অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মায়াংক চক্ৰৱৰ্তী

মায়াংক চক্ৰৱৰ্তী (জন্ম: ২৮ জুলাই, ২০০৯) অসমৰ গুৱাহাটীৰ এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০২৬ চনৰ মাৰ্চ মাহত তেওঁ অসম তথা উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম দবা গ্ৰেণ্ডমাষ্টাৰ আৰু ভাৰতৰ ৯৪তম গ্ৰেণ্ডমাষ্টাৰ হিচাপে স্বীকৃতি লাভ কৰে।

হালনাগাদ: ১৭ এপ্ৰিল ২০২৬ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

মায়াংক চক্ৰৱৰ্তী (জন্ম: ২৮ জুলাই, ২০০৯) অসমৰ গুৱাহাটীৰ এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০২৬ চনৰ মাৰ্চ মাহত তেওঁ অসম তথা উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম দবা গ্ৰেণ্ডমাষ্টাৰ আৰু ভাৰতৰ ৯৪তম গ্ৰেণ্ডমাষ্টাৰ হিচাপে স্বীকৃতি লাভ কৰে।১২ ইয়াৰ আগতে তেওঁ ২০২৩ চনত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (IM) উপাধি লাভ কৰিছিল আৰু ভাৰতীয় দবাত তেওঁৰ উত্থানৰ সময়ছোৱাত কেইবাটাও জাতীয় কিশোৰ চেম্পিয়নশ্বিপ জয় কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন

মায়াংক চক্ৰৱৰ্তীৰ জন্ম অসমৰ গুৱাহাটীত। সৰু বয়সতেই তেওঁ দবা খেলিবলৈ আৰম্ভ কৰে আৰু ২০১৯ চনত জাতীয় অনূৰ্ধ–১১ দবা চেম্পিয়নশ্বিপ জয় কৰাৰ পাছত তেওঁ বিশেষভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।৪

কিশোৰ খেলুৱৈ হিচাপে তেওঁ বহু জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কিশোৰ প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী হয় বা পদক লাভ কৰে আৰু উত্তৰ-পূৰ্ব ভাৰতৰ অন্যতম শক্তিশালী দবা খেলুৱৈ হিচাপে পৰিচিত হয়।

দবা জীৱন

কিশোৰ চেম্পিয়নশ্বিপ জাতীয় অনূৰ্ধ–১১ মুকলি দবা চেম্পিয়নশ্বিপ জয় কৰাৰ পাছত চক্ৰৱৰ্তীয়ে জাতীয় পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰে। তেওঁ এছিয়ান যুৱ দবা চেম্পিয়নশ্বিপ আৰু পশ্চিম এছিয়ান যুৱ দবা চেম্পিয়নশ্বিপতো পদক লাভ কৰে।৫

পিছলৈ ২০২৩ চনত তেওঁ জাতীয় অনূৰ্ধ–১৭ দবা চেম্পিয়নশ্বিপ জয় কৰে আৰু প্ৰতিযোগিতাখনত তেওঁ অপৰাজিত হৈ ৰয়।৬৭

আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ:

২০২৩ চনত চক্ৰৱৰ্তীয়ে ২৪০০ এল’ ৰেটিং অতিক্ৰম কৰি আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰয়োজনীয় নৰ্ম লাভ কৰি আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (IM) উপাধি লাভ কৰে।৮

তেওঁৰ IM নৰ্মসমূহ লাভ কৰিছিল তলৰ প্ৰতিযোগিতাসমূহত—

  • মহাৰাষ্ট্ৰ গ্ৰেণ্ডমাষ্টাৰ ওপেন
  • ইস্যিক্কুল ওপেন (কিৰ্গিজস্তান)
  • কাটাৰ মাষ্টাৰছ ওপেন

গ্ৰেণ্ডমাষ্টাৰ:

২০২৬ চনৰ মাৰ্চ মাহত চক্ৰৱৰ্তীয়ে গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰে আৰু ভাৰতৰ ৯৪তম গ্ৰেণ্ডমাষ্টাৰ হয়।১৯ তেওঁ ছুইডেনত অনুষ্ঠিত “৮ম জিএম টুৰ্ণামেণ্ট – হোটেল ষ্টকহ'ম নৰ্থ” প্ৰতিযোগিতাত ৯খন খেলত ৭ পইণ্ট লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰে আৰু প্ৰয়োজনীয় ২৫০০ এল’ ৰেটিং সীমা অতিক্ৰম কৰে। এই ফলাফলৰ ভিত্তিত তেওঁ গ্ৰেণ্ডমাষ্টাৰৰ শেষ নৰ্ম নিশ্চিত কৰে।১২

এই সফলতাক উত্তৰ-পূৰ্ব ভাৰতৰ দবা ইতিহাসত এক ঐতিহাসিক মাইলৰ খুঁটি বুলি গণ্য কৰা হয়।২

গ্ৰেণ্ডমাষ্টাৰ নৰ্ম

+মায়াংক চক্ৰৱৰ্তীয়ে অৰ্জন কৰা গ্ৰেণ্ডমাষ্টাৰ নৰ্মনংটুৰ্ণামেণ্টস্থানবছৰস্ক'ৰ
1দ্বিতীয় মহাৰাষ্ট্ৰ আন্তৰ্জাতিক মুকলি জিএম টুৰ্ণামেণ্ট ২০২৩নাগপুৰ, মহাৰাষ্ট্ৰ, ভাৰত২০২৩৭/৯
2জি এম ৰাউণ্ড ৰবীন টুৰ্ণামেণ্ট " কৰেন্টিনিছ মেমৰিয়েল"পিৰায়ুচ, গ্ৰীচ।২০২৪৭/৯
3৮ম ফাৰ্ষ্ট হোটেল ষ্টকহ'ম নৰ্থ জিএম টুৰ্ণামেণ্টষ্টকহ'ম, চুইডেন২০২৬৭/৯

খেলৰ ধৰণ:

চক্ৰৱৰ্তী তেওঁৰ গতিশীল আৰু কৌশলী খেলৰ ধৰণৰ বাবে পৰিচিত। তেওঁ প্ৰায়ে তলৰ উদ্বোধনী চালসমূহ ব্যৱহাৰ কৰে—

  • চিচিলিয়ান ডিফেন্স
  • ৰুই লোপেজ

তথ্যসূত্ৰ

  1. ↑ (14 March 2026). Mayank Chakraborty becomes India’s 94th and first-ever Grandmaster from North East region. News On AIR
  2. ↑ (14 March 2026). Mayank Chakraborty becomes India’s 94th Chess Grandmaster. Sportstar
  3. ↑ Mayank Chakraborty – The awesome kid from Assam. ChessBase India
  4. ↑ National Under-11 Championship 2019 report. ChessBase India
  5. ↑ Mayank Chakraborty interview and games. ChessBase India
  6. ↑ Ninan, Susan. (14 March 2026). How Mayank Chakraborty became North East India’s first GM. হিন্দুস্তান টাইমছ
  7. ↑ (9 May 2023). Mayank Chakraborty wins U-17 national chess title. The Assam Tribune
  8. ↑ FIDE profile – Mayank Chakraborty. FIDE
  9. ↑ (13 March 2026). Assam’s Mayank Chakraborty becomes India’s 94th Grandmaster. India Today NE

সম্পৰ্কিত শ্ৰেণী

গ্ৰেণ্ডমাষ্টাৰভাৰতৰ দবা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়াংক চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৬০০৯২৩ (১৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।