মামক খাদেম হৈছে এগৰাকী ইৰানী-আমেৰিকান ৱৰ্ল্ড ট্ৰান্স মিউজিকৰ গায়িকা। তেওঁৰ মূল ভাষা হৈছে ফাৰ্চী।
চান্দ্ৰা হিউজেছে তেওঁক "এগৰাকী যাযাবৰী যিয়ে নিজৰ শিল্পক সাংস্কৃতিক পৰম্পৰাক সংযোগ কৰিবলৈ ব্যৱহাৰ কৰে" বুলি অভিহিত কৰিছে। খাদেম হৈছে ৱৰ্ল্ড ট্ৰান্স মিউজিকৰ অতি কমসংখ্যক মহিলা গায়িকাৰ ভিতৰত এগৰাকী, যিটো ক্ষেত্ৰত সাধাৰণতে পুৰুষৰ আধিপত্য দেখা পোৱা যায়।১ তেওঁ এক্সিয়ম অৱ চয়েছ বেণ্ডৰ মুখ্য গায়িকা আছিল। ইয়াৰ উপৰি তেওঁ বিভিন্ন চলচ্চিত্ৰৰ নেপথ্য সংগীতত কণ্ঠদান কৰিছে আৰু বৰ্তমান এগৰাকী একক শিল্পী হিচাপে কাম কৰি আছে।
ব্যক্তিগত জীৱন
খাদেমৰ জন্ম ১৯৬১ চনত ইৰানৰ তেহৰানত হৈছিল। ১৯৭৭ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে। খাদেমৰ সংগীত শাস্ত্ৰীয় ফাৰ্চী শৈলীৰ ওপৰত আধাৰিত হ’লেও তেওঁ বিভিন্ন সাংস্কৃতিক প্ৰভাৱ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মুকলি মনৰ। তেওঁ ক্ৰছ-কালচাৰেল ফিউজন এনচেম্বল এক্সিয়ম অৱ চয়েছ-ৰ এগৰাকী প্ৰাক্তন সদস্য আছিল।২
শিক্ষা
খাদেম কেলিফৰ্ণিয়া ষ্টেট ইউনিভাৰ্চিটি, লং বিচৰপৰা প্ৰায়োগিক গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
কেৰিয়াৰ
স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি থকাৰ সময়তে খাদেমে প্ৰথম শিক্ষকতাৰ চাকৰিত যোগদান কৰিছিল। তেওঁ ১৯৮৫ চনৰপৰা ২০০৩ চনলৈকে মূলতঃ কেলিফৰ্ণিয়াৰ এনচিনোৰ ৱেষ্টমাৰ্ক স্কুল-ত পূৰ্ণকালীনভাৱে গণিত শিক্ষা দিছিল। এগৰাকী শিক্ষাবিদ হিচাপে তেওঁ দ্বিতীয় শ্ৰেণীৰপৰা কলেজীয়া পৰ্যায়ৰ শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাৰ লগতে ব্যক্তিগত টিউচনৰ জৰিয়তেও পঢ়ুৱাইছিল। ডিছলেক্সিয়া (পঢ়াত অসুবিধা পোৱা) ৰ দৰে শিক্ষণ অক্ষমতা থকা শিশুসকলক শিক্ষা দিয়াৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব দিছিল। খাদেমে গণিত শিক্ষক হিচাপে তেওঁৰ কেৰিয়াৰক "মই অনুভৱ কৰা আটাইতকৈ প্ৰত্যাহ্বানজনক কথাবোৰৰ ভিতৰত এটা... ছাত্ৰ-ছাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মই প্ৰায়ে বহুৱালি কৰিবলগীয়া হৈছিল বা ধেমেলীয়া অভিনয় কৰিবলগীয়া হৈছিল" বুলি অভিহিত কৰিছে। তেওঁ অনুভৱ কৰিছিল যে সংগীতেও তেওঁক শিক্ষাৰ্থীসকলৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিছিল। তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে এক গভীৰ আৰু নিবিড় সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰায়ে তেওঁলোকৰ সংগীত অনুষ্ঠানবোৰত অংশ লৈছিল।
