অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিশাখা চিৰিৱৰ্ধনা

মুক্তগৰা অধিকাৰী মুইদিয়ানচে ৰালাহামিনালাগে বিশাখা চিৰিৱৰ্ধনা (সিংহল: විශාඛා සිරිවර්ධන}}; ২৮ আগষ্ট ১৯৫৬ – ২৩ অক্টোবৰ ২০২১), যিগৰাকী বিশাখা চিৰিৱৰ্ধনা নামেৰে জনপ্ৰিয়, শ্ৰীলংকাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল।

হালনাগাদ: ৪ মে’ ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মুক্তগৰা অধিকাৰী মুইদিয়ানচে ৰালাহামিনালাগে বিশাখা চিৰিৱৰ্ধনা (সিংহল ভাষা: විශාඛා සිරිවර්ධන}}; ২৮ আগষ্ট ১৯৫৬ – ২৩ অক্টোবৰ ২০২১), যিগৰাকী বিশাখা চিৰিৱৰ্ধনা নামেৰে জনপ্ৰিয়, শ্ৰীলংকাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল।১ তিনিটাতকৈও অধিক দশকৰ কেৰিয়াৰত তেওঁ চাৰাংগা, চচৰা চেতনা আৰু সুৰা দুথিও আদি ছবিত অভিনয় কৰি প্ৰসাৰতা লাভ কৰিছিল।২ ৫ ফুট ৯ ইঞ্চি উচ্চতাৰে তেওঁ আছিল শ্ৰীলংকাৰ আটাইতকৈ ওখ অভিনেত্ৰী।৩৪

ব্যক্তিগত জীৱন

বিশাখা চিৰিৱৰ্ধনাৰ জন্ম হৈছিল ১৯৫৬ চনৰ ২৮ আগষ্টত শ্ৰীলংকাৰ কুৰুনেগালাৰ কাটু পোথাত। তেওঁ নজন ভাই-ভনীৰ ভিতৰত অষ্টম সন্তান আছিল। তেওঁৰ মাতৃ আছিল ডোনা লিজ্জি চিৰিৱৰ্ধনা আৰু পিতৃ আছিল দেশাই চাৰথ চিৰিৱৰ্ধনা। তেওঁ কাটু পোথা তিছা মহা বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল।৫

তেওঁ দয়া ধৰ্মচিৰিৱৰ্ধনাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দয়া এটা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছিল আৰু ইয়াৰ ফলত তেওঁৰ এখন ভৰি কাটি পেলাব লগা হৈছিল।৫

তেওঁ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল যদিও অভিনয় জগতত কাম কৰি গৈছিল। অৱশ্যে কুৰুনেগালা টিচিং হাস্পতালত চিকিৎসাধীন অৱস্থাত ২০২১ চনৰ ২৩ অক্টোবৰত ৬৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৩৬ তেওঁৰ নশ্বৰ দেহ ২০২১ চনৰ ২৪ অক্টোবৰত পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ কুৰুনেগালা পৌৰসভাৰ ফ্লোৰিষ্ট হলত ৰখা হৈছিল। ২০২১ চনৰ ২৫ অক্টোবৰত কাটু পোথা কবৰস্থানত তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়।৭

কেৰিয়াৰ

তেওঁ দুৰ্ঘটনাক্ৰমে অভিনয় জগতত প্ৰৱেশ কৰিছিল। এদিন বিশাখাই গম পালে যে তেওঁৰ জন্মগাঁও কুৰুনেগালাৰ কাটু পোথাত ৱাচান্থায়ে দাৱাচাক চিনেমাখনৰ দৃশ্যগ্ৰহণ চলি আছে। তেওঁ বন্ধু-বান্ধৱীৰ এটা দলৰ সৈতে তালৈ গৈছিল আৰু তাতেই অভিনেত্ৰী ৰাণী মালিনী ফনচেকাসহ ছবিখনৰ কলা-কুশলীসকলক দেখিছিল। দৃশ্যগ্ৰহণ দেখি তেওঁৰো অভিনেত্ৰী হোৱাৰ হেঁপাহ জাগিছিল। চলচ্চিত্ৰ পৰিচালক চিৰি কুলাৰত্নেৰ ভাতৃ বিশাখাৰ সহপাঠী আছিল, যাৰ জৰিয়তে তেওঁ চিৰি কুলাৰত্নেক লগ কৰিবলৈ সহায় কৰিছিল।৮ ইয়াৰ পিছত কুলাৰত্নেই বিশাখাক তেওঁৰ শেহতীয়া ছবি অনুৰাধাৰ বাবে নিৰ্বাচন কৰে আৰু ১৯৮১ চনত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ জৰিয়তে তেওঁ মালিনী ফনচেকাৰ সৈতে চলচ্চিত্ৰ জগতত অভিষেক ঘটায়।৫ কিন্তু তেওঁৰ মুক্তি পোৱা প্ৰথমখন ছবি আছিল ১৯৮১ চনত গামিনী হেৱাউইথাৰাণাৰ দ্বাৰা পৰিচালিত চাৰাংগা।৭

