অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মালবিকা ৱেলছ

মালবিকা ৱেলছ (Malavika Wales) হৈছে এগৰাকী ভাৰতীয় ছবি আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেখেত ভাৰতীয় ধ্ৰুপদী নৃত্যৰো এগৰাকী পৰিৱেশনকাৰী, শিল্পী। মালবিকাই থিড়িচ্ছুৰৰ এটা মালায়ালম পৰিয়ালত জন্মগ্ৰহণ কৰে। তেখেতৰ অভিনয়শিল্পৰ অভিষেক ঘটে 'মালাড়ভাড়ী আৰ্টছ ক্লাব'ৰ জৰিয়তে।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৪ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মালবিকা ৱেলছ (Malavika Wales) হৈছে এগৰাকী ভাৰতীয় ছবি আৰু দূৰদৰ্শনৰ অভিনেত্ৰী। তেখেত ভাৰতীয় ধ্ৰুপদী নৃত্যৰো এগৰাকী পৰিৱেশনকাৰী, শিল্পী।১ মালবিকাই থিড়িচ্ছুৰৰ এটা মালায়ালম পৰিয়ালত জন্মগ্ৰহণ কৰে। তেখেতৰ অভিনয়শিল্পৰ অভিষেক ঘটে 'মালাড়ভাড়ী আৰ্টছ ক্লাব'ৰ জৰিয়তে।২৩ 'মাঝভীল মনোৰমা'ৰ যোগেদি প্ৰচাৰিত হোৱা 'পুন্নমবিলি' নামৰ টেলিভিছন চিৰিজটোত 'পন্নু' নামৰ চৰিত্ৰটোত তেখেতে আগবঢ়োৱা প্ৰশংসনীয় অভিনয়ৰ বাবে তেখেতে দৰ্শকসমাজৰ পৰা সমাদৰ লাভ কৰে।

ব্যক্তিগত জীৱন

মালবিকাৰ পিতৃ হৈছে থিড়িচ্ছুৰৰ নিবাসী পি.জি. ৱেলছ আনহাতে মাতৃৰ নাম সুদিনা ৱেলছ। মিথুন ৱেলছ তেখেতৰ জ্যেষ্ঠ ভ্ৰাতৃ। থিড়িচ্ছুৰত থকা হৰি শ্ৰী বিদ্যা নিধী স্কুলৰ পৰা তেখেতে পঢ়াশালীয়া শিক্ষা সমাপ্ত কৰে। পৰৱৰ্তী সময়ত তেখেতে অনুপম খেৰৰ 'এক্টৰ প্ৰিপেয়াৰেছন'ত নামভৰ্তি কৰে। এইখনি শিক্ষানুষ্ঠানৰ পৰাই তেখেতে অভিনয়ত ডিপ্লমা লাভ কৰে।২ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে।১

৬ বছৰ বয়সতে মালবিকাই নৃত্যৰ শিক্ষা পাতনি মেলে। তাৰ ঠিক তিনিটা বছৰৰ পিছত মালবিকাই গুৰুভায়ুৰ শ্ৰীকৃষ্ণ মন্দিৰত 'এৰেংগটৰাম' (মঞ্চত অভিষেক) লাভ কৰে।৪ মালবিকাই কালামন্দলাম শ্বেমাভাথি, কালামন্দলাম প্ৰসন্ন উন্নীৰ দৰে প্ৰসিদ্ধ শিক্ষাগুৰুৰ অধীনত নৃত্যশিক্ষা গ্ৰহণ কৰিছিল। তেখেত ভাৰতনাট্যম, মোহিনীঅট্টম আৰু কুচিপুড়ি নৃত্যত প্ৰশিক্ষণ লাভ কৰিছে।১

কৰ্মজীৱন

জলচয়ম বঁটা-প্ৰদান অনুষ্ঠানত বক্তৃতা প্ৰদানৰ মুহূৰ্তত মালবিকা
জলচয়ম বঁটা-প্ৰদান অনুষ্ঠানত বক্তৃতা প্ৰদানৰ মুহূৰ্তত মালবিকাছবি: Sathish kalathil · CC BY-SA 4.0

