অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মামণি গগৈ বৰগোহাঁই

মামণি গগৈ বৰগোহাঁই (Mamoni Gogoi Borgohain) হৈছে এগৰাকী প্ৰবন্ধকাৰ, সাহিত্য সমালোচক আৰু অনুবাদক। এতিয়ালৈকে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে তেখেতৰ ৭ খন মৌলিক গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে ৬ খন অনুবাদমূলক গ্ৰন্থও প্ৰকাশ পায়।

হালনাগাদ: ২৪ জুলাই ২০২৫ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মামণি গগৈ বৰগোহাঁই (Mamoni Gogoi Borgohain) হৈছে এগৰাকী প্ৰবন্ধকাৰ, সাহিত্য সমালোচক আৰু অনুবাদক। এতিয়ালৈকে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে তেখেতৰ ৭ খন মৌলিক গ্ৰন্থ প্ৰকাশ পোৱাৰ লগতে ৬ খন অনুবাদমূলক গ্ৰন্থও প্ৰকাশ পায়।

জন্ম আৰু বংশ পৰিচয়

তেওঁৰ জন্ম হয় ১৯৫৪ চনৰ ছেপ্তেম্বৰত ঢকুৱাখনা জিলাত। পিতৃৰ নাম সতীশ চন্দ্ৰ গগৈ, মাতৃৰ নাম বিদ্যাৱতী গগৈ। ১৯৭৭ চনত ড॰ কমলাকান্ত বৰগোহাঁইৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।

শিক্ষা জীৱন

  • ১৯৭০ চনত ঢকুৱাখানাৰ হাৰ্হি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।
  • ১৯৭৪ চনত উত্তৰ লক্ষীমপুৰ কলেজৰ পৰা ইংৰাজীত অৰ্নাচসহ স্নাতক ডিগ্ৰী লাভ কৰে।
  • ১৯৭৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
  • ১৯৯৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন

  • শিৱসাগৰৰ ডিমৌ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে।
  • ২০১৪ চনত সহযোগী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ।

গৱেষণা কৰ্ম

  • অসমীয়া ঔপন্যাসিকাৰ ৰচনাত নাৰী: এটি অধ্যয়ন (১৯২৬-১৯৯০)

সাহিত্যৰাজি

প্ৰকাশিত মৌলিক গ্ৰন্থ

  • অসমীয়া উপন্যাসঃ নাৰীৰ ৰচনাত নাৰী (প্ৰভা প্ৰকাশনি, শিৱসাগৰ, ২০০১)
  • অসমীয়া নাৰী অতীত আৰু বৰ্তমান (বাণী মন্দিৰ, ডিব্ৰুগড়, ২০০৫)
  • চৈয়দ আব্দুল মালিক (ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন শাখা, ২০১৫)
  • Nirupama Borgohain (ইংৰাজীত লিখা, পূৰ্বাঞ্চল প্ৰকাশ, ২০১৬)
  • হেড্‌মাষ্টৰ (নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী, ২০২১)
  • ক্ৰান্তিকাল (পাহি প্ৰকাশন, মৰাণ, ২০২৪)
  • পুলিন-পুথাওৰ সন্ধানত (ইংৰাজী-অসমীয়া দ্বিভাষিক, মামণি বৰগোহাঁই, ডিব্ৰুগড় ২০২৫)

প্ৰকাশিত অনুবাদ গ্ৰন্থ

  • দ্য ৰেভিনিউ ষ্টাম্প (২০০৮, কৌস্তভ প্ৰকাশন, ডিব্ৰুগড়)
  • লাইফ এণ্ড টাইমছ অৱ মাইকেল কে’ ( কৌস্তভ প্ৰকাশন, ডিব্ৰুগড় ২০০৯)
  • সংযুতিবাদ, উত্তৰ সংযুতিবাদ আৰু প্ৰাচ্য কাব্যতত্ত্ব (সাহিত্য অকাডেমি, নতুন দিল্লী, ২০১৫)
  • কালজয়ী বিশ্বসাহিত্যঃ নিৰ্বাচিত অনুবাদ (নিৰীক্ষণ প্ৰকাশন, গুৱাহাটী)
  • স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্ব-কাল (অসম সাহিত্য সভা, গুৱাহাটী, ২০১৭)
  • আধুনিক অসমীয়া সাহিত্যৰ পটভূমি (পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী, ২০২২)

বঁটা আৰু সন্মান

  • নগাঁও গ্ৰন্থমেলা (২০০৫)ত 'অসমীয়া নাৰী: অতীত আৰু বৰ্তমান' শ্ৰেষ্ঠগ্ৰন্থ ৰূপে পুৰস্কৃত।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মামণি গগৈ বৰগোহাঁই” প্ৰবন্ধৰ সংশোধন ৫২৬৮২৬ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।