অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মালবিকা সভাৰৱাল

ডাঃ মালবিকা সভাৰৱাল (Malvika Sabharwal) এপ’ল’ হেল্থকেয়াৰ গ্ৰুপৰ নোভা স্পেচিয়েলিটি হাস্পতাল আৰু নতুন দিল্লীৰ জীৱন মালা হাস্পতালৰ এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, লেপাৰ’স্কপিক চাৰ্জন আৰু প্ৰসূতি বিশেষজ্ঞ।

হালনাগাদ: ৭ জুলাই ২০২৬ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

ডাঃ মালবিকা সভাৰৱাল (Malvika Sabharwal) এপ’ল’ হেল্থকেয়াৰ গ্ৰুপৰ নোভা স্পেচিয়েলিটি হাস্পতাল আৰু নতুন দিল্লীৰ জীৱন মালা হাস্পতালৰ এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, লেপাৰ’স্কপিক চাৰ্জন আৰু প্ৰসূতি বিশেষজ্ঞ।১২৩ লেপাৰ’স্কপিক অস্ত্ৰোপচাৰৰ জৰিয়তে ৰেকৰ্ড কৰা আটাইতকৈ ডাঙৰ ফাইব্ৰইডটো আঁতৰোৱাৰ সফল প্ৰদৰ্শনৰ বাবে তেওঁৰ নেতৃত্বত গঠিত দলটোৱে কৃতিত্ব লাভ কৰিছে।৪ তেওঁ গাইনোকোলজি সম্পৰ্কীয় এণ্ডোস্কোপিক অস্ত্ৰোপচাৰৰ সৈতে জড়িত ১৪০জন চিকিৎসকৰ দল গাইনি এণ্ডোস্কোপিক নেতৃত্ব দিয়ে।৫

সভাৰৱালে লেডী হাৰ্ডিং মেডিকেল কলেজৰ পৰা মেডিচিন (এম বি বি এছ) স্নাতক ডিগ্ৰী লাভ কৰি একেখন প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ প্ৰমাণপত্ৰ (ডি জি অ’) লাভ কৰাৰ পিছত নেদাৰলেণ্ডৰ হাৰলেমৰ ৱামষ্টেকাৰৰ অধীনত হিষ্টেৰ’স্কপি আৰু ব্ৰিটেইনৰ ৰয়েল ফ্ৰী হস্পিতালৰ এডাম মেগছৰ অধীনত লেপাৰ’স্কপিৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।৬ ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ গাইনেক’লজিকেল এণ্ড’স্কপিষ্ট, ইণ্ডিয়ান ফাৰ্টিলিটি ছ’চাইটি, ইণ্ডিয়ান মেনোপ’জেল ছ’চাইটি, ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ এণ্ড’স্ক’পিক চাৰ্জন, ইণ্টাৰনেশ্যনেল ছ’চাইটি অৱ গাইনেক’লজিকেল এণ্ড’স্কপি, গেছলেছ ইণ্টাৰনেশ্যনেল, এছ’চিয়েশ্যন অৱ অব্ষ্টেট্ৰিক্স এণ্ড গাইনেক’লজী, এছ’চিয়েশ্যন অৱ এণ্ড’স্ক’পিক চাৰ্জনছ অৱ ইণ্ডিয়াৰ দৰে কেইবাটাও চিকিৎসা সংস্থাৰ সদস্য হিচাপে কেইবাটাও বক্তৃতা আৰু মূল ভাষণ প্ৰদান কৰিছে।৭ তেওঁ মহিলা, শিশু আৰু কৰ্মচাৰীসকলৰ বাবে কেইবাটাও বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ বাবেও জনাজাত।৮ চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০৮ চনত তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৯

তথ্যসূত্ৰ

  1. ↑ (7 February 2014). Fight cervical cancer through prevention and early detection. Alive
  2. ↑ (2016). On Sehat. Sehat
  3. ↑ Dr.Malvika Sabharwal - Book Appointment Online, View Fees, Feedbacks| Timesmed
  4. ↑ (27 October 2010). Delhi doctors remove world's largest fibroid. Times of India
  5. ↑ (2016). About Gynae Endoscopy. Gynae Endoscopy
  6. ↑ (2016). Dr. Malvika Sabharwal on Practo. Practo
  7. ↑ (2016). Sabharwal on Credi Health. Credi Health
  8. ↑ (2016). Medical Tourism profile. Medical Tourism
  9. ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালবিকা সভাৰৱাল” প্ৰবন্ধৰ সংশোধন ৬১৬১০৫ (৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।