মায়ন্তী লেংগাৰ (Mayanti Langer; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় ক্ৰীড়া সাংবাদিক, পৰিৱেশক আৰু সম্প্ৰচাৰক৷ তেওঁ প্ৰধানকৈ ষ্টাৰ ইণ্ডিয়াৰ সৈতে ক্ৰিকেট খেলৰ লগত জড়িত। তেওঁ জি স্প'ৰ্টছত ফুটবল কেফে, ই এছ পি এনত সম্প্ৰচাৰিত ২০১০ ফিফা বিশ্বকাপ, ২০১০ কমনৱেলথ গেমছ,১ ২০১১ ক্ৰিকেট বিশ্বকাপ, ২০১৪ ইণ্ডিয়ান ছুপাৰ লীগ, ২০১৫ আই চি চি ক্ৰিকেট বিশ্বকাপ, ২০১৮ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, ২০১৯ ইণ্ডিয়ান আদি বহুতো প্ৰতিযোগিতাৰ লগত জড়িত হৈছে৷২৩
কৰ্মজীৱন
আমেৰিকাত অধ্যয়ন কৰি থাকোঁতে ফুটবলৰ প্ৰতি মায়ন্তী লেংগাৰৰ আগ্ৰহ বাঢ়ি আহে। তেওঁ কলেজীয়া ফুটবল দলত আছিল আৰু ফিফাৰ বিচ ফুটবলৰ সম্প্ৰচাৰৰ অতিথি এংকৰ আছিল।৪
সম্প্ৰচাৰৰ সফলতাৰ লগে লগে তেওঁক জি স্প'ৰ্টছৰ ফুটবল কেফেৰ আয়োজক আৰু সহযোগী প্ৰযোজক হিচাপে যোগ দিয়াৰ প্ৰস্তাৱ দিয়া হয়।৫ লেংগাৰে জি নেটৱৰ্কত বিভিন্ন ফুটবল শ্ব'ত কাম কৰিছিল আৰু মেচৰ পূৰ্বে, হাফ টাইম আৰু মেচৰ পিছৰ শ্ব'ৰ সময়ত মন্তব্য প্ৰদান কৰিছিল আৰু সাক্ষাৎকাৰ দিছিল।৬ নতুন দিল্লীত আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা নেহৰু কাপ ফুটবল প্ৰতিযোগিতাৰ বাবে জি স্প’ৰ্টছৰ এংকৰ হিচাপেও তেওঁ কাম কৰিছিল আৰু জি স্প’ৰ্টছৰ ইণ্ডিয়ান ক্ৰিকেট লীগৰ কভাৰেজৰ এংকৰ হিচাপেও কাম কৰিছিল।
২০১০ চনত ভাৰতত সম্প্ৰচাৰিত ফিফা বিশ্বকাপৰ লগত তেওঁ জড়িত আছিল৷ তেওঁ জন ডাইকছৰ সৈতে বিশেষজ্ঞ পেনেলিষ্টৰ এটা দলৰ নেতৃত্ব দিছিল। মায়ান্তীয়ে ২০১০ চনত চাৰু শৰ্মাৰ সৈতে দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ, ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপ, ২০১৪ চনৰ ইণ্ডিয়ান ছুপাৰ লীগ, ২০১৫ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপ আৰু ২০১৮ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰিৱেশকৰ কাম কৰিছিল।৭৮
ব্যক্তিগত জীৱন
মায়ন্তী লেংগাৰ ভাৰতীয় সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল সঞ্জীৱ লেংগাৰ আৰু প্ৰেমিণ্ডা লেংগাৰৰ কন্যা।৯ ২০১২ চনত মায়ন্তীয়ে ভাৰতীয় ক্ৰিকেটাৰ ষ্টুয়াৰ্ট বিনিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১০২০২০ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ প্ৰথম ল'ৰা সন্তানৰ জন্ম হয়।১১
তথ্যসূত্ৰ
- ↑ Mayanti Langer. simplylifeindia.com
- ↑ Archana Vijay to Mandira Bedi and Mayanti Langer, 10 hottest hosts of the Indian Premier League till date. Times Now News
- ↑ (3 June 2019). 5 female anchors who standout in the ICC Cricket World Cup 2019. asianage.com
- ↑ televisionpoint.com
- ↑ Nitin Pant (February 2007) "IndianFootball.Com Interview: MAYANTI LANGER"
- ↑ "Miss in the midfield ". The Telegraph (Calcutta). 5 April 2006
- ↑ NIMCJ article. nimcj
- ↑ Sharmistha Mukherjee (20 February 2011). "ESPN-Star lines up pantheon of cricket to offer World Cup insights" . Business Standard
- ↑ Langer, Mayanti. (2011). Mayanti Langer Biography, Wiki. mayantilanger.com
- ↑ (18 June 2014). In Pics: Know more about India's emerging star Stuart Binny's pretty & talented wife Mayanti Langer!. abplive.in
- ↑ (19 September 2020). Mayanti Langer, Stuart Binny blessed with a baby boy; anchor posts pic on social media. Zeenews
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়ন্তী লেংগাৰ” প্ৰবন্ধৰ সংশোধন ৫৭২৫৭৩ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।