ছবিখনৰ সফলতাৰ পিছত তেওঁ ১৯৮২ চনত মুক্তি পোৱা চানাচান্না মা আৰু য়াহালু য়েহেলি আদি ছবিত অভিনয় কৰে। ১৯৮৪ চনত তেওঁ তিনিখন ছবিত অভিনয় কৰে: কোকিলা, পুডী ৰালাহামি আৰু চচৰা চেতনা। পৰৱৰ্তী সময়ত ১৯৮৫ চনত অনুষ্ঠিত ১৩ সংখ্যক সাৰসাৱিয়া বঁটাত চচৰা চেতনা ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে বিশাখাই শ্ৰেষ্ঠ উদীয়মান অভিনেত্ৰীৰ সাৰসাৱিয়া বঁটা লাভ কৰে।৯ তেওঁ ধাৰাবাহিকভাৱে ছবিৰ আমন্ত্ৰণ লাভ কৰিছিল যদিও স্বামীৰ দুৰ্ঘটনাৰ বাবে তেওঁ সেইবোৰত অৰিহণা যোগাব নোৱাৰিলে। সেই পৰিবৰ্তনৰ সময়ছোৱাৰ পিছত মালানী ফনচেকাৰ দ্বাৰা পৰিচালিত ছবি চান্দমাদালাৰ জৰিয়তে তেওঁ চিনেমা জগতলৈ ঘূৰি আহে।৫ ১৯৮৬ চনত তেওঁ সুৰা দুথিওত অভিনয় কৰাৰ বাবে ১৩ সংখ্যক অ'চিআইচি বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অভিনয়ৰ বঁটা লাভ কৰে।৯ ইয়াৰ পিছত তেওঁ পুথুনী মাতা চামভেন্না, সুৰা দুথিও, অচিপাথা মামাই, চথ্যাগ্ৰহণায়া, ক্ৰিষ্টু চৰিতাায়া, চেৰিঅ’ ডক্টৰ, য়াচোমা আৰু ভীষনায় অতুৰু কথাৱাক আদি ছবিত অভিনয় কৰে।১০৭

চিনেমাৰ বাহিৰেও তেওঁ বিশেষকৈ খলনায়িকাৰ চৰিত্ৰৰ জৰিয়তে টেলিভিছনত উল্লেখনীয় অভিনয় কৰিছিল। তেওঁ টেলিভিছন ধাৰাবাহিক ইচুৰু গিৰাত "ৰাথু আক্কা" চৰিত্ৰত অভিনয় কৰিছিল, য'ত তেওঁ সেই সময়ৰ সেই চৰিত্ৰটোৰ বাবে অতি জনপ্ৰিয় হৈ পৰিছিল। তাৰ পিছত তেওঁ কেইবাখনো ধাৰাবাহিক আৰু চাব অপাৰেত অৰিহণা যোগাবলৈ সক্ষম হয় যেনে; বিম্মল ইল্লামা, তুলা দাহাৰা, চৰলা সমনলী, কিথচিৰিগে ইৰাণামা, দেৱেনী ৱেদিকভা, চাভিল পালিক, কাহালা নাদায়া, চিভদিয়া দাহাৰা, পুদা বেছা, বাম্বা কেটু হাটি, ভাৱনা আৰু বসুদা।৫৭ ২০০৭ চনত ১২ সংখ্যক সুমাথি বঁটাত দুউইলি সুলংগা নামৰ টেলিভিছন ধাৰাবাহিকখনত অভিনয় কৰাৰ বাবে তেওঁ সুমাথি শ্ৰেষ্ঠ টেলিড্ৰামা সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে।১১

তথ্যসূত্ৰ

  1. ↑ Vishaka Siriwardana - විශාකා සිරිවර්ධන - Sinhala Cinema Database. www.films.lk
  2. ↑ Veteran actress Vishaka Siriwardana passes away. Daily News
  3. ↑ Veteran actress Visakha Siriwardena passes away. Dinamina
  4. ↑ Veteran actress Vishaka Siriwardana passes away. www.adaderana.lk
  5. ↑ (2021-10-27). Visakha Siriwardena, who has shaped the memory book as the tallest actress, is stepping down from the stage. සරසවිය
  6. ↑ Veteran actress Visakha Siriwardena passes away. sinhala.adaderana.lk
  7. ↑ Chinthaka. (2021-10-25). The tallest actress in Sri Lankan cinema Visakha Suraduthiyo passes away. Divaina
  8. ↑ (2021-10-24). Visakha Siriwardena passes away. Colombo Times
  9. ↑ Veteran actress Visakha Siriwardena passes away. hirunews
  10. ↑ (2019-11-12). Charlie's Angels. සරසවිය
  11. ↑ Sumathi Award winners in each year. www.sumathiawards.lk

সম্পৰ্কিত শ্ৰেণী

শ্ৰীলংকাৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশাখা চিৰিৱৰ্ধনা” প্ৰবন্ধৰ সংশোধন ৬০৪৩৫৫ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।