খাদেমে শিক্ষকতা কৰি থকাৰ সময়তে তেওঁ আৰু আন কেইগৰাকীমান প্ৰতিষ্ঠাপক সদস্যই মিলি এক্সিয়ম অৱ চয়েছ গঠন কৰিছিল। বিদেশত গঠন হোৱা এইটোৱে আছিল প্ৰথমটো ইৰানী ফিউজন বেণ্ড, যিয়ে পৰৱৰ্তী সময়ৰ সংগীতশিল্পীসকলৰ বাবে বিশ্বব্যাপী দৰ্শকৰ সন্মুখত এই শৈলীৰ সংগীত পৰিৱেশন কৰাৰ পথ মুকলি কৰি দিছিল।
খাদেমে তেওঁৰ শিক্ষকতা জীৱনৰ শেষৰ বছৰকেইটা চেণ্টা মনিকা কলেজ আৰু ৱেষ্ট লছ এঞ্জেলছ কলেজ-ত গণিতৰ শিক্ষয়িত্ৰী হিচাপে অতিবাহিত কৰিছিল। এই সময়ছোৱাত তেওঁ শিক্ষা-ব্যৱস্থাৰ প্ৰতি ক্ৰমান্বয়ে মোহভংগ হৈ পৰিছিল আৰু অনুভৱ কৰিছিল যে শিশুৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ ইয়াতকৈ কোনো উন্নত উপায় থাকিব পাৰে। ২০০৩ চনত খাদেমে গণিত শিক্ষকৰ চাকৰি এৰি দিয়ে আৰু তেতিয়াৰপৰাই তেওঁ নিজৰ সম্পূৰ্ণ শক্তি সংগীতৰ ক্ষেত্ৰখনত নিয়োজিত কৰে।
খাদেম শৈশৱৰেপৰা সংগীতৰ প্ৰতি অনুৰাগী আছিল, যেতিয়া তেওঁ ইৰানৰ ৰাষ্ট্ৰীয় ৰেডিঅ' আৰু টেলিভিছনৰ শিশু গায়কদলৰ অংশ আছিল। ইৰান বিপ্লৱৰ পিছত তেওঁ এগৰাকী কণ্ঠশিল্পী হিচাপে নিজৰ দক্ষতা বৃদ্ধি কৰাৰ প্ৰতিটো সুযোগ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ফাৰ্চী কণ্ঠশিল্পী আৰু ওস্তাদসকলৰপৰা শিক্ষা ল'বলৈ তেওঁ নিয়মীয়াকৈ ইৰানলৈ গৈছিল।
দ্য লছ এঞ্জেলছ টাইমছে খাদেমক "ৱৰ্ল্ড ট্ৰান্স মিউজিকৰ অন্যতম বিস্ময়" বুলি অভিহিত কৰিছে। মানুহ আৰু সংস্কৃতিক সংযোগ কৰাৰ প্ৰৱণতাৰ বাবে তেওঁ ভৌগোলিক আৰু সংগীত দুয়ো দিশতে ভ্ৰমণ কৰিছে: যদিও তেওঁৰ শিল্পকৰ্ম ফাৰ্চী পৰম্পৰাগত সংগীতৰ ওপৰত প্ৰতিষ্ঠিত, তেওঁৰ সংগীতৰ প্ৰভাৱ সঁচাকৈয়ে বিশ্বব্যাপী। এগৰাকী প্ৰকৃত যাযাবৰী হিচাপে খাদেমে আলী আকবৰ খান কলেজত অধ্যয়ন কৰা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰপৰা আৰম্ভ কৰি নেভেংকা মহিলা গায়কদলৰ বলকান সংগীতৰ ধাৰালৈকে বহুতো উৎসৰপৰা সংগীতৰ প্ৰভাৱ আৰু জ্ঞান বুটলি লৈছে।৩
সামাজিক সক্ৰিয়তা
খাদেমে সমান অধিকাৰৰ হকে কাম কৰা বহুতো সংগঠনৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাম কৰি আহিছে। