অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মালতী মুৰ্মু

মালতী মুৰ্মু (ইংৰাজী: Malati Murmu; ১১ ফেব্ৰুৱাৰী ১৯৭৫ – ৩১ ডিচেম্বৰ ২০২৫) এগৰাকী ভাৰতীয় সাংবাদিক আৰু ভাষা কৰ্মী আছিল। তেওঁ মূলতঃ অল চিকি লিপি ব্যৱহাৰ কৰি চাঁওতালি ভাষাত প্ৰকাশিত মাহেকীয়া বাতৰি কাকত 'ফাগুন'ৰ সম্পাদিকা আৰু প্ৰকাশক হিচাপে পৰিচিত।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ২৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মালতী মুৰ্মু (ইংৰাজী ভাষা: Malati Murmu; ১১ ফেব্ৰুৱাৰী ১৯৭৫ – ৩১ ডিচেম্বৰ ২০২৫) এগৰাকী ভাৰতীয় সাংবাদিক আৰু ভাষা কৰ্মী আছিল। তেওঁ মূলতঃ অল চিকি লিপি ব্যৱহাৰ কৰি চাঁওতালি ভাষাত প্ৰকাশিত মাহেকীয়া বাতৰি কাকত 'ফাগুন'ৰ সম্পাদিকা আৰু প্ৰকাশক হিচাপে পৰিচিত। ছপা মাধ্যমৰ জৰিয়তে চাঁওতালি ভাষা আৰু সাহিত্যৰ সংৰক্ষণ তথা প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বহুলভাৱে স্বীকৃতি দিয়া হয়।১

প্ৰাৰম্ভিক জীৱন

মালতী মুৰ্মু ওড়িশাৰ চাঁওতাল সম্প্ৰদায়ৰ আছিল। ময়ূৰভঞ্জ জিলাৰ কুলিয়ানা ব্লকৰ গয়ালকাটা গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল মংগল মুৰ্মু আৰু মাতৃ শৰ্মা (সুৰুকুনি মুৰ্মু নামেৰেও পৰিচিত)। সাংবাদিকতা আৰু প্ৰকাশনৰ জৰিয়তে তেওঁ চাঁওতালি ভাষাৰ আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল, য’ত তেওঁৰ মূল লক্ষ্য আছিল খিলঞ্জীয়া ভাষাৰ সংবাদ মাধ্যম আৰু অল চিকি লিপিৰ উত্তৰণ।১

কৰ্মজীৱন

'ফাগুন' বাতৰি কাকত

'ফাগুন' ২০০৮ চনৰ এপ্ৰিল মাহত অল চিকি লিপিত মুদ্ৰিত আৰু ওড়িশাৰ ভুৱনেশ্বৰৰপৰা প্ৰকাশিত চাঁওতালি ভাষাৰ এখন মাহেকীয়া বাতৰি কাকত হিচাপে মুকলি কৰা হৈছিল। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰেছ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ ওচৰত বাতৰি কাকতখন পঞ্জীয়ন কৰা হয়।২

মালতী মুৰ্মুৱে 'ফাগুন'ৰ সম্পাদিকা হিচাপে কাম কৰিছিল আৰু তেওঁৰ পৰিয়ালটো ইয়াৰ প্ৰতিষ্ঠা তথা প্ৰকাশনৰ সৈতে জড়িত আছিল। এই বাতৰি কাকতখন ভাৰতৰ কেইখনমান চাঁওতালি ভাষাৰ বাতৰি কাকতৰ ভিতৰত অন্যতম হিচাপে বৰ্ণনা কৰা হৈছে আৰু ই বিভিন্ন ৰাজ্যত বিয়পি থকা চাঁওতাল সম্প্ৰদায়ৰ মাজত চাঁওতালি সাহিত্য, সংস্কৃতি আৰু সামাজিক সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।১

