অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিলাল তনৱীৰ

বিলাল তনৱীৰ (Bilal Tanweer উৰ্দু, পঞ্জাৱী:; জন্ম:১৯৮৩) লাহোৰত বসবাস কৰা এগৰাকী পাকিস্তানী লেখক আৰু অনুবাদক। তেওঁৰ দ্য স্কেটাৰ হিয়েৰ ইজ টু গ্ৰেট উপন্যাসখনে ২০১৪ চনত শক্তি ভট্ট ফাৰ্ষ্ট বুক প্ৰাইজ লাভ কৰিছিল আৰু ২০১৫ চনত দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ আৰু Chautauqua Prizeৰ…

হালনাগাদ: ১৬ নৱেম্বৰ ২০২৪ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বিলাল তনৱীৰ (Bilal Tanweer উৰ্দু ভাষা, পঞ্জাৱী:; জন্ম:১৯৮৩) লাহোৰত বসবাস কৰা এগৰাকী পাকিস্তানী লেখক আৰু অনুবাদক। তেওঁৰ দ্য স্কেটাৰ হিয়েৰ ইজ টু গ্ৰেট উপন্যাসখনে ২০১৪ চনত শক্তি ভট্ট ফাৰ্ষ্ট বুক প্ৰাইজ লাভ কৰিছিল আৰু ২০১৫ চনত দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ আৰু Chautauqua Prizeৰ বাবে মনোনয়ন লাভ কৰিছিল।১ তেওঁ মহম্মদ খালিদ আখটাৰৰ চকিৱাৰা ম্যে ৱিশাল উপন্যাসখন অনুবাদ কৰি পেন ট্ৰান্সলেচন ফাণ্ড গ্ৰাণ্ট লাভ কৰিছিল।২

প্ৰাৰম্ভিক জীৱন

১৯৮৩ চনত পাকিস্তানৰ কৰাছীত বিলালৰ জন্ম হৈছিল।১ তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰপৰা ফাইন আৰ্টচত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু ফুলব্ৰাইট বৃত্তি পাইছিল। বৰ্তমান তেওঁ পাকিস্তানৰ লাহোৰত থাকে আৰু লাহোৰ ইউনিভাৰচিটি অৱ মেনেজমেণ্ট চাইঞ্চ (এলইউএমএছ)ত সহযোগী অধ্যাপক ৰূপে অধ্যাপনা কৰে।২ পাকিস্তানৰ যুৱ লেখকসকলৰ বাবে গঠিত এলইউএমএছ য়ং ৰাইটাৰ্ছ ৱৰ্কশ্বপৰ তেওঁ এগৰাকী আয়োজক আৰু তেওঁলোকৰ পথ প্ৰদৰ্শকো।১

কৰ্মজীৱন

তেওঁৰ লেখা দ্য নিউয়ৰ্ক টাইমচ্‌, ডন, গ্ৰাণ্টা, ভেলাম, ক্ৰিটিকেল মুছলিম, দ্য কেৰাভান আৰু ৱৰ্ডছ উইডাউট বৰ্ডাৰছকে ধৰি বিভিন্ন কাকত আৰু আলোচনীত প্ৰকাশ পাইছে। ২০১৩ চনত ৰেণ্ডম হাউছে ভাৰতত প্ৰকাশ কৰা তেওঁৰ উপন্যাস দ্য স্কেটাৰ হিয়েৰ ইজ টু গ্ৰেটত কৰাছীৰ ৰেল ষ্টেচনত হোৱা বোমা বিস্ফোৰণৰ পৰিঘটনাক লৈ ৰচিত হৈছে। কাহিনীটো সাক্ষী, ভুক্তভোগী, পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী, সহযোগী, প্ৰেমিক-প্ৰেমিকাৰ দৃষ্টিকোণৰ পৰা কোৱা হৈছে। কিতাপখন ২০১৪ চনত ব্ৰিটেইনত জনাথন কেপে প্ৰকাশ কৰিছিল, আৰু সেই বছৰতে আমেৰিকাত হাৰপাৰ কলিন্সে ইয়াক প্ৰকাশ কৰে। ইয়াৰ ফৰাচী সংস্কৰণ Le monde n'a pas de fin ২০১৪ চনত এডিচনচ্‌ ষ্টকৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল আৰু ২০১৬ চনত Hanser Verlag দ্বাৰা জাৰ্মানীত প্ৰকাশ হৈছিল।২৩

