মালা ৰয় (জন্ম সৰকাৰ; জন্ম ১৯ নৱেম্বৰ ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ২০১৯ চনৰ পৰা কলিকতা দক্ষিণৰ লোকসভাৰ সদস্য। তেওঁ ২০১৫ চনৰ পৰা কলকাতা পৌৰ নিগমৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছে।
ব্যক্তিগত জীৱন
১৯৭৬ চনত ৰয়ে কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে জড়িত বিদ্যাসাগৰ কলেজ ফৰ ৱমেনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১ তৃণমূল কংগ্ৰেছ দলৰ উপ-সভাপতি আৰু প্ৰাক্তন বিধায়ক নিৰ্বেদ সত্যজিৎৰ সৈতে তেওঁৰ বিবাহ হয়।২
ৰাজনৈতিক জীৱন
১৯৯৫ চনত ৮৮ নং ৱাৰ্ডৰ পৰা কলকাতা পৌৰ নিগমৰ কাউন্সিলাৰ হিচাপে ৰয় নিৰ্বাচিত হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি নিকটতম প্ৰতিদ্বন্দ্বী ৫৭৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ২০০০ চনত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ স্বদেশৰঞ্জন দাসক ৩২০৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিজৰ আসন অক্ষুণ্ণ ৰাখিছিল। ২০০৫ চনত জাতীয়তাবাদী কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি তৃণমূলৰ কাকলি ঘোষ দস্তিদাৰক ১৯০০ ভোটত পৰাস্ত কৰে।৩২০১০ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে পুনৰ নিৰ্বাচিত হয়।
২০১৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত কলিকতা দক্ষিণ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ৰয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। চতুৰ্থ স্থান লাভ কৰি তেওঁ ১১৩,৪৫৩টা ভোট লাভ কৰিবলৈ সক্ষম হয়।৪২০১৫ চনৰ ৭ মাৰ্চত মমতা বেনাৰ্জীৰ তীব্ৰ সমালোচক ৰূপে ভূমিকা লোৱা ৰয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে।৫ ইয়াৰ পিছত তেওঁ নাগৰিক নিৰ্বাচনত ভাগ লয়। নিৰ্বাচিত হোৱাৰ পিছত তেওঁক পৌৰ নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। তেওঁ নিগমৰ প্ৰথম মহিলা অধ্যক্ষ হিচাপে পৰিগণিত হয়।৬৭ ৱাৰ্ড কাউন্সিলাৰ হিচাপে তেওঁৰ কাৰ্যকালত তেওঁ ৱাৰ্ড নং ৮৮ক চহৰৰ আটাইতকৈ সেউজীয়া ৱাৰ্ডলৈ ৰূপান্তৰিত কৰে।৮
২০১৯ চনৰ ১২ মাৰ্চত দলৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে কলকাতা দক্ষিণ সমষ্টিৰ পৰা ৰয়ে আগন্তুক সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰে কাৰণ সাংসদ সুব্ৰত বক্ষীয়ে দলৰ সংগঠন শক্তিশালী কৰিবলৈ আগ্ৰহী হোৱাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰিছিল।৯ ২৩ মে’ত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জনতা পাৰ্টীৰ চন্দ্ৰ কুমাৰ বসুক প্ৰায় ১৫৫,১৯২ ভোটৰ ব্যৱধানত পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ বসুৰ ৪১৭,৯২৭টা ভোটৰ বিপৰীতে ৫৭৩,১১৯টা ভোট লাভ কৰে। .১০
তথ্যসূত্ৰ
- ↑ Mala Roy. MyNeta
- ↑ মালাৰ পৰ তৃণমূলে পা বাড়িয়ে নিৰ্বেদ, শঙ্কৰও. Ei Samay
- ↑ (28 May 2010). Winners' duel and a dark horse. The Telegraph
- ↑ Kolkata Dakshin. Elections in India
- ↑ (7 March 2015). West Bengal: Congress leader Mala Roy joins Trinamool Congress. ইণ্ডিয়া টুডে
- ↑ (7 May 2015). Mala Roy to be KMC chairperson. The Statesman
- ↑ (6 May 2015). Congress defector Mala Roy named KMC chairperson. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (15 May 2019). Mala Roy reaches out to each household, takes green route to win voter's confidence. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (12 March 2019). মমতাৰ কেন্দ্ৰে সুব্ৰতৰ 'না', গতবাৰেৰ কংগ্ৰেস প্ৰাৰ্থী মালা ৰায়েৰ উপৰ আস্থা তৃণমূলেৰ. One India
- ↑ (23 May 2019). ২ লাখেৰও বেশি ভোটে জয়ী তৃণমূল কংগ্ৰেস প্ৰাৰ্থী মালা ৰায়. Aajkaal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালা ৰয়” প্ৰবন্ধৰ সংশোধন ৫৮৩৩০২ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।