অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৈথেলী শিৱৰমণ

মৈথিলী শিৱৰমণ (Mythili Shivaraman) সৰ্বভাৰতীয় মহিলা সন্মিলন সহ-প্ৰতিষ্ঠাপক আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নেত্ৰী আছিল। তেওঁৰ লেখা আৰু সক্ৰিয়তাৰ জৰিয়তে তেওঁ ১৯৬৮ চনৰ কীজভেনমানী হত্যাকাণ্ড আৰু ১৯৯২ চনৰ ভাচাটি গণ ধৰ্ষণৰ গোচৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মৈথিলী শিৱৰমণ (Mythili Shivaraman) সৰ্বভাৰতীয় মহিলা সন্মিলন সহ-প্ৰতিষ্ঠাপক আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নেত্ৰী আছিল।১২

তেওঁৰ লেখা আৰু সক্ৰিয়তাৰ জৰিয়তে তেওঁ ১৯৬৮ চনৰ কীজভেনমানী হত্যাকাণ্ড আৰু ১৯৯২ চনৰ ভাচাটি গণ ধৰ্ষণৰ গোচৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল।৩৪

বিশেষকৈ বঞ্চিত সম্প্ৰদায়ৰ মহিলাসকলৰ মহিলা সবলীকৰণ, ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক সক্ৰিয়তাক আগুৱাই নিয়াৰ প্ৰচেষ্টাসমূহৰ তেওঁ নেতৃত্ব দিছিল। তেওঁ ইকনমিক এণ্ড পলিটিকেল উইকলিৰ অৱদানকাৰী আছিল, আৰু মেইনষ্ট্ৰিম আৰু ৰেডিকেল ৰিভিউকে ধৰি প্ৰকাশনসমূহৰ বাবে লিখিছিল।

১৯৩৯ চনৰ ১৪ ডিচেম্বৰত বৰ্তমান ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ কাকিনাডাত শিৱৰমনৰ জন্ম হৈছিল।২আমেৰিকাৰ চিৰাকিউজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ উচ্চ শিক্ষা সম্পূৰ্ণ কৰে।৪তেওঁ ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনত গৱেষণা সহায়িকা হিচাপে কাম কৰিছিল (১৯৬৬ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত)।৫এই সময়ছোৱাত তেওঁ অ-স্বায়ত্ব-শাসিত ভূখণ্ডৰ সৈতে জড়িত গৱেষণাৰ সৈতে কাম কৰিছিল। তেওঁ ভিয়েটনাম বিৰোধী যুদ্ধ আন্দোলনতো অংশ লৈছিল। ৰাষ্ট্ৰসংঘত কাৰ্যকালৰ শেষত তেওঁ বাওঁপন্থীৰ সৈতে কাম কৰিবলৈ ভাৰতলৈ উভতি যায় আৰু ভাৰতৰ তামিলনাডু ৰাজ্যৰ মহিলাসকলৰ সৈতে কাম কৰা এগৰাকী ট্ৰেড ইউনিয়ন সংগঠক আৰু মহিলা অধিকাৰ কৰ্মী হয়।৪

ব্যক্তিগত জীৱন

শিৱৰমণৰ কৰুণাকৰনৰ সৈতে বিবাহ হৈছিল। দম্পতীটোৰ এগৰাকী কন্যা সন্তান আছিল।৬ মৃত্যুৰ পূৰ্বে দহ বছৰতকৈও অধিক সময় তেওঁ এলঝেইমাৰ ৰোগত আক্ৰান্ত হৈছিল।৭ ২০২১ চনৰ ৩০ মে'ত ক'ভিড-১৯ত আক্ৰান্ত হৈ ৮১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৮

তথ্যসূত্ৰ

  1. ↑ (30 May 2021). CPM leader Mythily Sivaraman dies in Chennai. Shanmughasundaram J. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Karthick. மா.கம்யூனிஸ்ட் கட்சியின் மூத்த தலைவர் மைதிலி சிவராமன் கொரோனாவால் உயிரிழப்பு. Puthiyathalaimurai
  3. ↑ (30 May 2021). Marxist leader Mythily Sivaraman passes away at 81 due to COVID-19. The Hindu
  4. ↑ (30 May 2021). CPI(M) Leader Mythily Sivaraman, a Crusader of Women's and Workers' Rights, Passes Away. NewsClick
  5. ↑ Daily, Keralakaumudi. CPM leader Mythili Sivaraman passes away. Keralakaumudi Daily
  6. ↑ (30 May 2021). CPI(M) leader Mythili Sivaraman passes away in Chennai. The News Minute
  7. ↑ Correspondent, Special. (2021-05-30). Marxist leader Mythily Sivaraman passes away at 81 due to COVID-19. The Hindu
  8. ↑ (30 May 2021). Marxist leader Mythily Sivaraman passes away at 81 due to COVID-19. The Hindu

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৈথেলী শিৱৰমণ” প্ৰবন্ধৰ সংশোধন ৪৮১৯৪৯ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।