বুই ফুং ঙা (ইংৰাজী ভাষা: Bùi Phương Nga; জন্ম: ১৬ নৱেম্বৰ ১৯৯৮) এগৰাকী ভিয়েটনামিজ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ভিয়েটনাম ২০১৮-ৰ প্ৰথম ৰাণাৰ-আপ আছিল। তেওঁক মিছ গ্ৰেণ্ড ভিয়েটনাম ২০১৮ হিচাপে নিযুক্ত কৰা হৈছিল আৰু তেওঁ মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০১৮-ৰ শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।১২৩৪
সুন্দৰী প্ৰতিযোগিতা
মিছ ভিয়েটনাম ২০১৮
বুই ফুং ঙাই মিছ ভিয়েটনাম ২০১৮-ত প্ৰথম ৰাণাৰ-আপৰ খিতাপ অৰ্জন কৰে।৫ ২০১৮ চনৰ ১৬ ছেপ্টেম্বৰত হো চি মিন চিটীৰ ফু থ' ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ অন্তিম নিশা তেওঁৰ সৈতে ট্ৰান টিউ ভি (মিছ ভিয়েটনাম ২০১৮) আৰু দ্বিতীয় ৰাণাৰ-আপ নগুয়েন থি থুইানক মুকুট পিন্ধোৱা হয়। ৬
মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০১৮
তেওঁক মিছ গ্ৰেণ্ড ভিয়েটনাম ২০১৮ হিচাপে নিযুক্তি দিয়া হয় আৰু ম্যানমাৰৰ ইয়াংগুনত অনুষ্ঠিত হোৱা মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০১৮-ত ভিয়েটনামক প্ৰতিনিধিত্ব কৰে।৭
দৰ্শকৰ সৰ্বাধিক ভোট লাভ কৰি তেওঁ পোনপটীয়াকৈ মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০১৮ প্ৰতিযোগিতাৰ শীৰ্ষ ১০ গৰাকীৰ তালিকাত অন্তৰ্ভুক্ত হয়। ইয়াৰ উপৰি তেওঁ কেতবোৰ বিশেষ বঁটাও লাভ কৰে: মিছ পপুলৰ ভোট, এছিয়া আৰু ওচেনিয়াৰ সৰ্বাধিক পছন্দ আৰু শ্বেয়াৰ কৰা চৰকাৰী প্ৰতিচ্ছবি, প্ৰাৰম্ভিক প্ৰতিযোগিতাৰ শীৰ্ষ ৫ গৰাকী জনপ্ৰিয় প্ৰতিযোগী আৰু শীৰ্ষ ১২খন শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সাজ-পোছাক।৮
অংশগ্ৰহণ কৰা কাৰ্যসূচী
এমচি
- বুয়া ট্ৰুয়া ভুই ভে - VTV6
- কা ফে চাং ভিথ ভি৩ - VTV3
- ভিয়েটনাম ট্ৰেভেল - VTV1
- কুয়োক ছং তুয়োই ডেক - VTV3
- ফিয়েন চ' মুয়া সুয়ান ২০২৪ - ভিয়েটনাম টেলিভিছন (VTV)
অংশগ্ৰহণকাৰী, অতিথি
- টুয়ং লুয়া - VTV3
- টিটিভি হই টু - TTV
- চো ঙায় হোয়ান হাও - VTV2
- তাম ডাউ ই হপ - HTV7
- ডুয়ং টই চাউ ভং - VTV6
- নহান নহু চপ - HTV7
- উম বা লা ৰা চু গি? (তৃতীয় ছিজন) - VTV3
- টিয়েন খেও টিয়েন খন - VTV3
- লই টু চু - VTV3
- চুয়েন ২০২৩ - HTV7
- এছ - ভিয়েটনাম - VTV1
- চুয়া নগন ভাত লা - VTV3
অতিথি বিচাৰক
- আলো ইংলিছ ২০২২ - VTV7
- ছুপাৰ জুনিয়ৰ ২০২৩ - VTV7
চলচ্চিত্ৰ
- কৌ ক’ ফুক ভু টাই বান খোং (২০২০)
- ১১ থাং ৫ ঙায় (২০২১)
ব্যক্তিগত জীৱন
