্ৰায় ৮০০ ৰ অধিক সংগীত ৰচনা কৰিছিল। তাৰ ভিতৰত চিম্ফনী, অপেৰা, চেম্বাৰ সংগীত, পিয়ানোৰ কনচাৰ্টো, মাচ আদি অন্তৰ্ভুক্ত আছিল।

তেওঁৰ অতি জনপ্ৰিয় অপেৰাসমূহ হৈছে:

  • The Magic Flute (Die Zauberflöte)
  • Don Giovanni
  • The Marriage of Figaro (Le nozze di Figaro)
  • Così fan tutte

সংগীতশৈলী আৰু বৈশিষ্ট্য

মোৎজাৰ্টৰ সংগীত সুগঠিত, ভাৱনাপূৰ্ণ আৰু সংগীতবিজ্ঞানৰ দৃষ্টিৰে নিখুঁত। তেওঁৰ ৰচনাত সুষমতা, গম্ভীৰতা, আৰু কাব্যিক সৌন্দৰ্য একেলগে প্ৰতিফলিত হয়।

ব্যক্তিগত জীৱন

তেওঁ কনষ্টেন্স মোৎজাৰ্টৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু ৬জন সন্তানৰ পিতৃ হৈছিল, যদিও কেৱল ২ জনেই জীৱিত থাকে। তেওঁ ভিয়েনাত বহুদিন থাকিছিল আৰু তাত সংগীত সৃষ্টি কৰিছিল।

মৃত্যু

৫ ডিচেম্বৰ ১৭৯১ চনত মোৎজাৰ্টৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ Requiem ৰচনা কৰি আছিল। তেওঁৰ মৃত্যুৰ কাৰণ আজিও বিতৰ্কৰ বিষয়।৩

ঐতিহাসিক মূল্যায়ন

মোৎজাৰ্টৰ সংগীত আজিও বিশ্বজুৰি জনপ্ৰিয়। তেওঁক Beethoven, Bach আদিৰ সমকক্ষ বুলি গণ্য কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Wolfgang Amadeus Mozart. Britannica
  2. ↑ Holmes, Edward. (1845). The Life of Mozart
  3. ↑ The Mysterious Death of Mozart. History.com

সম্পৰ্কিত শ্ৰেণী

অষ্ট্ৰিয়াৰ ব্যক্তিসুৰকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৎজাৰ্ট” প্ৰবন্ধৰ সংশোধন ৫২৬৯০০ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।