ভাষা আৰু সাংস্কৃতিক ওকালতি

'ফাগুন'ৰ সম্পাদিকা হিচাপে মুৰ্মুৱে শিক্ষা আৰু ৰাজহুৱা জীৱনত চাঁওতালি ভাষাৰ ব্যৱহাৰৰ স্বীকৃতি আৰু সম্প্ৰসাৰণৰ বাবে সক্ৰিয়ভাৱে ওকালতি কৰিছিল। ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰা এটা চাঁওতালি ভাষাৰ সংবাদ মাধ্যমৰ প্ৰতিনিধি দলৰ অংশ আছিল, য’ত তেওঁ 'ফাগুন'ৰ সম্পাদিকা আৰু প্ৰকাশক হিচাপে অংশগ্ৰহণ কৰিছিল।৩

স্বীকৃতি

'ফাগুন'ৰ জৰিয়তে কৰা মুৰ্মুৰ কামে জনজাতীয় সাংবাদিকতা আৰু অল চিকি লিপিৰ সংৰক্ষণত অৰিহণা যোগোৱাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিছিল। এগৰাকী সম্পাদিকা আৰু ভাষা কৰ্মী হিচাপে তেওঁৰ ভূমিকাক ভাৰতৰ খিলঞ্জীয়া ভাষা সংৰক্ষণৰ ওপৰত আলোকপাত কৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্বসহকাৰে প্ৰচাৰ কৰা হৈছিল।১

বঁটাসমূহ

  • টেকনো ইণ্ডিয়া গ্ৰুপৰপৰা মানৱী বঁটা (২০২৩)।১
  • দ্য টেলিগ্ৰাফৰ ইনফোকম–এডভাণ্টেজৰদ্বাৰা ট্ৰু লিজেণ্ডছ বঁটা (২০১৬)।৪
  • অল ইণ্ডিয়া স্মল এণ্ড মিডিয়াম নিউজপেপাৰ এডিটৰ কাউন্সিল ওড়িশাৰদ্বাৰা এক্সেলেন্স বঁটা (২০১০)৫
  • পশ্চিম বংগৰ ঝাৰগ্ৰামৰ মাৰ্শ্বাল গাঁওটাৰদ্বাৰা মাৰ্শ্বাল গাঁওটা বঁটা (২০১৫)৫

ব্যক্তিগত জীৱন

মালতী মুৰ্মু মংগৎ মুৰ্মুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, যি 'ফাগুন' প্ৰতিষ্ঠা আৰু পৰিচালনাৰ সৈতে জড়িত আছিল। তেওঁ ওড়িশাৰ ভুৱনেশ্বৰত অৱস্থিত চাঁওতালি সাহিত্য সংস্থা 'চাঁওতালি চাওঁহেদ আখাড়া'ৰ সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৬ ৭৮

মৃত্যু

২০২৫ চনৰ ৩১ ডিচেম্বৰত ওড়িশাৰ ভুৱনেশ্বৰত মালতী মুৰ্মুৰ মৃত্যু হয়। আঞ্চলিক সংবাদ মাধ্যমে চাঁওতালি সাংবাদিকতা আৰু খিলঞ্জীয়া ভাষাৰ বিকাশত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰে।৯১০

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (25 December 2025). The Telegraph brings you the editor of the only Santhali newspaper printed in Ol Chiki. The Telegraph
  2. ↑ Registration details for periodical on Press Registrar General of India. Press Registrar General of India. Government of India
  3. ↑ (25 October 2023). The President of India meeting with Santali language representatives. Rashtrapati Bhavan
  4. ↑ (26 December 2016). Honour for True Legends. The Telegraph (Odisha)
  5. ↑ (6 September 2021). Fagun: India’s only Santhali newspaper giving a fresh lease of life to tribal language & culture. 30Stades
  6. ↑ (23 January 2025). Santali language inclusion in curriculum demanded. Orissa Post
  7. ↑ (18 December 2022). Santali book stall opens at book fair. Orissa Post
  8. ↑ (18 December 2025). Ol Chiki Santali literature stall draws attention at Odisha State Book Fair. Press Trust of India
  9. ↑ (1 January 2026). Santali journalist Malati Murmu passes away. Prameya News
  10. ↑ (31 December 2025). Santali language champion Malati Murmu passes away at 51. Argus News

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকচাঁওতালি লেখিকালেখিকাভাৰতীয় সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালতী মুৰ্মু” প্ৰবন্ধৰ সংশোধন ৬০২৬০২ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।