অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীণা পাল

বীণা পাল (জন্ম ২৮ জানুৱাৰী ১৯৬১), বিবাহোত্তৰ নাম বীণা পাল ভেনুগোপাল, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সম্পাদক, যিয়ে মূলতঃ মালয়ালম ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু ১৯৮৩ চনত পুনেৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফটিআইআই)ৰপৰা চলচ্চিত্ৰ সম্পাদনাত ডিপ্লোমা লাভ কৰে।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৬ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

বীণা পাল (জন্ম ২৮ জানুৱাৰী ১৯৬১), বিবাহোত্তৰ নাম বীণা পাল ভেনুগোপাল, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সম্পাদক, যিয়ে মূলতঃ মালয়ালম ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু ১৯৮৩ চনত পুনেৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফটিআইআই)ৰপৰা চলচ্চিত্ৰ সম্পাদনাত ডিপ্লোমা লাভ কৰে। তেওঁ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু তিনিটা কেৰালা ৰাজ্য চলচ্চিত্ৰ বঁটাৰ প্ৰাপক। তেওঁ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ কেৰালা (আইএফএফকে)-ৰ শিল্প নিৰ্দেশক আৰু কেৰালা ৰাজ্য চলচ্চিত্ৰ একাডেমীৰ উপাধ্যক্ষ হিচাপে বিভিন্ন গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল।

ব্যক্তিগত জীৱন

তেওঁ ২৬ আগষ্ট ১৯৮৩ চনৰপৰা চিত্ৰগ্ৰাহক-নিৰ্দেশক ভেনুৰ সৈতে বিবাহসূত্ৰে আবদ্ধ।১ তেওঁলোকৰ এজনী কন্যা মালবিকা আছে, যি বিবাহিতা আৰু ইংলেণ্ডৰ গ্ৰেট নৰ্থ মিউজিয়াম: হেনককৰ ব্যৱস্থাপক হিচাপে কৰ্মৰত।২

জীৱনী

প্ৰাৰম্ভিক জীৱন

মালয়ালম পিতৃ আৰু কন্নড় মাতৃৰ সন্তান বীণা পালৰ লালন-পালন দিল্লীত হৈছিল।১ ১৯৭৯ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰপৰা মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৮৩ চনত পুনেৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰপৰা চলচ্চিত্ৰ সম্পাদনাত ডিপ্লোমা লাভ কৰে।৩

কেৰিয়াৰ

২৬তম ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ কেৰালা (আইএফএফকে)-ত বিনা পল
২৬তম ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ কেৰালা (আইএফএফকে)-ত বিনা পলছবি: Sanu N · CC BY-SA 4.0

১৯৮৫ চনত জি. অৰবিন্দনৰ তথ্যচিত্ৰ দ্য চিয়াৰ হু ৱাক্‌ছ এলোনৰ জৰিয়তে তেওঁ সম্পাদিকা হিচাপে আত্মপ্ৰকাশ কৰে। এই তথ্যচিত্ৰখন জিড্ডু কৃষ্ণমূৰ্তিৰ ওপৰত নিৰ্মিত। তাৰ পিছত তেওঁ ৰাজীৱ বিজয় ৰাঘৱনৰ চিষ্টাৰ আলফোঁচা অৱ ভাৰানাঙ্গানম (১৯৮৬) আদি কেইবাখনো তথ্যচিত্ৰত কাম কৰে, যিয়ে ৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ জীৱনীমূলক চলচ্চিত্ৰ বঁটা লাভ কৰে।৪ ১৯৮৬ চনত জন আব্ৰাহামৰ অম্মা আৰিয়ান চলচ্চিত্ৰৰ জৰিয়তে তেওঁ কাহিনীচিত্ৰত প্ৰৱেশ কৰে।৫ তেওঁৰ অন্যান্য চলচ্চিত্ৰসমূহৰ ভিতৰত পাডিপ্পুৰা (১৯৮৯), জন্মদিনম (১৯৯৮), অগ্নিসাক্ষী (১৯৯৯) আদি অন্তৰ্ভুক্ত। ৰেভতীৰ পৰিচালনাত নিৰ্মিত মিট্ৰ, মাই ফ্ৰেণ্ড (২০০২) চলচ্চিত্ৰৰ বাবে তেওঁ শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৬ ইয়াৰ পিছত তেওঁ উন্নি (২০০৩) নামৰ অ-কাহিনীচিত্ৰৰ বাবে শ্ৰেষ্ঠ অ-কাহিনীচিত্ৰ সম্পাদনাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।৩

