অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিশাখা হৰি

বিশাখা হৰি (Vishaka Hari, জন্ম: ২১ মে' ১৯৮১) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কৰ্ণাটিক শাস্ত্ৰীয় সংগীতৰ লগত জড়িত। তেওঁ বিশেষকৈ হৰিকথাৰ ব্যাখ্যাকাৰ আৰু কাথাকলাক্ষেপামৰ কথক হিচাপে জনাজাত। তেওঁ এগৰাকী ৰাজকীয় চনদপ্ৰাপ্ত হিচাপৰক্ষক বা চাৰ্টাৰ্ড একাউণ্টেণ্ট।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বিশাখা হৰি (Vishaka Hari, জন্ম: ২১ মে' ১৯৮১) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কৰ্ণাটিক শাস্ত্ৰীয় সংগীতৰ লগত জড়িত। তেওঁ বিশেষকৈ হৰিকথাৰ ব্যাখ্যাকাৰ আৰু কাথাকলাক্ষেপামৰ কথক হিচাপে জনাজাত। তেওঁ এগৰাকী ৰাজকীয় চনদপ্ৰাপ্ত হিচাপৰক্ষক বা চাৰ্টাৰ্ড একাউণ্টেণ্ট।

প্ৰাৰম্ভিক জীৱন

১৯৮১ চনৰ ২১ মে' তাৰিখে তামিলনাডুৰ ৰাজধানী চেন্নাইত বিশাখা হৰিৰ জন্ম হৈছিল। বিশাখা হৰিয়ে কৰ্ণাটিক বেহেলাবাদক পদ্মবিভূষণ শ্ৰী লালগুড়ি জয়ৰমনৰ অধীনত কৰ্ণাটিক শাস্ত্ৰীয় সংগীত শিকিছিল। তেওঁৰ আধ্যাত্মিক গুৰু আৰু শহুৰ হৈছে শ্ৰী শ্ৰীকৃষ্ণ প্ৰেমী স্বামীগল (শ্ৰী শ্ৰী আন্না)।১২ তেওঁ তেওঁৰ স্বামী শ্ৰী হৰিজীৰ পৰা হৰিকথাৰ কলা শিকিছিল। তেওঁ এজন অভিজ্ঞ হৰিকথা প্ৰদৰ্শক যিয়ে তামিল, ইংৰাজী আৰু হিন্দীত হৰিকথা ব্যাখ্যা কৰে। তেওঁলোকৰ এজন পুত্ৰ ৰাজাগোপাল হৰি। তেওঁ ২০০৭ চনত জন্ম গ্ৰহণ কৰিছিল।

সাংগীতিক জীৱন

বিশাখা হৰিয়ে ২০০৬ চনৰ পৰা চেন্নাই মিউজিক চিজনৰ কেইবাটাও সভাত তেওঁৰ কলা প্ৰদৰ্শন কৰিছে।

তেওঁ প্ৰায়ে তেওঁৰ স্বামী শ্ৰী হৰিৰ সৈতে প্ৰদৰ্শন কৰে, যি তেওঁৰ কথাকলাক্ষপম প্ৰদৰ্শন দৰ্শকক ইংৰাজী ভাষাত বুজাই দিয়ে। তেওঁৰ ভাতৃ সাকেথৰামন শ্ৰী লালগুড়ি জয়ৰমনৰ শিষ্য ভাৰতৰ এজন কৰ্ণাটিক শাস্ত্ৰীয় সংগীতজ্ঞ। তেওঁ এগৰাকী আকাশবাণীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিল্পী। তেওঁ বিদেশত বহুতো আলোচনাচক্ৰ আৰু সংগীতানুষ্ঠান কৰিছে।

বিশাখা হৰিয়ে বিশিষ্ট নৃত্যশিল্পী অধ্যাপক সুধাৰাণী ৰঘুপতিৰ পৰা ভাৰতনাট্যম শিকিছিল।২ বিশাখায়ে ৰামায়ণ, শ্ৰীমদ ভাগৱত আৰু স্কন্দ পুৰণাৰ ওপৰত আধাৰিত কৰি বিভিন্ন বিষয়ত হৰিকথা প্ৰদৰ্শন কৰে। তেওঁ শ্ৰীশ্ৰী আন্নাৰ কৰ্ম যেনে: শ্ৰী বৈষ্ণৱ সংহিতা, শ্ৰী বৃন্দাবন মাহাত্ম্যম, দিব্য দেশ বৈভৱম, হৰিকথা অমৃত লাহৰী, শ্ৰী ভকতপুৰীশ স্তৱম, সতী বিজয়ম, শতকামস আৰু কীৰ্ত্তন আদিতো প্ৰদৰ্শন আগবঢ়ায়।

বঁটা আৰু সন্মান

তেওঁ হৰিকথা আৰু কৰ্ণাটিক শাস্ত্ৰীয় সংগীত ক্ষেত্ৰলৈ তেওঁৰ অৱদানৰ বাবে বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে।

তেওঁ 'মহিলা পাৰ উৎকৃষ্টতা' বঁটা তেওঁৰ সংগীত গুৰু শ্ৰী লালগুড়ি জয়ৰমন আৰু ত্যাগৰাজ পৰা লাভ কৰিছিল। তেওঁৰ আধ্যাত্মিক গুৰু আৰু শহুৰ শ্ৰীকৃষ্ণ প্ৰেমী স্বামীগালৰ পৰা 'ত্যাগৰাজ স্বামীৰ প্ৰতিধ্বনি' উপাধি লাভ কৰিছিল।৩

তেওঁ ২০১৬ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে তেওঁক মুম্বাইৰ শ্ৰী সমুখনন্দ ফাইন আৰ্টছ আৰু সংগীত অনুষ্ঠানত ড॰ এম এছ চুব্বালক্ষ্মী শতবৰ্ষ বঁটা প্ৰদান কৰা হৈছিল। এই বঁটা লাভ কৰা তেওঁ দেশৰ ৭ গৰাকী শিল্পীৰ অন্যতম।৪

২০১৬ চনৰ ১৬ নৱেম্বৰ তাৰিখে চেন্নাইৰ ভাৰতীয় বিদ্যা ভৱনে তেওঁক 'জীৱনজোৰা প্ৰাপ্তি' বঁটা প্ৰদান কৰে।৫

তথ্যসূত্ৰ

  1. ↑ (23 May 2008). The raconteur’s raga
  2. ↑ From commerce to katha. The Hindu
  3. ↑ (2013-01-24). Soulful Tunes - Indian Express. Archive.indianexpress.com
  4. ↑ (14 September 2016). 7 women get M.S. Subbulakshmi Awards. The Hindu
  5. ↑ (2016-11-21). Bhavan's cul-fest opens to a full house. Kutcheribuzz.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশাখা হৰি” প্ৰবন্ধৰ সংশোধন ৬৪০০৭৯ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।