মৌচুমী হামিদ (ইংৰাজী ভাষা: Mousumi Hamid; জন্ম: ১২ অক্টোবৰ ১৯৮৮)১ এগৰাকী জনপ্ৰিয় বাংলাদেশী অভিনেত্ৰী আৰু মডেল। ২০১০ চনত লাক্স চেনেল আই ছুপাৰষ্টাৰ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপ হোৱাৰ পিছত তেওঁ বিশেষ চৰ্চালৈ আহে।২ ইয়াৰ পিছৰপৰাই তেওঁ কেইবাখনো সফল দূৰদৰ্শন ধাৰাবাহিক যেনে লাভ ৰেক্টএংগেল (ভালবাসাৰ চতুষ্কোণ),৩ ৰেডিঅ' চকলেট আদিত অভিনয় কৰিছে। ২০১৩ চনৰপৰা তেওঁ চলচ্চিত্ৰ জগততো খোজ পেলায় আৰু অনন্য মামুনৰ ব্লেকমেইল (২০১৫), শফি উদ্দিন শফিৰ পূৰ্ণ দৈৰ্ঘ্য প্ৰেম কাহিনী ২ (২০১৫) আৰু শামিম আহমেদ ৰনিৰ মেণ্টেল (২০১৬) আদি ছবিত অভিনয় কৰে।৪
প্ৰাৰম্ভিক জীৱন
মৌচুমী হামিদৰ জন্ম ঢাকাত হৈছিল যদিও তেওঁৰ পূৰ্বপুৰুষৰ বাসস্থান আছিল সাতক্ষীৰা জিলাৰ তালাত। ১৯৮৮ চনত তেওঁৰ জন্ম হয়। বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত হামিদ ব্যৱস্থাপনা অধ্যয়নৰ বাবে খুলনালে যায় আৰু আজম খান কমাৰ্চ কলেজৰপৰা শিক্ষা সমাপ্ত কৰে। শিক্ষা সমাপ্ত কৰি তেওঁ সংবাদ মাধ্যম তথা অভিনয় জগতত কেৰিয়াৰ গঢ়াৰ লক্ষ্যৰে ঢাকালৈ গুচি আহে।৫
কেৰিয়াৰ
টেলিভিছন
২০১০ চনত হামিদে বাংলাদেশৰ ফেশ্বন ভিত্তিক ৰিয়েলিটী শ্ব' লাক্স চেনেল আই ছুপাৰষ্টাৰত অংশগ্ৰহণ কৰি ৰানাৰ্ছ আপ খিতাপ অৰ্জন কৰে। ২০১১ চনত তেওঁ ধাৰাবাহিক ৰশ্নিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ পিছত তেওঁ ৰেডিঅ' চকলেট (২০১২–২০১৩) আৰু ভালবাসাৰ চতুষ্কোণ (২০১৩–বৰ্তমান) আদি জনপ্ৰিয় বাংলাদেশী টিভি অনুষ্ঠানত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰে।৬
চলচ্চিত্ৰ
২০১৩ চনত মুক্তি পোৱা না মানুষ ছবিৰ জৰিয়তে মৌচুমী হামিদে বাংলাদেশী চলচ্চিত্ৰ জগতত অভিষেক ঘটায়।৭ অৱশ্যে ২০১৪ চনত মুক্তি পোৱা হাডছনৰ বন্দুক ছবিৰ জৰিয়তেহে তেওঁ মূলসুঁতিৰ ছবিত প্ৰতিষ্ঠা লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ অনিচুৰ ৰহমান মিলনৰ বিপৰীতে ব্লেকমেইল ছবিখনত অভিনয় কৰে।৮ তদুপৰি ছাকিব খান, জয়া আহছান আৰু ইমনৰ সৈতে পূৰ্ণ দৈৰ্ঘ্য প্ৰেম কাহিনী ২ নামৰ সফল ছবিখনতো তেওঁক দেখা গৈছিল। ইয়াৰ উপৰি তেওঁ মেণ্টেল নামৰ ছবিখনত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছে।৯১০
ব্যক্তিগত জীৱন
২০২৪ চনৰ জানুৱাৰী মাহত মৌচুমী হামিদে আবু ছাইদ ৰানাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১১
তথ্যসূত্ৰ
- ↑ bn:৪ অভিনেত্ৰীৰ জন্মদিন আজ. Jugantor
- ↑ (30 May 2018). Moushumi Hamid: All set for challenges. The Daily Star
- ↑ Bhalobashar Chotushkon" on ntv today. The Daily Star
- ↑ Moushumi Hamid in Purno Doirgho Prem Kahini 2. The Daily Observer
- ↑ Moushumi Hamid in item song. Bangladesh Today
- ↑ Moushumi Hamid on full throttle. The Daily Star
- ↑ আলম, মনজুৰুল. (2024-12-15). যোগ্যতা নিয়ে অযোগ্য হয়ে গেলাম: মৌসুমী হামিদ. Prothomalo
- ↑ I prefer playing action and romantic roles… Milon. The Daily Star
- ↑ Moushumi Hamid thinks big. The Daily Star
- ↑ Mousumi Hamid has her hands full with films. The Independent
- ↑ (2024-01-12). Actress Moushumi Hamid to tie the knot on Friday. Dhaka Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌচুমী হামিদ” প্ৰবন্ধৰ সংশোধন ৬০৩৫৯৭ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।