অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীণা দাস (নৃতত্ত্ববিদ)

বীণা দাস, এফবিএ (Veena Das; জন্ম ১৯৪৫) জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ ক্ৰীগাৰ-আইজেনহাৱাৰ ভাৰতীয় অধ্যাপিকা। তেওঁৰ তাত্ত্বিক বিশেষজ্ঞতাৰ ক্ষেত্ৰসমূহৰ ভিতৰত হিংসাৰ নৃতত্ত্ব, সামাজিক দুখ, আৰু ৰাষ্ট্ৰ আদি অন্তৰ্ভুক্ত।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৯৭ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

বীণা দাস, এফবিএ (Veena Das; জন্ম ১৯৪৫) জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ ক্ৰীগাৰ-আইজেনহাৱাৰ ভাৰতীয় অধ্যাপিকা।১ তেওঁৰ তাত্ত্বিক বিশেষজ্ঞতাৰ ক্ষেত্ৰসমূহৰ ভিতৰত হিংসাৰ নৃতত্ত্ব,২ সামাজিক দুখ,৩ আৰু ৰাষ্ট্ৰ আদি অন্তৰ্ভুক্ত।৪ দাসে এণ্ডাৰ ৰেট্জিয়াছ সোণৰ পদককে ধৰি একাধিক আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে, সন্মানীয় লুইছ হেনৰী মৰ্গান বক্তৃতা প্ৰদান কৰিছে আৰু আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছৰ বিদেশী সন্মানীয় সদস্য হিচাপে নিৰ্বাচিত হৈছে।৫

শিক্ষা

দাসে ইন্দ্ৰপ্ৰস্থ কলেজ ফৰ উইমেন আৰু দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰি ১৯৬৭ চনৰ পৰা ২০০০ চনলৈকে তাত অধ্যাপনা কৰিছিল। ১৯৭০ চনত দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা এম এন শ্ৰীনিবাসৰ তত্ত্বাৱধানত পি এইচ ডি সম্পূৰ্ণ কৰে। ১৯৯৭ চনৰ পৰা ২০০০ চনলৈকে নিউ স্কুল ফৰ ছ’চিয়েল ৰিচাৰ্চত নৃতত্ত্বৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত জনছ হপকিন্স বিশ্ববিদ্যালয়লৈ গুচি যায় আৰু ২০০১ চনৰ পৰা ২০০৮ চনৰ ভিতৰত নৃতত্ত্ব বিভাগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।৬

কিতাপসমূহ

তেওঁৰ প্ৰথমখন গ্ৰন্থ ষ্ট্ৰাকচাৰ এণ্ড কগনিচন: এস্পেক্টছ অৱ হিন্দু কেষ্ট এণ্ড ৰিচুৱেল (অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, দিল্লী, ১৯৭৭)-এ জাতি-গোষ্ঠীৰ আত্মপ্ৰতিনিধিত্বৰ সম্পৰ্কত ত্ৰয়োদশৰ পৰা ১৭ শতিকাৰ বৰ্ণ প্ৰথাক দৃষ্টিলৈ আনিছিল। পুৰোহিতত্ত্ব, আত্মীয়তা আৰু ত্যাগৰ মাজত ত্ৰিপাক্ষিক বিভাজনৰ ক্ষেত্ৰত হিন্দু চিন্তাৰ গাঁথনিৰ চিনাক্তকৰণে জাতিগোষ্ঠীসমূহে উদ্ভাৱন আৰু নতুন মৰ্যাদাৰ দাবী যিবোৰ গুৰুত্বপূৰ্ণ মেৰুৰ ভিতৰত সংঘটিত হৈছিল, সেইবোৰৰ এক অতি গুৰুত্বপূৰ্ণ গাঁথনিবাদী ব্যাখ্যা হিচাপে প্ৰমাণিত হ’ল।

বীণা দাসৰ শেহতীয়া গ্ৰন্থ হৈছে লাইফ এণ্ড ৱৰ্ডছ: ভিলেন্স এণ্ড দ্য ডেচেণ্ট ইনটু দ্য অৰ্ডিনেৰী (কেলিফৰ্ণিয়া ইউনিভাৰ্চিটি প্ৰেছ, ২০০৬)। শিৰোনামটোৱে বুজাই দিয়াৰ দৰে দাসে হিংসাক সাধাৰণ জীৱনৰ বাধা হিচাপে নহয় বৰঞ্চ সাধাৰণৰ লগত জড়িত কিবা এটা হিচাপেহে ভাবে। দাৰ্শনিক ষ্টেনলি কেভেলে কিতাপখনৰ এটা মূল্যৱান পাতনি লিখিছে য’ত তেওঁ কৈছে যে ইয়াক পঢ়াৰ এটা উপায় হ’ল উইটজেনষ্টাইনৰ ফিল’চফিকেল ইনভেষ্টিগেচনছৰ সংগী হিচাপে পঢ়া। গ্ৰন্থখনৰ এটা অধ্যায়ত স্বাধীনতাৰ পিছৰ সময়ছোৱাত অপহৃত মহিলাসকলৰ অৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ই বিভিন্ন আইনী ইতিহাসবিদৰ আগ্ৰহৰ বিষয় হৈ আহিছে। লাইফ এণ্ড ৱৰ্ডছত উইটজেনষ্টাইন আৰু ষ্টেনলি কেভেলৰ যথেষ্ট প্ৰভাৱ পৰিছে যদিও ইয়াত ইতিহাসৰ বিশেষ মুহূৰ্ত যেনে ভাৰত বিভাজন আৰু ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ বিষয়েও আলোচনা কৰা হৈছে।

