বিশাল জেঠৱা (Vishal Jethwa; জন্ম ৬ জুলাই ১৯৯৪) এজন ভাৰতীয় অভিনেতা। তেওঁ ভাৰত কা বীৰ পুত্ৰ-মহাৰাণা প্ৰতাপত আকবৰৰ ভূমিকাত অভিনয় কৰি পৰিচিতি লাভ কৰিছিল। ধাৰাবাহিকখন চ’নি টিভিত সম্প্ৰচাৰিত হৈছিল।১ ইয়াৰ পিছত তেওঁ মৰ্দানী২ (২০১৯) ছবিত অভিনয় কৰে। ২০২৫ চনত তেওঁ হ’মবাউণ্ড ছবিত অভিনয় কৰি বিশেষ চৰ্চা লাভ কৰে। ছবিখন ভাৰতৰ পৰা অস্কাৰলৈ আনুষ্ঠানিক ছবি হিচাপে মনোনীত হৈছিল। ২
প্ৰাৰম্ভিক জীৱন
জেঠৱা জন্মসূত্ৰে গুজৰাটী।৩ ১৯৯৪ চনৰ ৬ জুলাই তাৰিখে তেওঁ নৰেশ জেঠৱা আৰু প্ৰীতি জেঠৱাৰ ঘৰত জন্মলাভ কৰে।৪ তেওঁ ঠাকুৰ বিজ্ঞান আৰু বাণিজ্য মহাবিদ্যালয়ৰপৰা স্নাতক উৰ্ত্তীণ।৫
কেৰিয়াৰ
২০১৩ চনত ভাৰত কা বীৰ পুত্ৰ–মহাৰাণা প্ৰতাপত আকবৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰি বিশালে অভিনয় জীৱন আৰম্ভ কৰে।৬ ২০১৫ চনত তেওঁক সংকট মোচন মহাবলী হনুমান ছবিত বালীৰ চৰিত্ৰত অভিনয় কৰে।৭ ২০১৬ চনত তেওঁ দিয়া ঔৰ বাতি হামত ছোটা পেকেটৰ চৰিত্ৰত এজন সন্ত্ৰাসবাদীৰ গুৰুত্বপূৰ্ণ ভূমিকাত অৱতৰণ কৰে।৮ সেই বছৰতে তেওঁ পেচৱা বাজিৰাওত নাছিৰৰ চৰিত্ৰত অভিনয় কৰে। ৯ ২০১৭ চনৰ আগষ্ট মাহত তেওঁ অভিনেতা ভৱেশ বলচন্দনীৰ ঠাইত চক্ৰধাৰী অজয় কৃষ্ণ ছবিত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰে।১০ তেখেতে কালাৰ্ছ টিভিৰ থপকী প্যাৰ কিত প্ৰিন্সৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু লাইফ অ’কেত প্ৰচাৰিত ঘটোৎকচত অভিনয় কৰিছিল।১১
হিন্দী চলচ্চিত্ৰত অভিষেক ঘটাই জেঠাৱাই ২০১৯ চনৰ মৰ্দানী ২ ছবিত মূল এণ্টাগনিষ্ট হিচাপে অভিনয় কৰে।১২
২০২২ চনত তেওঁ ডিজনী প্লাচ হটষ্টাৰৰ মেডিকেল থ্ৰিলাৰ ধাৰাবাহিক হিউমেনত শ্বেফালি শ্বাহ আৰু কীৰ্তি কুলহাৰীৰ সৈতে অভিনয় কৰে।১৩১৪ সেই বছৰৰ শেষৰফালে তেওঁ ৰেৱতীৰ স্লাইচ অৱ লাইফ ড্ৰামা ছবি চালাম ভেংকিত কাজল, ৰাজীৱ খাণ্ডেলৱাল, ৰাহুল বসু, প্ৰকাশ ৰাজ আৰু আহানা কুমৰাৰ সৈতে এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে।১৫১৬
২০২৩ চনৰ মে’ মাহত বিদ্যুৎ জম্মাৱালৰ আই বি চেভেণ্টি ওৱানত জেঠৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।১৭ টাইগাৰ-৩ ত হাছান আলীৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।১৮ ২০২৪ চনৰ ডিচেম্বৰ মাহত তেওঁ অবনীত কৌৰৰ সৈতে এমাজন-এমএক্স প্লেয়াৰৰ হত্যাৰ ৰহস্য ছবি পাৰ্টি টিল আই ডাইত অভিনয় কৰে।১৯
২০২৫ চনত তেওঁ নীৰজ ঘায়ৱানৰ হ’মবাউণ্ড নামৰ বহুচৰ্চিত চলচ্চিত্ৰখনত অভিনয় কৰে। ২০২৫ চনৰ কাঁন চলচ্চিত্ৰ মহোৎসৱত এই চলচ্চিত্ৰখনৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল। ২০২১৯৮সংখ্যক একাডেমী বঁটাৰ বাবে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে ভাৰতীয় এণ্ট্ৰি হিচাপে ছবিখন নিৰ্বাচিত হয়। .২২২৩
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | নোট | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৪ | ডৰ @ দ্য মেইল | নামহীন চৰিত্ৰ | ||
| ২০১৭ | হিন্দী মেডিয়াম | চাহ বিক্ৰেতা | ||
| ২০১৮ | ইনাম হাণ্ডেড কৌড়ৰ | আইপিএছ শিৱ | ||
| ২০১৯ | মৰ্ডানী দৌ | শিৱ চানি প্ৰসাদ য়াদৱ / বজৰং চাইৱালা | ||
