বীনা কান্নান: Beena Kannan এগৰাকী ভাৰতীয় উদ্যোগপতি আৰু ফেশ্বন ডিজাইনৰ ক্ষেত্ৰত প্ৰসিদ্ধ ব্যক্তি। তেওঁ সীমাট্টি টেক্সটাইলছৰ চিইঅ’।
কৰ্ম জীৱন
বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত ১৯৮০ চনত তেওঁ পিতৃ আৰু স্বামীৰ সৈতে কাম কৰি পৰিয়ালৰ খুচুৰা বস্ত্ৰ ব্যৱসায় সীমাট্টিত যোগদান কৰে। সীমাট্টি (Seematti) আৰম্ভ কৰিছিল তেওঁৰ ককাদেউতাক বস্ত্ৰ ৰজা বীৰিয়া ৰেড্ডিয়াৰে।১
সীমাট্টি দক্ষিণ ভাৰতৰ অন্যতম সুপৰিচিত বস্ত্ৰ বিপণী, বিশেষকৈ বিবাহৰ ৰেচম শাৰী, আৰু বিলাসবহুল বস্ত্ৰ ডিজাইনৰ ক্ষেত্ৰত। বীনা কান্নানৰ কাপোৰ ডিজাইনিং আৰু ব্যৱসায়িক দৃষ্টিভংগীয়ে সীমাট্টিক ভাৰতীয় বস্ত্ৰ উদ্যোগৰ এক অন্যতম মুখ্য নামত পৰিণত কৰিছে।২ বীনা কান্নানৰ অন্যতম উল্লেখযোগ্য অৱদান হৈছে পশ্চিমীয়া আৰু উত্তৰ ভাৰতীয় ফেশ্বনৰ প্ৰভাৱৰ মাজতো শাড়ীৰ গৌৰৱ অটুট ৰাখিবলৈ কৰা প্ৰচেষ্টা।। ২০০৭ চনত তেওঁৰ দ্বাৰা তৈয়াৰ হোৱা আটাইতকৈ দীঘল ৰেচমৰ শাৰী (আধা কিলোমিটাৰ দীঘল) গিনিজ বুক অৱ ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত প্ৰৱেশ কৰাৰ সময়ত বীনা কানানে উদ্যোগী মহলৰ দৃষ্টি আকৰ্ষণ কৰে।তেওঁ ইউ এ ই (২০০৭) আৰু আমেৰিকা (২০০৯)ত তেওঁৰ এই শাৰীৰ ডিজাইন মুকলি কৰিছে।৩
বীনা কান্নানৰ ভাৰসাম্যপূৰ্ণ সম্পৰ্ক আৰু সহযোগিতা দক্ষিণ ভাৰতৰ বয়ন সম্প্ৰদায়ৰ লগত বিশেষ ভাবে পৰিচিত। ২০০৯ চনত, তেওঁ "জীৱনকালীন কৃতিত্ব বঁটা"("Lifetime Achievement Award") লাভ কৰে, যিটো কোয়েম্বাটুৰ আৰু ইৰোড বয়ন সম্প্ৰদায়ৰ পৰা প্ৰদান কৰা হৈছিল। ছেপ্তেম্বৰ ২০১১ চনত, বীনা কান্নানে ডিজাইন কৰা শাৰীবোৰ "Swarovski Elements 2011" ৰ্যাম্পত প্ৰদৰ্শিত হৈছিল। এই গৌৰৱজনক অনুষ্ঠানত অংশগ্ৰহণ কৰি, তেওঁ ভাৰতীয় বয়নশিল্প আৰু ঐতিহ্যবাহী শাৰীক আন্তঃৰাষ্ট্ৰীয় ফেশ্বন বিশ্বত উপস্থাপন কৰাৰ সুযোগ লাভ কৰে।৪৫
শিক্ষা আৰু প্ৰমাণপত্ৰ
বীনা কান্নানে ইণ্টাৰ নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন ডিজাইন (আই এন আই এফ ডি)ত ফেশ্বন ডিজাইনৰ দুবছৰীয়া উন্নত কাৰ্যসূচী (২০১১–২০১৩) সম্পূৰ্ণ কৰি নিৰ্ধাৰিত পাঠ্যক্ৰম আৰু পৰীক্ষাত অসাধাৰণ প্ৰদৰ্শনৰ বাবে অ’ গ্ৰেড লাভ কৰে।
ইয়াৰ পিছত তেওঁ ইণ্টাৰ নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন ডিজাইন (INIFD)ত ফেশ্বন ডিজাইনৰ তিনি বছৰীয়া বিশেষজ্ঞ প্ৰশিক্ষণ কাৰ্যসূচী (২০১১–২০১৫) গ্ৰহণ কৰে।
ইয়াৰ উপৰিও তেওঁ ফেশ্বন ডিজাইনৰ তৃতীয় বৰ্ষৰ (লেটাৰেল এণ্ট্ৰি) বিশেষীকৰণ কাৰ্যসূচী (২০১৪–২০১৫) সফলতাৰে সম্পূৰ্ণ কৰি গ্ৰেড অ, সৰ্বোচ্চ পাৰ্থক্যৰ সৈতে প্ৰমাণপত্ৰ লাভ কৰে। এই কাৰ্যসূচীসমূহে তেওঁৰ বিশেষজ্ঞতা যথেষ্ট বৃদ্ধি কৰিছিল আৰু ফেশ্বন উদ্যোগত তেওঁৰ পেছাদাৰী বৃদ্ধিত অৰিহণা যোগাইছিল।
তথ্যসূত্ৰ
- ↑ Karnik, Neeta. (20 February 2020). The Silk Route - The One-Stop Destination For All Your Fashion Shopping. Femina
- ↑ (24 April 2016). Beena Kannan @ Ladies First. Mathrubhumi
- ↑ (13 September 2008). Beena Kannan, MD of See with skill and a silky-smooth style, finds Prema Manmadhan. দ্য হিন্দু
- ↑ (September 13, 2011). Beena Kannan Designed Saris walk the "Swarovski Elements 2011″ Ramp.. LiveMango
- ↑ (2011-09-13). Beena Kannan Designed Saris walk the "Swarovski Elements 2011" Ramp.. moneylife
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীনা কান্নান” প্ৰবন্ধৰ সংশোধন ৬০৫২৪৩ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।