অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মালা সেন

মালা সেন (Mala Sen, ৩ জুন ১৯৪৭ – ২১ মে' ২০১১) এগৰাকী বঙালী-ভাৰতীয়-ব্ৰিটিছ সাহিত্যিক আৰু মানৱ অধিকাৰ কৰ্মী আছিল। এগৰাকী কৰ্মী হিচাপে তেওঁ ১৯৬০ আৰু ১৯৭০ চনৰ সময়ছোৱাত লণ্ডনত নাগৰিক অধিকাৰ সক্ৰিয়তা আৰু জাতি সম্পৰ্কৰ দিশত কৰা কামৰ বাবে পৰিচিত আছিল৷ এয়া তেওঁৰ ব্ৰিটিছ এছিয়ান আৰু ব্ৰিটিছ ব্লেক পেন্থাৰ…

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মালা সেন (Mala Sen, ৩ জুন ১৯৪৭ – ২১ মে' ২০১১) এগৰাকী বঙালী-ভাৰতীয়-ব্ৰিটিছ সাহিত্যিক আৰু মানৱ অধিকাৰ কৰ্মী আছিল। এগৰাকী কৰ্মী হিচাপে তেওঁ ১৯৬০ আৰু ১৯৭০ চনৰ সময়ছোৱাত লণ্ডনত নাগৰিক অধিকাৰ সক্ৰিয়তা আৰু জাতি সম্পৰ্কৰ দিশত কৰা কামৰ বাবে পৰিচিত আছিল৷ এয়া তেওঁৰ ব্ৰিটিছ এছিয়ান আৰু ব্ৰিটিছ ব্লেক পেন্থাৰ আন্দোলনৰ অংশ আছিল১। পিছলৈ তেওঁ ভাৰতত নাৰী অধিকাৰৰ দিশত সক্ৰিয় হৈ পৰে। লেখিকা হিচাপে তেওঁ ১৯৯৪ চনত নিৰ্মিত প্ৰশংসিত ছবি বেণ্ডিত কুইনৰ আধাৰ গ্ৰন্থ ‘ইণ্ডিয়াছ বেণ্ডিট কুইন: দ্য ট্ৰু ষ্ট’ৰী অৱ ফুলন দেৱী’ৰ বাবে পৰিচিত আছিল। ভাৰতৰ গ্ৰাম্য অঞ্চলৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ দিশত গৱেষণা কৰাৰ পিছত তেওঁ ২০০২ চনত ডেথ বাই ফায়াৰ (Death by Fire) গ্ৰন্থখন প্ৰকাশ কৰে।২৩

১৯৪৭ চনৰ ৩ জুনত উত্তৰাখণ্ডৰ মুছুৰীত জন্মগ্ৰহণ কৰা মালা সেনৰ ঘৰ লেফটেনেণ্ট জেনেৰেল লিয়নেল প্ৰতীপ সেন আৰু কল্যাণী গুপ্তাৰ কন্যা। ১৯৫৩ চনত পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদৰ পিছত তেওঁক পিতৃয়ে ডাঙৰ-দীঘল কৰে।৪ ডেৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুলত পঢ়াৰ পিছত তেওঁ মুম্বাইৰ নিৰ্মলা নিকেতন কলেজত গৃহ বিজ্ঞান অধ্যয়ন কৰে।২৩ পুনে বিশ্ববিদ্যালয়ত স্থান লাভ কৰে আৰু তাৰ পৰাই ফাৰুখ ধোণ্ডীক লগ পায়।৫ ১৯৬৫ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ বৃত্তি লাভ কৰা ধোণ্ডীৰ সৈতে ইংলেণ্ডলৈ পলায়ন কৰে। ১৯৬৮ চনত তেওঁলোকৰ বিবাহ হয় আৰু ১৯৭৬ চনত বিবাহ বিচ্ছেদ হয় যদিও তেওঁলোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত থাকে।২৩

