মামুনুল হক ( Mamunul Haque, জন্ম: নৱেম্বৰ ১৯৭৩) এগৰাকী বাংলাদেশী দেওবন্দী ইছলামিক পণ্ডিত, ৰাজনীতিবিদ, শিক্ষাবিদ, লেখক, সম্পাদক আৰু সমাজ সংস্কাৰক। তেওঁ হেফাজাত-ই-ইছলাম বাংলাদেশৰ প্ৰাক্তন যুটীয়া মহাসচিব,১ বাংলাদেশৰ খেলাফাত মজলিছৰ মহাসচিব, জামিয়া ৰহমানিয়া আৰব ঢাকাৰ শ্বেইখ আল-হাদীছ, বাবৰি মছজিদ বাংলাদেশৰ প্ৰতিষ্ঠাপক, মাহেকীয়া ৰহমানী পাইগামৰ মুখ্য সম্পাদক, বাংলাদেশ খেলাফাত যুৱ মজলিছৰ সভাপতি আৰু বাইতুল মামুৰ জামে মছজিদত খাতিব। বাংলাদেশৰ ইছলামিক ভাষিক সংগঠন ৰাবেততুল ৱাইজিন বাংলাদেশকে ধৰি কেইবাটাও সংগঠনৰ আগশাৰীৰ ব্যক্তি। নাস্তিক, ধৰ্মনিৰপেক্ষ, ইছলাম বিৰোধীৰ বিৰুদ্ধে কঠোৰ ভাষণ দিয়াসকলৰ মাজত তেওঁ বিশেষভাৱে জনপ্ৰিয় আৰু এই ক্ষেত্ৰত আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। বাংলাদেশ আৱামী লীগ, ছাত্ৰ লীগ, জুবো লীগকে ধৰি ৬৫টা সংগঠনে ইছলামিক মৌলবাদৰ প্ৰচাৰৰ বাবে তেওঁক নিষিদ্ধ কৰা, গ্ৰেপ্তাৰ কৰা আৰু আদৰ্শ শাস্তি প্ৰদানৰ দাবীত সমগ্ৰ দেশতে এক বৃহৎ আন্দোলন আৰম্ভ কৰিছে।২৩৪ ২০২১ চনত তেওঁৰ দ্বিতীয় পত্নীয়ে তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে।৫
আদি জীৱন
মামুনুল হকৰ জন্ম হৈছিল ১৯৭৩ চনৰ নৱেম্বৰ মাহত, ঢাকাৰ আজিমপুৰত। তেওঁ মূলতঃ মুনছিগঞ্জৰ লৌহাজাঙৰ ভিৰিচ খান গাঁৱৰ ক্বাদিছ বংশৰ এটা বঙালী মুছলমান পৰিয়ালৰ।৬ তেওঁৰ পিতৃ আজিজুল হক, বাংলাদেশ খেলাফাত মজলিছৰ প্ৰতিষ্ঠাপক আৰু ছহীহ আল-বুখাৰীৰ প্ৰথম বাংলা অনুবাদক আছিল।৭৮ তেওঁৰ ১৩গৰাকী ভাই-ভনী আছে। তেওঁৰ ডাঙৰ ভাতৃ মাহফুজুল হক, বাংলাদেশৰ এজন বিশিষ্ট ইছলামিক পণ্ডিত।৯
কৃতিত্ব
২০২০ চনৰ ১০ অক্টোবৰত তেওঁ বাংলাদেশৰ খেলাফাত মজলিছ১০ আৰু ১৫ নৱেম্বৰত বাংলাদেশৰ হেফাজাত-ই-ইছলামৰ যুটীয়া মহাসচিব নিৰ্বাচিত হয়।১১
২০১৯ চনৰ ২৯ ছেপ্টেম্বৰত বাংলাদেশৰ ইছলামিক ভাষিক সংগঠন ৰাবেতুল ৱাইজিন, বাংলাদেশৰ উপদেষ্টা হিচাপে নিৰ্বাচিত হয়।১২ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ঢাকাত বাবৰি মছজিদ, বাংলাদেশ নিৰ্মাণৰ কাম আৰম্ভ কৰে।১৩
পৰিয়াল
হকৰ মতে তেওঁ তিনিবাৰ বিয়া কৰিছে যদিও আমিনা টায়িবাৰ সৈতে হোৱা বিবাহকহে স্বীকৃতি দিয়া হৈছে।১৪ তেওঁৰ মতে, তেওঁৰ আন দুগৰাকী পত্নী হ’ল জন্নত আৰা ঝৰ্ণা আৰু জন্নাতুল ফাৰ্দুছ লিপি। অৱশ্যে ঝৰ্ণাই তেওঁক ধৰ্ষণ আৰু আটক কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোক বিবাহিত নহয় বুলি উল্লেখ কৰিছে।১৫
গ্ৰেপ্তাৰ
