বীৰবাহা হান্সদা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী যি বৰ্তমান আত্মসহায়ক গোট আৰু আত্মনিয়োগৰ কেবিনেট মন্ত্ৰী আৰু পশ্চিম বংগ চৰকাৰৰ বন আৰু গ্ৰাহক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ পশ্চিম বংগ চৰকাৰৰ বন ৰাজ্য মন্ত্ৰী আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু ঝাৰগ্ৰাম সমষ্টিৰ বিধানসভাৰ সদস্য।১এগৰাকী অভিনেত্ৰী হিচাপে হান্সদাই প্ৰধানকৈ চাঁওতালি ভাষাৰ ছবিত অভিনয় কৰাৰ লগতে বাংলা আৰু হিন্দী ভাষাৰ কেইখনমান ছবিত অভিনয় কৰিছে।২
প্ৰাথমিক জীৱন
হান্সদাই ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ আংকৰো গাঁৱৰ এটা চাঁওতাল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।৩৪ তেওঁৰ পিতৃ প্ৰয়াত নৰেন হান্সদা ঝাৰখণ্ড পাৰ্টিৰ (নৰেন) প্ৰতিষ্ঠাপক আছিল। তেওঁৰ পিতৃ আৰু মাতৃ চুনীবালা হান্সদা পশ্চিম বংগ বিধানসভা সমষ্টিৰ সদস্য আছিল। হান্সদাই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল।
তেওঁ ঘাটশিলা মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰি, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। হান্সদাই সৰুৰে পৰাই অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।
কৰ্মজীৱন
অভিনেত্ৰী আৰু প্ৰযোজক প্ৰেম মাৰ্ডিৰ সৈতে হান্সদাই কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ অভিনয় কৰা ২০০৮ চনৰ প্ৰথমখন চলচ্চিত্ৰ আছিল আদো আলোম আছো আ'। অভিনয়ৰ জৰিয়তে তেওঁ প্ৰশংসা লাভ কৰিছিল। আন আন ছবিসমূহৰ ভিতৰত আছে 'আচ্ছা থিক গিয়া, আছ তানহে এনা আমৰে, আমগে শাৰী দুলাৰিয়া (২০১২), টোডে সুতম (২০১৩), জুপুৰ জুলি, আলম ৰেজিনিয়া সকম সিন্দুৰ (২০১৩), জৱাই ওৰা বংগাই চাপাল কিডিং (২০১৪), মলং আৰু ফুলমনি। তেওঁ কেইবাটাও গীত আৰু মিউজিক ভিডিঅ’ত কাম কৰি আহিছে। যেনেঃ ‘এ না মচলা বাহা’ (২০১৪), ‘এ ডোগৰ না’ (২০১৪), ‘চাগ চো চান্দো’ (২০১৪) আৰু ‘গৰম শাড়ী শাড়ী’। ২০২১ চনৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত ঝাৰগ্ৰাম (বিধান সভা সমষ্টি)ৰ পৰা এআইটিচিৰ প্ৰাৰ্থী হিচাপে হান্সদাই জয়লাভ কৰিছিল।
বঁটাসমূহ
- ২০০৮ চনৰ পৰা ২০১২ চনলৈ চাঁওতালি ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
- RASCA বঁটা।
- শেহতীয়াকৈ তেওঁৰ ছবি ফুলমনিয়ে দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা, ২০১৮ত ১২২ নম্বৰ স্থান লাভ কৰিছিল।৫
- পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পৰা অভ্যৰ্থনা প্ৰাপক (২০১৯)
তথ্যসূত্ৰ
- ↑ (11 May 2021). Birbaha Hansda: Everything to know about the Santali actor who won in West Bengal elections. The Indian Express
- ↑ (18 February 2019). Parbatipur Indian film actress Birbaha Hansda
- ↑ Das, Madhuparna. (2 April 2016). Santhali actress Birbaha Hansda to fight West Bengal polls. The Economic Times
- ↑ (15 March 2019). Namesake contestants create confusion in West Bengal's Jhargram. The New Indian Express
- ↑ (2017). Birbaha photo of Delhi movie festival. Aajkaal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰবাহা হান্সদা” প্ৰবন্ধৰ সংশোধন ৫২২৪৬৮ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।