ইংলেণ্ডত উপস্থিত হোৱাৰ পিছত সেনে বিল পৰিশোধ কৰাত সহায় কৰিবলৈ চিলাই কৰা কাম কৰিবলৈ আৰম্ভ কৰে।২ জাতিগত সম্পৰ্কৰ প্ৰতি ক্ৰমান্বয়ে আগ্ৰহ প্ৰকাশ কৰি তেওঁ লেষ্টাৰত ভাৰতীয় কাৰখানাৰ শ্ৰমিকসকলৰ অধিকাৰৰ বাবে যুঁজিছিল।২ ৰেচ টুডে আলোচনীত তেওঁ লণ্ডনৰ ইষ্ট এণ্ডৰ বাংলাদেশীসকলে কেনেকৈ মিঠাইৰ দোকানত কাম কৰি ছাত্ৰাবাসত বাস কৰিছিল (য'ত শ্বিফটৱৰ্কাৰসকলে ২৪ ঘণ্টাই বিচনা ভাগ কৰি লৈছিল), তাৰ বিষয়ে প্ৰতিবেদন লিখিছিল।[২ ভাৰতীয় পৰিয়ালৰ পৰা পৃথক হৈ তেওঁলোকে অবিবাহিত হিচাপে তালিকাভুক্ত হোৱাৰ বাবে গৃহ নিৰ্মাণৰ বাবে যোগ্যতা অৰ্জন কৰা নাছিল। স্বামী আৰু অন্যান্য কৰ্মীসকলৰ সৈতে মিলি সেনে বঙালী হাউছিং একচন গ্ৰুপ প্ৰতিষ্ঠা কৰে, যাৰ ফলত ইষ্ট লণ্ডনত বাংলাদেশী সম্প্ৰদায়ৰ বাবে ব্ৰিক লেনক নিৰাপদ বাসস্থান হিচাপে প্ৰতিষ্ঠা কৰা হয়।২

ধোণ্ডীৰ লগতে সেন ব্ৰিটিছ ব্লেক পেন্থাৰ আন্দোলনৰ সক্ৰিয় সদস্যও আছিল।৬ৰেচ টুডে কালেকটিভৰ প্ৰাৰম্ভিক সদস্য আছিল।৭ তেওঁৰ লেখাসমূহ পল ফিল্ড, ৰবিন বান্স, লেইলা হাছান আৰু মাৰ্গাৰেট পিককে সম্পাদনা কৰা 'হিয়াৰ টু ষ্টে, ইয়াৰ টু ফাইট' – এ ৰেচ টুডে এন্থলজীত অন্তৰ্ভুক্ত কৰা হৈছে, য'ত ১৯৭৩ চনৰ পৰা ১৯৮৮ চনৰ ভিতৰত জাৰ্নেলখনলৈ অৱদানৰ বিষয়ে উল্লেখ কৰা হৈছে।৮

তথ্যসূত্ৰ

  1. ↑ Dhondy, Farrukh. (12 April 2017). Guerrilla: A British Black Panther's View By Farrukh Dhondy (One Of The Original British Black Panthers). The Huffington Post
  2. ↑ Kotak, Ash. (13 June 2011). Mala Sen obituary. The Guardian
  3. ↑ (30 May 2011). Mala Sen. The Telegraph
  4. ↑ Jackson, Sarah. (18 July 2016). Mala Sen: Writer and race equality activist. East End Women's Museum
  5. ↑ Dhondy, Farrukh. (2024). Fragments against My Ruin: A Life. Verso Books. পৃ. 56-58. ISBN 978-1-80429-528-1
  6. ↑ Dhondy, Farrukh. (12 April 2017). Guerrilla: A British Black Panther's View By Farrukh Dhondy (One Of The Original British Black Panthers). The Huffington Post
  7. ↑ Obi, Elizabeth; Okolosie, Lola; Andrews, Kehinde. (2017-04-14). What does Guerilla teach us about the fight for racial equality today? | Elizabeth Obi and others. The Guardian
  8. ↑ "Here to Stay, Here to Fight – A Race Today Anthology", Pluto Press

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতৰ মহিলা সমাজকৰ্মীমানৱ অধিকাৰ কৰ্মীসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালা সেন” প্ৰবন্ধৰ সংশোধন ৪৮৭০৭৮ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।