২০১৩ চনৰ ৫ আৰু ৬ মে'ত ঢাকাৰ ছাপলা চৌহদত অনুষ্ঠিত হেফাজাট আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে বাংলাদেশ চৰকাৰে ২০১৩ চনৰ ১২ মে' মাহত তেওঁক গ্ৰেপ্তাৰ কৰে।১৬ এই সময়ছোৱাত তেওঁ স্পীকিং ফ্ৰম প্ৰিজন নামৰ এখন কিতাপ লিখিছিল আৰু সেই বছৰৰে ছেপ্টেম্বৰ মাহত কিতাপখন প্ৰকাশ পাইছিল।১৭
সাহিত্য প্ৰকাশ
মামুনুল হকে দহখন গ্ৰন্থ প্ৰকাশ কৰিছে আৰু চাৰিখন সম্পাদনা কৰিছে। ২০০১ চনৰ পৰা তেওঁ মাহেকীয়া ৰহমানী পেগেম আলোচনীৰ সম্পাদক হৈ আছে।১৮১৯ তেওঁ ৰাষ্ট্ৰীয় আৰু দৈনিক বাতৰি কাকততো সমসাময়িক বিষয়সমূহৰ ওপৰত প্ৰবন্ধ লিখে।২০
তথ্যসূত্ৰ
- ↑ (2021-04-25). Hefazat-e-Islam central committee dissolved. Dhaka Tribune
- ↑ (2020-12-01). Sculpture fiasco: Numerous organizations demonstrate demanding arrest of Babunagari, Mamunul. Dhaka Tribune
- ↑ (2020-12-08). Mamunul condemns vandalising of Bangabandhu sculpture, stands by earlier statement. The Daily Star
- ↑ Action demanded against Mujib sculpture protesters. New Age
- ↑ ‘Second wife’ sues Mamunul for rape
- ↑ Haque, Mamunul. (2019). bn:শায়খুল হাদীস আজিজুল হক ৰাহ. এৰ বৰ্ণাঢ্য জীবন
- ↑ Dr. Tuhin Malik. (2 December 2019). bn:শায়খুল হাদীসেৰ বিৰুদ্ধে এ কেমন অপপ্ৰচাৰ!. Daily Naya Diganta
- ↑ (13 May 2013). bn:শায়খুল হাদিসেৰ ছেলে মামুনুল হক খুলনায় আটক. Prothom Alo
- ↑ Qawmi Madrassah Education Board gets new chairman. New Age
- ↑ (11 October 2020). আৰ্কাইভ কপি. Bangladesh Pratidin
- ↑ Somoy Tv News. Somoy News
- ↑ bn:ওয়াজেৰ ওপৰ নজৰদাৰিৰ নামে আলেমদেৰ কণ্ঠৰোধ চলবে না, কৰ্মশালায় বক্তাৰা. Bangla Tribune
- ↑ bn:ঢাকায় বাবৰি মসজিদেৰ ভিত্তি স্থাপন কৰলেন আল্লামা শফী. Jago News 24
- ↑ Hifazat leader Mamunul has 3 wives, only one marriage is registered: police
- ↑ "Second wife" claimed by Mamunul Haque files rape case against him
- ↑ (12 May 2013). আৰ্কাইভ কপি. banglanews24.com
- ↑ Speaking from prison - Mamunul Haque. www.rokomari.com
- ↑ (24 February 2015). আৰ্কাইভ কপি. Banglanews24.com
- ↑ What are the Islamic magazines like in the month of victory?. Bangla Tribune
- ↑ আৰ্কাইভ কপি. Manab Zamin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মামুনুল হক” প্ৰবন্ধৰ সংশোধন ৬৩৫৫১২ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।