মায়ে জুডিথ (মৃত্যু ১৯৪০) আছিল এগৰাকী পশ্চিম আফ্ৰিকীয় দাসী যাক ব্ৰাজিললৈ লৈ যোৱা হৈছিল। ব্ৰাজিলত তেওঁ এগৰাকী মায়ে-ডি-চেণ্টো (ধৰ্মীয় যাজিকা) হৈ পৰে আৰু আফ্ৰো-ব্ৰাজিলিয়ান ধৰ্ম 'কেণ্ডম্বলে'ৰ সৈতে জড়িত হয়। তেওঁ চাও গোন্সালো ডচ কেম্পোচত অৱস্থিত টেৰেইৰো আগাঞ্জু ডিডে নামৰ উপাসনা স্থলীৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম 'মাদাৰ চেইণ্ট' আছিল। তেওঁক জুডিথ ফেৰেইৰা ড’ চেক্ৰামেণ্টো আৰু গাৰ্ল অফ চাংগো নামেৰেও জনা গৈছিল।
জীৱন
মায়ে জুডিথৰ জন্ম পশ্চিম আফ্ৰিকাত হৈছিল আৰু তেওঁৰ জন্মৰ তাৰিখ অজ্ঞাত। শৈশৱতে তেওঁক বন্দী কৰি এখন দাস জাহাজৰ জৰিয়তে ব্ৰাজিললৈ লৈ যোৱা হৈছিল।১ তেওঁক জোয়াও ডা লামা নামৰ এজন ব্যক্তিয়ে ব্ৰাজিলৰ দাসত্বৰ পৰা উদ্ধাৰ কৰিছিল। জোয়াওক তেওঁৰ আধ্যাত্মিক পৰামৰ্শদাতা 'চাংগো'ৱে জুডিথৰ আগমনৰ কথা জনাইছিল আৰু তেওঁক উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিছিল।২
১৯১৩ চনত মায়ে জুডিথে টেৰেইৰো আগাঞ্জু ডিডে উপাসনা স্থলীটো প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ প্ৰথমগৰাকী মায়ে-ডি-চেণ্টো বা যাজিকা হিচাপে কাৰ্যনিৰ্বাহ কৰে।৩ এই 'টেৰেইৰো'টো চাও গোন্সালো ডচ কেম্পোচৰ ২১ হেক্টৰ মাটিৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।১৪ মায়ে জুডিথে ইউনিয়ন ফেক্টৰী কোম্পানী অফ বাহিয়াৰ পৰা এই মাটিৰ দস্তাবেজ ক্ৰয় কৰিছিল।৫৬ সেই অঞ্চলটোত আফ্ৰিকীয় মূলৰ দাসসকলৰ বংশধৰ আৰু আফ্ৰো-ব্ৰাজিলিয়ান ধৰ্ম বিশ্বাস কৰা লোকসকলৰ ঘন বসতি আছিল।৭
প্ৰতিষ্ঠাৰ কালৰে পৰা মায়ে জুডিথৰ এই উপাসনা স্থলী ধৰ্মীয় সম্প্ৰদায় আৰু নাগো টেডো জাতিৰ দ্বাৰা পৰিচালিত হৈ আহিছে।৪ ইয়াক "বাহিয়া ৰাজ্যৰ অমূৰ্ত ঐতিহ্য" হিচাপে স্বীকৃতি দিয়া হৈছে আৰু ই বাহিয়াৰ শৈল্পিক আৰু সাংস্কৃতিক ঐতিহ্য প্ৰতিষ্ঠান (IPAC) দ্বাৰা সংৰক্ষিত।৮ অৱশ্যে, ২০১৯ চনৰ ফেব্ৰুৱাৰীত সেই মাটিৰ গৰাকী বুলি দাবী কৰা এটা কাগজ কলৰ নিৰাপত্তাৰক্ষী আৰু তিনিজন সশস্ত্ৰ ব্যক্তিয়ে এই স্থানটো দখল কৰিবলৈ চেষ্টা কৰিছিল।৮
মায়ে জুডিথে নাগৰিকত্ব আৰু ধৰ্মীয় স্বাধীনতাৰ অধিকাৰৰ দাবী উত্থাপন কৰাত সক্ৰিয় ভূমিকা পালন কৰিছিল। সেই সময়ৰ স্থানীয় কেথলিক খ্ৰীষ্টান বাতৰি কাকত 'এ অৰ্ডেম'-এ তেওঁৰ বিৰুদ্ধে নেতিবাচক বাতৰি প্ৰকাশ কৰিছিল।৬৯ ১৯৪০ চনত ব্ৰাজিলৰ কাচোৱেইৰাত মৃত্যু হোৱাৰ আগমুহূৰ্তলৈকে তেওঁ এই ধৰ্মীয় সম্প্ৰদায়ৰ নেতৃত্ব দিছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ভতিজাক মাৰ্কাচে সেই দায়িত্ব গ্ৰহণ কৰে।৯
তথ্যসূত্ৰ
- ↑ Lobo, Graça; Filho, Antonio Roberto Pellegrino. (2015). Terreiros de candomblé de Cachoeira e São Félix. Fundação Pedro Calmon. পৃ. 95, 166
- ↑ Terreiro Ilê Axé Icimimó Aganju Didé. Cachoeira. (in Brazilian Portugese). Retrieved 11 March 2026
- ↑ mãe de santo. Dicionário Caldas Aulete
- ↑ Oliveira Seixas, Marília Flores. (2022). SAÚDE, EPISTEMOLOGIA E RELIGIÃO: A RESISTÊNCIA POLÍTICA E CULTURAL NAS NARRATIVAS DE ORIGEM DO TERREIRO ICIMIMÓ (CACHOEIRA, BA) M. Colóquio Nacional e Colóquio Internacional do Museu Pedagógico da UESB. পৃ. 2748–2749
- ↑ Mãe Judith e a resistência legal - Políticas locais e religiosidade afro-baiana: Repressão e es. 1library.org
- ↑ (2021-11-19). Formas de expressão e lugares reconhecidos como patrimônio imaterial. Leiamaisba
- ↑ Xavier, Vinicius. (2024-02-26). Ilê Axé Icimimó. FotoDoc
- ↑ Bernardes, Thais; Mota, Tilson Nunes. (2019-03-10). Empresa de papel e celulose ameaça retirar terras de terreiro de Candomblé centenário na Bahia. Noticia Preta - NP
- ↑ Santos, Edmar Ferreira. (2009-01-01). O poder dos candomblés: perseguição e resistência no Recôncavo da Bahia. SciELO - EDUFBA. ISBN 978-85-232-0896-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়ে জুডিথ” প্ৰবন্ধৰ সংশোধন ৬০২৬০১ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।