এলইউএমএছ য়ং ৰাইটাৰ্ছ ৱৰ্কশ্বপ

এলইউএমএছ য়ং ৰাইটাৰ্ছ ৱৰ্কশ্বপ এখন পুঁজি নিৰ্ভৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা, যি পাকিস্তানৰ পৰৱৰ্তী প্ৰজন্মৰ লেখকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে তেওঁলোকক অনুপ্ৰাণিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই লেখকসকৰ সৃষ্টিশীল আকাংক্ষাক আগুৱাই নিবলৈ তেওঁ সৰ্বতোপ্ৰকাৰে সমৰ্থন প্ৰদান কৰে। কৰ্মশালাখনে যুৱ লেখকসকলক মেণ্টৰশ্বিপ, পৰীক্ষা-নিৰীক্ষাৰ বাবে স্থান, আৰু তেওঁলোকৰ লেখাৰ বাবে এটা সম্প্ৰদায় প্ৰদান কৰে। বছৰ বছৰ ধৰি চলি থকা এই কৰ্মশালা উল্লেখযোগ্য সফল কাহিনীৰে ভৰপূৰ, ইয়াত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ষ্টেগনাৰ ফেল’শ্বিপ লাভ কৰা এজন লেখক আছে, ইয়াৰ কেইবাজনো লেখকে সম্পূৰ্ণ পুঁজিৰে এম এফ এ কাৰ্যসূচীত নামভৰ্তি কৰিছে আৰু কিছুসংখ্যকৰ লেখা দ্য নিউয়ৰ্কাৰৰ দৰে আলোচনীত প্ৰকাশ পাইছে। বিলাল তনৱীৰ এই কৰ্মশালাৰ কেৱল মাত্ৰ এগৰাকী আয়োজক নহয়, তেওঁ কৰ্মশালাখনৰ প্ৰশিক্ষাৰ্থীসকলৰ এগৰাকী পথ-প্ৰদৰ্শকো।

স্বীকৃতি

  1. ২০১৪ চনত শক্তি ভট্ট ফাৰ্ষ্ট বুক প্ৰাইজ লাভ কৰে।৪
  2. ২০১৫ চনত দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰে।৫
  3. ২০১৫ চনতে Chautauqua Prize ৰ বাবে মনোনয়ন পায়।
  4. পেন ট্ৰান্সলেচন ফাণ্ড গ্ৰাণ্ট লাভ।
  5. ২০১৫-২০১৭ চনৰ বাবে Akademie Schloss Solitude ৰ ফেলো ৰূপে স্বীকৃতি লাভ।২

গ্ৰন্থপঞ্জী

উপন্যাস

  • দ্য স্কেটাৰ হিয়েৰ ইজ টু গ্ৰেট (২০১৩)

অনুবাদ

  • দ্য হাউচ অৱ ফিয়েৰ (২০১০); ইবন-এ-চাফি
  • লাভ ইন চকিৱাৰা এণ্ড আডাৰ মিচএডভেঞ্চাৰ (২০১৬); মহম্মদ খালিদ আখটাৰ

বাহ্যিক সংযোগ

বিলাল তনৱীৰৰ সৈতে বাৰ্তালাপ

তথ্যসূত্ৰ

  1. ↑ (26 March 2020). Bilal Tanweer. akademie-solitude.de. Akademie Schloss Solitude
  2. ↑ (2014-11-24). Welcome to LUMS. LUMS
  3. ↑ Row, Jess. (2014-09-26). 'The Scatter Here Is Too Great,' by Bilal Tanweer. The New York Times
  4. ↑ (2014-11-25). Pakistan author Bilal Tanweer wins 2014 Shakti Bhatt First Book Prize. The Economic Times
  5. ↑ (2014-11-28). Kamila Shamsie, Bilal Tanweer shortlisted for South Asia fiction prize. The Express Tribune

সম্পৰ্কিত শ্ৰেণী

ঔপন্যাসিকসাহিত্যিকপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিলাল তনৱীৰ” প্ৰবন্ধৰ সংশোধন ৪৪৫৩৪৯ (১৬ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।