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে মহিলাৰ সমতা, শিশু আৰু শিক্ষা, প্ৰব্ৰজনকাৰীৰ ন্যায় আৰু বন্দুক নিয়ন্ত্ৰণক সমৰ্থন কৰা গোটসমূহ; আৰু ৰাজনৈতিক কাৰাদণ্ড, ৰাজনৈতিকভাৱে প্ৰেৰিত মৃত্যুদণ্ড আৰু প্ৰাণীক্ৰুৰতাৰ বিৰোধিতা কৰা সংগঠনসমূহ। তেওঁ মাৰ্চ ফৰ আৱাৰ লাইভছ-ৰ সৈতে কাম কৰি বিদ্যালয়ত হোৱা গুলীচালনাৰ বলি হোৱা লোক আৰু তেওঁলোকক পৰিয়ালসমূহৰ সৈতে মিলি বন্দুক হিংসাৰ বিৰোধিতা কৰিছে। ইৰানিয়ান আমেৰিকান উইমেনছ ফাউণ্ডেচন আৰু ফেমিনইষ্ট-ৰ দৰে সংগঠনৰ সৈতে মিলি খাদেমে ইৰানী-আমেৰিকান বা প্ৰব্ৰজনকাৰী ইৰানী মহিলাসকলৰ প্ৰয়োজনীয়তাসমূহ দূৰ কৰাৰ বাবে প্ৰচেষ্টা চলাইছে।
খাদেমে ৰাজনৈতিক বিষয়তো নিজৰ মতামত প্ৰকাশ কৰিছে। মানুহ আৰু সংস্কৃতিক সংযোগ কৰাৰ প্ৰতি উৎসৰ্গিত খাদেমে ইৰান বিপ্লৱৰ ঐতিহাসিক প্ৰেক্ষাপটক স্মৰণ কৰি, মানুহ আৰু সংস্কৃতিক বিভাজন কৰিব বিচৰা ৰাজনৈতিক শক্তিসমূহৰ বিৰোধিতা কৰে। ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণ নিষেধাজ্ঞা (Trump travel ban) ঘোষণা হোৱাৰ পিছত খাদেম আৰু অন্যান্য সংগীতশিল্পীসকলে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল:৪
"ইয়াৰ ফলত ১৯৭৯ চনৰ পণবন্দী সংকটৰ সময়ত আমেৰিকাত ইৰানী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কৰা ব্যৱহাৰৰ কথা মোৰ মনলৈ আহিছিল," খাদেমে কয়। "বহু ছাত্ৰ-ছাত্ৰীক অপমান কৰা হৈছিল, দেশৰপৰা খেদি পঠোৱা হৈছিল, মাৰপিট কৰা হৈছিল আৰু ভাবুকি দিয়া হৈছিল। সেই দিনবোৰ পাহৰিবলৈ আৰু ক্ষমা কৰিবলৈ বহু বছৰ লাগিল আৰু অৱশেষত মই নিজকে এগৰাকী ইৰানী-আমেৰিকান বুলি ক'বলৈ সক্ষম হ'লোঁ।" খাদেমে আমেৰিকা, কানাডা, গ্ৰীচ আৰু আয়াৰলেণ্ডত ক্লাছ আৰু কৰ্মশালা পৰিচালনা কৰি বিশ্বজুৰি সংগীতৰ উন্নয়নত অৰিহণা যোগাইছে। স্বাভাৱিকতে তেওঁ বিশ্বাস কৰে যে ৰাজনীতিৰ জগতখনত সংগীতশিল্পীসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। "সংগীতে মগজুৰ পৰিৱৰ্তে মানুহৰ হৃদয়ৰ নিচেই ওচৰ চপা এটা ভাষা প্ৰদান কৰে," তেওঁ কয়। "সংগীতে এনে কিছুমান সঁজুলি আগবঢ়ায় যাৰদ্বাৰা ৰাজনীতিয়ে আমাৰ ওপৰত জাপি দিয়া সীমাৰেখাসমূহ ভাঙি পেলাব পাৰি।"
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Bakkalapulo, Maria. (4 October 2011). Iranian Vocalist Mamak Khadem Breaks Gender Rules With Music. PRI
- ↑ Mamak Khadem: Bio. mamak-khadem.com
- ↑ Mamak Khadem. Allmusic
- ↑ Musicians from Countries on Trump's Travel Ban List Speak Out Ahead of Performance at ContraBanned. music for good
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মামক খাদেম” প্ৰবন্ধৰ সংশোধন ৬০৯৪৭১ (২৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।