| ২০২০ | গলকেৰি | উবেৰ চালক | কেমিঅ’ চৰিত্ৰ; গুজৰাটী ভাষা চিনেমা | |
| ২০২২ | চালাম ভেংকি | কলাভেনু ভেংকেটেচ ভেনকিং প্ৰসাদ কৃষ্ণন | ২৪ | |
| ২০২৩ | আই বি চেভেনটি ওৱান | কাছিম কুৰেছি | ২৫ | |
| টাইগাৰ থ্ৰী | হাচান আলি | ১৮ | ||
| ২০২৫ | হ’মবাউণ্ড | চন্দন কুমাৰ |
দূৰদৰ্শন
| বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | নোট |
|---|---|---|---|
| ২০১৩–২০১৪ | ভাৰত কা বীৰ পুত্ৰ-মহাৰাণা প্ৰতাপ | যুৱ আকবৰ | ২৬ |
| ২০১৪ | অয়ে জেচ্চি | বিবেক | ২৭ |
| ২০১৫ | সংকটমোচন মহাবলী হনুমান | বালি | ২৮ |
| ২০১৬ | ক্ৰাইম পেট্ৰল | ৱিকি শৰ্মা | ২৯ |
| এক দুজে ক্যে ৱাস্তে | যুৱ শ্ৰাৱণ | ৩০ | |
| পেছৱা বাজীৰাও | নাছিৰ জং | ৩১ | |
| দিয়া অঔৰ বাতি হম | চ’টা পেকেট | ||
| ২০১৭ | থপকি প্যাৰ কি | প্ৰিন্স চেখাৱত | |
| ২০১৭–২০১৮ | চক্ৰধাৰী অজয় কৃষ্ণ | কৃষ্ণ | ৩২ |
| ২০২২ | হিউমেন | মংগু | ৩৩ |
| ২০২৪ | পাৰ্টি টিল আই ডাই | ৰৌনক ডেডী কাটাৰিয়া | ৩৪ |
Music videos
| বৰ্ষ | শীৰ্ষক | গায়ক | লেবেল | ৰেফাৰেন্স |
|---|---|---|---|---|
| ২০২১ | ধত্ | Arko Pravo Mukherjee | Arko Pravo | ৩৫ |
তথ্যসূত্ৰ
- ↑ Farzeen, Sana. (14 December 2019). All that you need to know about Vishal Jethwa. The Indian Express
- ↑ (18 December 2019). Vishal Jethwa on prepping for Mardaani 2: I used to lock myself up in my house for hours. India Today. ANI
- ↑ Kiran Jain. (22 October 2014). Diwali special: In Pics: Maharana Pratap fame, Vishal Jethwa makes a unique rangoli. Daily Bhaskar
- ↑ Kiran Jain. (12 August 2014). Rakhi Special: Vishal Jethwa aka Maharana Pratap gifts gold pendant to his sister. Dainik Bhaskar
- ↑ (12 December 2019). Vishal Jethwa Facts: Some interesting facts about Mardaani 2 villain. The Live Mirror
- ↑ Kiran Jain. (11 July 2014). In Pics: Meet Badshah Akbar aka Vishal Jethwa from Maharana Pratap. Dainik Bhaskar
- ↑ Kiran Jain. (10 May 2015). Child actor Vishal Jethwa to play Bali in 'Sankatmochan Mahabali Hanuman'. Dainik Bhaskar
- ↑ Kiran Jain. (12 August 2016). If You Think 'Diya Aur Baati Hum' Is Going off Air? Wait, till You Know about the New Entry!. Dainik Bhaskar
- ↑ Neha Maheshwri. (1 November 2016). Vishal Jethwa to play Bajirao's rival in 'Peshwa Bajirao'. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ IANS. (11 August 2017). Vishal Jethwa to play Lord Krishna on TV show. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (13 December 2019). Mysterious villain revealed, Vishal Jethwa plays the baddie. Hindustan Times
- ↑ (17 December 2019). Vishal Jethwa says preparing for his Mardaani 2 role of rapist was painful. Hindustan Times. ANI
- ↑ Sen, Srijita. (13 January 2022). Actor Vishal Jethwa Recalls Being Scared of Talking to Shefali Shah During Human Shoot. News18