তেওঁ ৫০ৰো অধিক তথ্যচিত্ৰ আৰু কাহিনীচিত্ৰ সম্পাদনা কৰাৰ উপৰি চাৰিখন তথ্যচিত্ৰ নিৰ্দেশনা কৰিছে।৭ তেওঁ ৰেভতী, সুমা জোছন, পামেলা ৰুক্স আৰু শাবনম ভিৰমানীৰ দৰে মহিলা নিৰ্দেশিকাৰ সৈতে সহযোগিতা কৰিছে।৩

বীণা পালে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ কেৰালা (আইএফএফকে) গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ইয়াৰ শিল্প নিৰ্দেশক হিচাপেও সেৱা আগবঢ়াইছিল।৮ তেওঁ কেৰালা ৰাজ্য চলচ্চিত্ৰ একাডেমীৰ উপ-নিৰ্দেশক (উৎসৱ) হিচাপেও কৰ্মৰত আছিল আৰু চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ ইমেজিং টেকনলজীত জ্যেষ্ঠ সম্পাদিকা হিচাপে কাম কৰিছিল।৩ লগতে তেওঁ তিৰুবনন্তপুৰমস্থিত এল. ভি. প্ৰসাদ চলচ্চিত্ৰ একাডেমীৰ অধ্যক্ষ হিচাপেও সেৱা আগবঢ়াইছিল।৯ ২০১৭ চনৰ ফেব্ৰুৱাৰীত তেওঁ ‘উইমেন ইন চিনেমা কলেক্টিভ’ সহ-প্ৰতিষ্ঠা কৰে, যি ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত মহিলাসকলৰ সমঅৱকাশ আৰু মৰ্যাদাৰ বাবে কাম কৰা প্ৰথম সংগঠন।১০

নিৰ্বাচিত চলচ্চিত্ৰ

  • দ্য চিয়াৰ হু ৱাক্‌ছ এলোন (১৯৮৫)
  • চিষ্টাৰ আলফোঁচা অৱ ভাৰানাঙ্গানম (১৯৮৬)
  • অম্মা আৰিয়ান (১৯৮৬)
  • পাডিপ্পুৰা (১৯৮৯)
  • দয়া (১৯৯৮)
  • অগ্নিসাক্ষী (১৯৯৯)
  • মিট্ৰ, মাই ফ্ৰেণ্ড (২০০২)
  • মেঘমালহাৰ (২০০২)
  • কামলি (২০০৬)
  • বায়’স্কোপ (২০০৮)
  • মুন্নাৰিয়িপ্পু (২০১৪)
  • কাৰ্বন (২০১৮)
  • আনুম পেন্নুম (২০২১)

বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ সম্পাদনা – মিট্ৰ, মাই ফ্ৰেণ্ড (২০০২)৭
  • শ্ৰেষ্ঠ অ-কাহিনীচিত্ৰ সম্পাদনা – উন্নি (২০০৩)৩

কেৰালা ৰাজ্য চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ সম্পাদক – দয়া (১৯৯৮)
  • শ্ৰেষ্ঠ সম্পাদক – ছায়াহ্নম (২০০০)
  • শ্ৰেষ্ঠ সম্পাদক – বায়’স্কোপ (২০০৮)

তথ্যসূত্ৰ

  1. ↑ രമ്യ, ടി.ആർ. (23 September 2016). എന്നെ ഞാനാക്കിയ തിരുവനന്തപുരം. Mathrubhumi
  2. ↑ Great North Museum: Hancock welcomes Malavika Anderson as new Museum Manager | Great North Museum: Hancock
  3. ↑ 51st National Film Awards. Directorate of Film Festivals. পৃ. 127
  4. ↑ 34th National Film Awards. Directorate of Film Festivals. পৃ. 134
  5. ↑ Praveen, S. R. (31 July 2016). Vaisakhan to head Sahitya Akademi. The Hindu
  6. ↑ Rajamani, Radhika. (3 September 2002). Changing gears successfully. The Hindu
  7. ↑ 49th National Film Awards. Directorate of Film Festivals. পৃ. 50–51
  8. ↑ Beena Paul quits Chalachitra Academy. Mathrubhumi News
  9. ↑ (19 July 2014). Time to move on. The Hindu
  10. ↑ George, Anjana. (18 May 2017). Manju Warrier, Beena Paul and team usher in India's first ever collective for women in cinema. The Times of India

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীণা পাল” প্ৰবন্ধৰ সংশোধন ৫৭৯৩৮৩ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।