অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীনা দেৱী

বীনা দেৱী (জন্ম গ. ১৯৭৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী মহিলা। তেওঁ কাঠফুলাৰ খেতিৰ জৰিয়তে মহিলাসকলক ব্যৱসায়ী মহিলা হিচাপে স্বনিৰ্ভৰশীল হ'বলৈ অনুপ্ৰাণিত কৰাৰ বাবে জনাজাত।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বীনা দেৱী (জন্ম গ. ১৯৭৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী মহিলা। তেওঁ কাঠফুলাৰ খেতিৰ জৰিয়তে মহিলাসকলক ব্যৱসায়ী মহিলা হিচাপে স্বনিৰ্ভৰশীল হ'বলৈ অনুপ্ৰাণিত কৰাৰ বাবে জনাজাত।১ কাঠফুলাৰ খেতিক জনপ্ৰিয় কৰাৰ বাবে 'কাঠফুলা নাৰী' নামেৰে অভিহিত বীনা দেৱীয়ে ভাৰত চৰকাৰৰ সৰ্বোচ্ছ নাৰী সন্মান নৰী শক্তি পুৰস্কাৰ লাভ কৰে আৰু পাঁচ বছৰৰ বাবে টেটিয়াবাম্বাৰ খণ্ডৰ ধৌৰী পঞ্চায়তৰ চৰপঞ্চ হিচাপে নিযুক্ত হয়। তেওঁ কৃষকসকলক কাঠফুলা আৰু জৈৱিক কৃষি, কেছুসাৰ উৎপাদন আৰু জৈৱিক কীটনাশক প্ৰস্তুতকৰাৰ প্ৰশিক্ষণ দিছে।

প্ৰাৰম্ভিক জীৱন

দেৱী ভাৰতৰ বিহাৰ ৰাজ্যৰ তিলকাৰী নামৰ এখন সৰু গাঁৱত আনুমানিক ১৯৭৭ চনত জন্ম হৈছিল।২ বীনা দেৱী তেওঁৰ স্বামী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে বৰ্তমান তিলকাৰীতে বাস কৰে।

কেৰিয়াৰ

দেৱীয়ে প্ৰথমে নিজৰ বিছনাৰ তলত সামান্য পৰিমাণৰ কাঠফুলা খেতি কৰিছিল আৰু ইয়াৰদ্বাৰাই তেওঁ উপলব্ধি কৰাইছিল যে কাঠফুলাৰ খেতি তেওঁৰ বাবে এক সুযোগ হোৱাৰ সম্ভাৱনা আছে।২ কাঠফুলা খেতি কৰাৰ উপৰি দেৱীয়ে দুগ্ধ পালন আৰু ছাগলী পালন কাৰ্যটো লিপ্ত হৈছিল। নিজৰ কৰ্মৰ দ্বাৰা তেওঁ গ্ৰাম্য মহিলাসকলৰ মাজত স্ব-নিয়োজনৰ বাবে প্ৰেৰণা যোগোৱাৰ বাবে জনাজাত হৈ পৰিছিল। তেওঁ মুংগেৰ জিলাৰ পাঁচটা খণ্ড আৰু ১০৫খন চুবুৰীয়া গাঁৱত কাঠফুলাৰ উৎপাদন জনপ্ৰিয় কৰি তুলিছে, যাৰ ফলত ১৫০০ মহিলাই কাঠফুলাৰ খেতিৰ মাধ্যমেৰে স্বনিয়োজনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে।৩

ইয়াৰোপৰি তেওঁ ডিজিটেল সাক্ষৰতা বিয়পোৱাৰ ক্ষেত্ৰটো জড়িত আছিল আৰু টাটা ট্ৰাষ্টৰ পুঁজিৰে যোগান ধৰা মোবাইল ফোন কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বাবে ৭০০ গৰাকী মহিলাক প্ৰশিক্ষণ দিছিল। তেওঁ ২৫০০ কৃষকক এছ.আৰ.আই. পদ্ধতিশস্যৰ কৃষিৰ ওপৰত প্ৰশিক্ষণ দিছে আৰু আত্মসহায়ক গোট প্ৰস্তুত কৰাত সমৰ্থন জনাই আহিছে।৩

২০২০ চনৰ নাৰী দিৱস উপলক্ষে পুৰস্কাৰ লাভকৰা চেন্নাইস্থিত সমাজকৰ্মী স্নেহা মোহনডছ, বোমা বিস্ফোৰণৰ পৰা উদ্ধাৰ হোৱা মালবিকা আয়াৰ, কাশ্মীৰী নুমধা, হস্তশিল্প পুনৰুজ্জীৱিত কৰ্মী আৰিফা জান, নগৰীয়া জল সংৰক্ষক কল্পনা ৰমেশ, মহাৰাষ্ট্ৰ বনজাৰা হস্তশিল্পৰ প্ৰচাৰক বিজয়া পাৱাৰ আৰু মহিলা মেছন কালাৱতী দেৱীৰ পিছতেই বিনা দেৱী সপ্তম গৰাকী মহিলা হিচাপে পৰিগণিত হয়।৪ ২০২০ চনৰ ৯ মাৰ্চত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক এই পুৰস্কাৰেৰে সন্মানিত কৰে।৫

নিজৰ কাঠফুলাৰ খেতিৰ বিষয়ে উল্লেখ কৰি তেওঁ এইদৰে কৈছিল: "এই খেতিৰ বাবে মই সন্মান পাইছিলো। লগতে মই এজন চৰপঞ্চ হৈ পৰিলোঁ। মোৰ দৰে বহুতো মহিলাই প্ৰশিক্ষণ লাভৰ সুযোগ পোৱাটো মোৰ বাবে আনন্দৰ বিষয়।" ৩

তথ্যসূত্ৰ

  1. ↑ Krishi Vigyan Kendra Knowledge Network. kvk.icar.gov.in
  2. ↑ Agarwal, Rishika. (2020-03-17). Bihar's daughter, Bina Devi famous as Mushroom Mahila was awarded the Nari Shakti Award. PatnaBeats
  3. ↑ Get out, work yourself: Mushroom Mahila message to women. www.outlookindia.com/
  4. ↑ Get out, work yourself: 'Mushroom Mahila' message to women | INDIA New England News. indianewengland.com
  5. ↑ Dainik Bhaskar Hindi. Women's Day 2020: President Kovind awarded Nari Shakti Puraskar to Bina Devi and many women | Women's Day 2020: 103 वर्षीय मान कौर को नारी शक्ति पुरस्कार, 'मशरूम महिला' भी सम्मानित - दैनिक भास्कर हिंदी. bhaskarhindi.com

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীনা দেৱী” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৬৭ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।