২০০৯ চনত মালবিকাই মিছ কেৰালা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ষোল্ল বছৰ বয়সীয়া মালবিকা আছিল প্ৰতিযোগিতাৰ সৰ্বকনিষ্ঠ প্ৰতিযোগী। তেখেতে তৃতীয় ৰাউণ্ডলৈকে আগুৱাই যায় আৰু 'মিছ বিউটিফুল আইছ'ৰ সন্মান লাভ কৰে।১ পৰৱৰ্তী সময়ত বিনিথ শ্ৰীনিবাসনে তেখেতৰ ফটো দেখা পায় আৰু 'মালাৰভাড়ী আৰ্টছ ক্লাৱ'ৰ এটা চৰিত্ৰৰ বাবে অদিছ্যন লয়।

'মালাৰভাড়ী আৰ্টছ ক্লাৱ' তেখেতৰ প্ৰথমটো অভিনয়-কৰ্ম আছিল যদিও তেখেতে লেনিন ৰাজেন্দ্ৰনৰ 'মকড়মঞ্জু'ত ইয়াৰ পূৰ্বতে অভিনয় কৰিছে। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই তেখেতে লেনিনৰ 'আঈশা' নামৰ তথ্যচিত্ৰত অভিনয় কৰে।১ থিলাক্কাম নামৰ মালায়ালম ছবিখনৰ কানাড়া ৰিমেক 'নান্দিশা'ত মালবিকাই কাব্য মাধৱনৰ চৰিত্ৰটোক পুনৰ-অভিনয় কৰে।৫ পৰৱৰ্তী সময়ত তেখেতে 'মাই ফেন ৰামু'ত অভিনয় কৰে। পৰৱৰ্তী সময়ত তেখেতে 'আট্টাকথা'ত (২০১৩) অভিনয় কৰে।৫

মালবিকাই অভিনয় কৰা প্ৰথমখন তামিল ছবি আছিল 'এন্না ছটম ইন্ধ নীৰম'। এইখন ছবিত তেখেতে এগৰাকী শিক্ষয়িত্ৰীৰ চৰিত্ৰ ৰূপায়ণ কৰে।৬ তেখেতৰ প্ৰথমখন তেলেগু ভাষাৰ ছবি হৈছে ধৰী। এইখন ছবি আছিল ত্ৰিকোণীয় প্ৰেম কাহিনী। ছবিখনৰ পৰিচালক আছিল শ্ৰীনিৱাস। ছবিখনত বিষ্ণু আৰু পৰমেশ্বৰে অভিনয় কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ছবিখনে মুক্তিৰ মুখ নেদেখিলে।৫ মালবিকাই দুখন তামিল ভাষাৰ ছবিতো কাম কৰিছে। এখন হৈছে পৰিচালক আঝাগু ছেলভাৰ 'আঝাগুমাগন'। এইখন ছবিখনৰ কাম প্ৰায় ছবছৰৰ বাবে স্থগিত কৰোৱা হৈছিল আৰু অৱশেষত ২০১৮ চনত ছবিখন মুক্তি দিয়া হয়। আনখন ছবি 'আৰাছুভাই আৰাছন' বক্স অফিচত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে।৪

তথ্যসূত্ৰ

  1. ↑ Nayar, Parvathy S. (2011-06-11). Malavika Wales and her love for dance. The New Indian Express
  2. ↑ Malavika Wales: God save you from Rajasenan’s ire!. Times of India
  3. ↑ Malavika Wales and her love for dance. Express Buzz
  4. ↑ (2011-02-28). Kerala / Thrissur News: Actor to present Bharathanatyam. The Hindu
  5. ↑ Parvathy S Nayar, TNN. (2012-07-18). Malavika reprises Kavya's role in her next! - Times Of India. Articles.timesofindia.indiatimes.com
  6. ↑ Archived copy

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালবিকা ৱেলছ” প্ৰবন্ধৰ সংশোধন ৪০৩৫৩৭ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।