মাসুমা আনোৱাৰ (ইংৰাজী: Masuma Anwar) এগৰাকী পাকিস্তানী শিশু চিকিৎসক, গায়ক-গীতিকাৰ আৰু সংগীতজ্ঞ। "ভে আছান তেনু কি আখনা", "ভে মেইন চোৰী চোৰী" আৰু "নেয়ু লা লেয়া" আদি একক কণ্ঠৰ লোকগীতৰ বাবে তেওঁ বিশেষভাবে পৰিচয় লাভ কৰে।১
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
ফ্ৰণ্টিয়াৰ মেডিকেল কলেজৰ পৰা চিকিৎসা আৰু অস্ত্ৰোপচাৰত স্নাতক ডিগ্ৰী লাভ কৰে৷ ২০০৮ চনত তেওঁ প্ৰথম এলবাম ধোলা (Dhola) মুকলি কৰি সমালোচনাত্মক মূল্যায়ন লাভ কৰে। ২০১১ চনত চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী সম্পূৰ্ণ কৰি নিগাহ-ই-কৰম, আপনা মুকাম পেইদা কৰ আৰু কামলীকে ধৰি তিনিখন এলবাম মুকলি কৰে। কামলী এলবামৰ পৰা তেওঁ বিশেষ সফলতা লাভ কৰে আৰু এই এলবামখনৰ বাবে তেওঁ ১৫ সংখ্যক লাক্স ষ্টাইল বঁটাত শ্ৰেষ্ঠ উদীয়মান প্ৰতিভা – সংগীতৰ মনোনয়ন লাভ কৰে।২
গায়িকা হিচাপে তেওঁ বড়ে গুলাম আলী খান, আবিদা পাৰবীন, উস্তাদ মহম্মদ জুমন আৰু জনপ্ৰিয় লোকগায়িকা ৰেশ্মাৰ পৰা অনুপ্ৰাণিত হৈছিল।১
২০১২ চনত তেওঁ ককটেল ছবিৰ যোগেদি বলীউডত আত্মপ্ৰকাশ কৰে,৩ আৰু তেওঁৰ "লুটনা" গীতৰ বাবে প্ৰশংসিত হয়।৪ ২০১৬ চনত তেওঁ পাকিস্তানী ছবি মালিকৰ বাবে তেওঁৰ প্ৰথম গীত "নৈনা ৰয়ে" বাণীবদ্ধ কৰে, গীতটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।৫ একে বছৰতে তেওঁ কোক ষ্টুডিঅ'ৰ ৯ম ছিজনত বৈশিষ্ট্যপূৰ্ণ শিল্পী হিচাপে অভিষেক ঘটায়৷৬৭৮
তথ্যসূত্ৰ
- ↑ Profile of Masuma Anwar on Coke Studio (Pakistan) website Retrieved 15 April 2018
- ↑ (16 July 2015). Lux Style Awards 2015 nominees announced. The Express Tribune (newspaper)
- ↑ (15 July 2012). A cocktail of voices from India and Pakistan. The Express Tribune (newspaper)
- ↑ Khan, Atta. (15 July 2012). Cocktail film – Music review. Planet Bollywoood
- ↑ Alavi, Omair. (10 April 2016). The ticket: Maalik: let the (patriot) games begin. Dawn
- ↑ (17 June 2016). Coke Studio 9 artists list revealed. The News Teller
- ↑ Rehman, Maliha. (4 July 2016). Here's what to expect from Coke Studio 9. Dawn
- ↑ Sengupta, Arka. (17 June 2016). 'Coke Studio Pakistan' undergoes major revamp in Season 9; artiste line-up revealed. International Business Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাসুমা আনোৱাৰ” প্ৰবন্ধৰ সংশোধন ৪৯১৭২১ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।