২০১৮ চনৰ ১৬ ছেপ্টেম্বৰত অভিনেতা বিন আন (Bình An) ফুং ঙাক উৎসাহিত কৰিবলৈ মিছ ভিয়েটনাম ২০১৮-ৰ চূড়ান্ত নিশা উপস্থিত আছিল।
২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ দিনা উপ-সুন্দৰী ফুং ঙা আৰু অভিনেতা বিন আনে ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক ৰাজহুৱা কৰে। জানিব পৰা মতে, তেওঁলোকে ২০১৭ চনৰে পৰা ডেটিং কৰি আছিল আৰু বিন আন বৰ্তমানলৈকে ফুং ঙাৰ প্ৰথম প্ৰেম।
২০২০ চনৰ মাৰ্চ মাহত ফুং ঙাই নেচনেল ইকনমিক্স ইউনিভাৰ্চিটিৰ পৰা আনুষ্ঠানিকভাৱে স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ ৫-ৰ ভিতৰত ৪.৪৯ গ্ৰেড পইণ্ট আৰু থিছিছত ৯.৩ নম্বৰেৰে উৎকৃষ্ট প্ৰমাণপত্ৰ লাভ কৰিছিল।
২০২১ চনত ফুং ঙাই চুইনবাৰ্ণ ভিয়েটনামত ছচিয়েল মিডিয়া বিষয়ত পুনৰ স্নাতক পৰ্যায়ত অধ্যয়ন কৰাৰ সিদ্ধান্ত লয়।
২০২২ চনৰ ১৩ ফেব্ৰুৱাৰীত প্ৰায় ৫ বছৰৰ প্ৰেমৰ সম্পৰ্কৰ পাছত পৰিয়াল আৰু বন্ধু-বান্ধৱৰ উপস্থিতিত বিন আনে আনুষ্ঠানিকভাৱে ফুং ঙাক বিবাহৰ প্ৰস্তাৱ দিয়ে।
২০২২ চনৰ ২১ অক্টোবৰত ফুং ঙা আৰু বিন আনে আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হয়।
তথ্যসূত্ৰ
- ↑ Trần Tiểu Vy lên ngôi Hoa hậu Việt Nam 2018. Báo Thể thao & Văn hóa - Thông tấn xã Việt Nam
- ↑ Cô gái Quảng Nam Trần Tiểu Vy đăng quang hoa hậu Việt Nam 2018. Báo điện tử Pháp Luật thành phố Hồ Chí Minh
- ↑ (25 October 2018). Meenakshi Chaudhary from India wins 1st runner-up title at Miss Grand International 2018. Times of India
- ↑ Thứ Hai. (4 October 2021). Á hậu Bùi Phương Nga lần đầu chia sẻ về điều "hối hận" nhất tại Miss Grand 2018. Voice of Vietnam
- ↑ Đinh Hương. (18 September 2018). Hành trình từ sinh viên xinh đẹp, giỏi giang đến Á hậu 1 Hoa hậu Việt Nam 2018 của Bùi Phương Nga. VTV
- ↑ PA DUN. (17 September 2018). Bùi Phương Nga - Cô gái được đánh giá là cái tên gây tiếc nuối nhất Hoa hậu Việt Nam 2018. afamily
- ↑ (26 October 2023). สาวปารากวัย คว้ามงกุฎ 'มิสแกรนด์ อินเตอร์ 2018' สุดช็อกถึงกับล้มทั้งยืนวินาทีรับมง (คลิป). Matichon
- ↑ (26 October 2018). Vietnam's Bui Phuong Nga breaks Top 10 at Miss Grand International 2018. Tuoitrenews.vn. Tuổi Trẻ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুই ফুং ঙা” প্ৰবন্ধৰ সংশোধন ৫৯৪৮১৩ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।