- ↑ (10 January 2022). Actor Vishal Jethwa talks about support both his directors provided on sets of 'Human'. National Herald
- ↑ Das, Tina. (9 December 2022). Revathi's Salaam Venky a celebration of human spirit. Kajol-Vishal Jethwa pairing unmissable. ThePrint
- ↑ Kothwani, Hiren. (10 December 2022). 'Salaam Venky' movie review: Emotional, not a sob fest. Mid-day
- ↑ (24 April 2023). 'IB71' Trailer: Vidyut Jammwal brings secret mission that was hidden for 50 years. ThePrint. ANI
- ↑ Yadav, Monica. (25 October 2021). EXCLUSIVE: Mardaani 2 breakout star Vishal Jethwa signs Salman Khan and Katrina Kaif starrer Tiger 3. বলিউড হাংগামা
- ↑ (30 December 2024). Avneet Kaur And Vishal Jethwa Shine In Goa-Set Murder Mystery. ABP News
- ↑ Hungama, Bollywood. (13 May 2025). Vishal Jethwa and Ishaan Khatter to make Cannes 2025 debut with Homebound 2025: Bollywood News - Bollywood Hungama
- ↑ (16 May 2025). Cannes 2025: Vishal Jethwa on walking the red carpet with Ishaan Khatter and Janhvi Kapoor (Watch Video). Bollywood Life
- ↑ Farzeen, Sana. (2025-09-19). Neeraj Ghaywan's Homebound picked as India's official entry to Oscars. India Today
- ↑ Ramachandran, Naman. (2025-09-19). Neeraj Ghaywan’s Cannes Title ‘Homebound’ Selected as India’s Oscar Entry. Variety
- ↑ (8 March 2022). Women's Day 2022: Upcoming movies helmed by Mollywood female filmmakers. The Times of India
- ↑ (24 April 2023). Trailer Of IB71 Out: Watch Vidyut Jammwal's Mission Possible To Save India. News18
- ↑ (21 May 2014). Enemies turn friends on the sets of Maharana Pratap. The Times of India
- ↑ Vishal Jethwa - Profile. the Times of India
- ↑ 'अकबर\' के बाद अब \'बाली\' के रोल में दिखाई देंगे विशाल जेठवा. Dainik Bhaskar
- ↑ (16 December 2019). ये है फिल्म 'मर्दानी-2' का खूंखार विलेन, तस्वीरों में देखें इनका रियल लाइफ जलवा. News18 हिंदी
- ↑ (12 February 2016). Vishal Jethwa to be seen in Ek Duje Ke Vaste. The Times of India
- ↑ Gupta, Apoorva; Singh, Shalu. (13 December 2019). Meet Vishal Jethwa, the mysterious villain in Rani Mukerji's Mardaani 2. India TV News
- ↑ (12 August 2017). Bhavesh Balchandani OUT and Vishal Jethwa IN as Lord Krishna on TV show. ABP News. IANS
- ↑ (29 December 2021). Shefali Shah, Kirti Kulhari and Vishal Jethwa come together for medical thriller Human. Tribune
- ↑ (26 December 2024). 5 reasons to watch Party Till I Die this holiday season. Lokmat
- ↑ (7 April 2021). Vishal Jethwa all set for a romantic role. Filmfare
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশাল জেঠৱা” প্ৰবন্ধৰ সংশোধন ৬০৩৪৭৫ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।