বুলবুল চক্ৰৱৰ্তী (en-Bulbul Chakraborty)১ হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"।২৩ তেখেত হৈছে ঘনীভূত পদাৰ্থৰ তত্ত্ববিদ, সাম্যৱস্থাৰ পৰা বহু আঁতৰত থকা কেতবোৰ প্ৰণালী যেনে-কণিকাসদৃশ পদাৰ্থৰ তেখেতে অধ্যয়ন কৰে। .৪৫
শৈক্ষিক জীৱন
চক্ৰৱৰ্তীয়ে ১৯৭৪ চনত আইআইটিৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৯ চনত ষ্টনি ব্ৰুকত অৱস্থিত ষ্টেট ইউনিভাৰ্ছিটি অৱ নিউ ইয়ৰ্কৰ পৰা ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। তেখেতেৰ গৱেষণা-পত্ৰৰ শিৰোনাম আছিল-"Influence of thermal disorder on electronic properties of solids".৬ তেখেত আৰ্গনে ৰাষ্ট্ৰীয় প্ৰয়োগশালাৰ পষ্টডক্তৰেল সভ্য আছিল,নৰ্দিটা, ডেনমাৰ্ক আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ এগৰাকী গৱেষণা সহযোগী আছিল। ১৯৮৪-৮৬ সময়ছোৱাত তেখেত আছিল ইন্দিৰা গান্ধী আণৱিক গৱেষণা কেন্দ্ৰৰ বস্তু বিজ্ঞান প্ৰয়োগশালাৰ এগৰাকী বৈজ্ঞানিক বিষয়া। ১৯৮৭-৮৯ চনত তেখেতে য়ালে বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ সহযোগী গৱেষণা পদাৰ্থবিদ আৰু প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৯ চনত তেখেতে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত এগৰাকী শিক্ষক হিচাপে যোগদান কৰে আৰু ২০০০ চনৰ পৰা তেখেতে সেইখন শিক্ষানুষ্ঠানত পূৰ্ণকালীন অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে। ৭
বঁটা আৰু সন্মান
- বুলবুল চক্ৰৱৰ্তী হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"।২৩
- ২০০৮ চনত "আমেৰিকান ভৌতিক সমাজ"(American Physical Society)ৰ সভ্য নিৰ্বাচিত হয়। ("for important theoretical contributions to diverse areas of condensed matter physics, including frustrated magnets, diffusion of light particles in metals, the glass transition, and jamming in granular systems")৮
- ২০১৮ চনত চিমনছ ফাউণ্ডেছনে বুলবুল চক্ৰৱৰ্তীক তাত্ত্বিক পদাৰ্থ বিজ্ঞানত এটা চিমনছ্ ফেলোশ্বিপ প্ৰদান কৰে। ৯১০
নিৰ্বাচিত প্ৰকাশনসমূহ
- Bi, Dapeng; Zhang, Jie; Chakraborty, Bulbul. (2011). Jamming by shear. Nature. Springer Science and Business Media LLC. পৃ. 355–358
- Henkes, Silke; O’Hern, Corey S.; Chakraborty, Bulbul. (2007-07-20). Entropy and Temperature of a Static Granular Assembly: An Ab Initio Approach. Physical Review Letters. পৃ. 038002
- Read, N.; Chakraborty, B. (1989-10-01). Statistics of the excitations of the resonating-valence-bond state. Physical Review B. American Physical Society (APS). পৃ. 7133–7140
- Mailman, Mitch; Schreck, Carl F.; O’Hern, Corey S. (2009-06-22). Jamming in Systems Composed of Frictionless Ellipse-Shaped Particles. Physical Review Letters. American Physical Society (APS). পৃ. 255501
- Bi, Dapeng; Henkes, Silke; Daniels, Karen E. (2015). The Statistical Physics of Athermal Materials. Annual Review of Condensed Matter Physics. Annual Reviews. পৃ. 63–83
তথ্যসূত্ৰ
- ↑ Bulbul Chakraborty - Google Scholar Citations. scholar.google.com
- ↑ Bulbul Chakraborty · Physics · Brandeis University. www.brandeis.edu
- ↑ Physicist Bulbul Chakraborty is finding equilibrium. BrandeisNOW
- ↑ (2018-09-17). Field theory of amorphous solids describes toothpaste, concrete and more. Physics World
- ↑ domain-b.com: Researchers explain granular material properties. www.domain-b.com
- ↑ CHAKRABORTY, B. (1979). Influence Of Thermal Disorder On Electronic Properties Of Solids (Order No. 7911328). Available from ProQuest Dissertations & Theses Global. (303001823). search.proquest.com/docview/303001823
- ↑ Bulbul Chakraborty · Physics · Brandeis University. www.brandeis.edu
- ↑ APS Fellow Archive. www.aps.org
- ↑ (2018-03-23). 2018 Simons Fellows in Mathematics and Theoretical Physics Announced. Simons Foundation
- ↑ Physicist Chakraborty wins prestigious Simons Foundation fellowship. BrandeisNOW
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুলবুল চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৬২৪৫০৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।