কিতাপখনে ‘এই পৰিঘটনাবোৰৰ মাজত গভীৰভাৱে নিহিত হৈ থকা বিশেষ ব্যক্তি আৰু সম্প্ৰদায়ৰ জীৱনৰ বৰ্ণনা কৰিছে, আৰু ইয়াত বৰ্ণনা কৰা হৈছে যে এই পৰিঘটনাটোৱে দৈনন্দিন জীৱনৰ লগত নিজৰ টেণ্টেকেলৰ সৈতে নিজকে সংলগ্ন কৰি সাধাৰণৰ গুহাত নিজকে ভাঁজ কৰি লোৱাৰ ধৰণৰ। ’

গৱেষণা

আশীৰ দশকৰ পৰাই তেওঁ হিংসা আৰু সামাজিক দুখ-কষ্টৰ অধ্যয়নত নিমগ্ন হৈ পৰিছিল। ১৯৯০ চনত অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত তেওঁৰ সম্পাদিত গ্ৰন্থ মিৰ’ৰ্ছ অৱ ভিলেন্স: কমিউনিটিজ, ৰাইটছ এণ্ড চাৰ্ভাইভাৰ্ছ ইন চাউথ এছিয়া দক্ষিণ এছিয়াৰ নৃতত্ত্বৰ ভিতৰত হিংসাৰ বিষয়সমূহ অনা প্ৰথম গ্ৰন্থসমূহৰ ভিতৰত অন্যতম। নব্বৈৰ দশকৰ শেষৰ ফালে আৰু বিংশৰ দশকৰ আৰম্ভণিতে আৰ্থাৰ ক্লেইনমেন আৰু আনসকলৰ সৈতে সম্পাদনা কৰা এই বিষয়সমূহৰ ওপৰত লিখা এখন ট্ৰাইলজীয়ে এই ক্ষেত্ৰসমূহক এক নতুন দিশ দিছিল। খণ্ডবোৰৰ শিৰোনাম হৈছে সামাজিক দুখ; হিংসা আৰু বিষয়ভিত্তিকতা; আৰু ৰিমেকিং এ ৱৰ্ল্ড।

বঁটা

১৯৯৫ চনত ছুইডিছ ছ'চাইটি ফৰ এণ্ট্ৰ'প'লজি এণ্ড জিঅ'গ্ৰাফীৰ পৰা এণ্ডাৰছ ৰেট্জিয়াছ সোণৰ পদক৭ আৰু ২০০০ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।৮ তেওঁ আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছ৯ৰ বিদেশী সন্মানীয় সদস্য আৰু তৃতীয় বিশ্ব একাডেমী অৱ চাইন্সেছৰ ফেল'। ২০০৭ চনত দাসে ৰচেষ্টাৰ বিশ্ববিদ্যালয়ত লুইছ হেনৰী মৰ্গান বক্তৃতা প্ৰদান কৰে,যাক বহুতে নৃতত্ত্বৰ ক্ষেত্ৰখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাৰ্ষিক বক্তৃতা শৃংখলা বুলি গণ্য কৰে।১০ ২০১৯ চনত অধ্যাপক দাস ব্ৰিটিছ একাডেমীৰ ফেলো হিচাপে নিৰ্বাচিত হৈছিল।১১

তথ্যসূত্ৰ

  1. ↑ Speakers | Veena das | Society of Fellows in the Humanities at Columbia University
  2. ↑ Martin. (2007). Review essay: Violence, language, and everyday life. American Ethnologist. পৃ. 741–745
  3. ↑ Green. (1999). Reviewed work: Social Suffering, Arthur Kleinman, Veena Das, Margaret Lock. Medical Anthropology Quarterly. পৃ. 375–377
  4. ↑ (2004). Anthropology in the Margins: Comparative Ethnographies. SAR Press. ISBN 9781934691656
  5. ↑ John Simon Guggenheim Foundation | Veena das
  6. ↑ Anthropology's 70th Anniversary. University of Copenhagen
  7. ↑ Named Deanships, Directorships, and Professorships. Named Deanships, Directorships, and Professorships
  8. ↑ The University of Chicago Magazine: December 2000, Features. magazine.uchicago.edu
  9. ↑ Members. American Academy of Arts & Sciences
  10. ↑ Bonnie J. Kavoussi. (16 September 2008). Matory To Join Duke Faculty
  11. ↑ Professor Veena Das FBA. The British Academy

সম্পৰ্কিত শ্ৰেণী

নৃতত্ত্ববিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীণা দাস (নৃতত্ত্ববিদ)” প্ৰবন্ধৰ সংশোধন ৬২৪০২৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।