জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বাম্বা বাক্য
ভক্কীয়াৰাজ ( ইংৰাজী: Bhakkiyaraj; ৩১ অক্টোবৰ ১৯৮০ – ২ ছেপ্টেম্বৰ ২০২২), জনপ্ৰিয়ভাৱে তেওঁৰ মঞ্চনাম বাম্বা বাক্য, এজন ভাৰতীয় তামিল প্লেবেক গায়ক আৰু সংগীতজ্ঞ আছিল। তেওঁ প্ৰধানকৈ সংগীত সুৰকাৰ এ আৰ ৰহমানৰ সৈতে অসংখ্য ছবিত সহযোগিতাৰ কাম কৰিছিল।
-
বায়া মহিয়েদ্দিন
বায়া মহিয়েদ্দিন বা ফাতিমা হাদ্দাদ; (জন্ম ১৯৩১ চনৰ ১২ ডিচেম্বৰত বৰ্ডজ এল কিফানত; মৃত্যু ১৯৯৮ চনৰ ৯ নৱেম্বৰত) এজন আলজেৰিয়ান শিল্পী আছিল। তেওঁৰ কৰ্মৰাজিক কোনো বিশেষ শিল্প ধাৰাৰ অন্তৰ্গত বুলি চিনাক্ত কৰা নাছিল যদিও সমালোচকসকলে তেওঁৰ চিত্ৰকলাক অতিবাস্তৱবাদী, আদিম, সহজ-সৰল আৰু আধুনিক বুলি শ্ৰেণীভুক্ত…
-
বালকৃষ্ণ দোশী
বালকৃষ্ণ বিঠালদাস দোশী (জন্ম: ২৬ আগষ্ট, ১৯২৭) এজন ভাৰতীয় স্থাপত্যবিদ। তেওঁক দক্ষিণ এছিয়াৰ স্থাপত্যশৈলী বাবে বিশেষভাৱে জনা যায়। ভাৰতীয় স্থাপত্যশৈলীৰ বিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
-
বালা দেৱী
বালা দেৱী ( Nganngom Bala Devi; জন্ম: ২ ফেব্ৰুৱাৰী ১৯৯০) এগৰাকী ভাৰতীয় পেছাদাৰী ফুটবলাৰ যিয়ে ইণ্ডিয়ান উইমেনছ লীগ ক্লাব শ্ৰীভূমি আৰু ভাৰত জাতীয় দলৰ বাবে ফৰৱাৰ্ড হিচাপে খেলে।
-
বালা হিজাম
সূৰ্য বালা হিজাম (জন্ম: ৯ জুন ১৯৯১; ইম্ফলত, বালা হিজাম নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ মণিপুৰী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত বুং, নীলাকাশম পাচকাডাল চুভান্না ভূমি, য়াইস্কুলগী পাখাং আঙাওবা, মণিপুৰ এক্সপ্ৰেছ, সানাগী তাংবল, আমুক্তা আনি আৰু ইনাম্মা…
-
বালি প্ৰেল
বালি প্ৰেল (ইংৰাজী: Bally Prell; ১৪ ছেপ্টেম্বৰ ১৯২২ – ২০ মাৰ্চ ১৯৮২) এগৰাকী জাৰ্মান পৰিবেশক, হাস্যৰসময়ী গায়িকা আৰু লোক-গায়িকা৷ তেওঁ প্ৰধানকৈ বাভাৰিয়ান ভাষাত কণ্ঠদান কৰিছিল।
-
বাল্মিক থাপাৰ
বাল্মিক থাপাৰ (Valmik Thapar; ১৯৫২ – ৩১ মে' ২০২৫) এজন ভাৰতীয় প্ৰকৃতিবিদ, সংৰক্ষণবিদ আৰু লেখক। তেওঁ ১৪খন কিতাপ আৰু কেইবাটাও প্ৰবন্ধৰ লেখক আৰু টেলিভিছনৰ বাবে বিভিন্ন অনুষ্ঠানৰ প্ৰযোজক আছিল।
-
বাসন্তী দুলাল নাগচৌধুৰী
বাসন্তী দুলাল নাগচৌধুৰী ( Basanti Dulal Nagchaudhuri; ৬ ছেপ্টেম্বৰ ১৯১৭ – ২৫ জুন ২০০৬) এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু শিক্ষাবিদ আৰু ভাৰত চৰকাৰৰ বৈজ্ঞানিক উপদেষ্টা আছিল।
-
বাসন্তী বিষ্ট
বাসন্তী বিষ্ট (জন্ম: ১৯৫৩) এগৰাকী ভাৰতীয় লোকসংগীতশিল্পী। তেওঁ উত্তৰাখণ্ডৰ জাগৰ লোকসংগীতৰ প্ৰথম মহিলা শিল্পী হিচাপে জনাজাত। জাগৰ দেৱ-দেৱীসমূহক আহ্বান কৰা একপ্ৰকাৰৰ পুৰুষপ্ৰধান লোক সংগীত। কিন্তু বাসন্তী বিষ্টয়ে পৰম্পৰা ভংগ কৰি বৰ্তমান নিজকে উল্লেখযোগ্য জাগৰ শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।
-
বাসুদেৱ দাস
বাসুদেৱ দাস (Basudev Das) বঙালী ভাষাৰ এগৰাকী লেখক আৰু প্ৰসিদ্ধ অনুবাদক। তেওঁ অসমীয়া সাহিত্যৰ ৪৫০ৰো অধিক গল্প, অসংখ্য কবিতা, প্ৰবন্ধ আদি প্ৰধানকৈ বঙালী ভাষালৈ অনুবাদ কৰিছে আৰু সেই সমূহ অসম, পশ্চিম-বংগকে ধৰি ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বাংলাদেশ আদিৰ পৰা প্ৰকাশিত কাকত-আলোচনী আৰু প্ৰকাশন গোষ্ঠীৰ দ্বাৰা…
-
বাহমন আহমদী আমৌই
বাহমন আহমদী আমৌই (Bahman Ahmadi Amouee) ১৯৬৭ চনত জন্মগহণ কৰা এজন ইৰানী সাংবাদিক। তেওঁ সংস্কাৰবাদী দৈনিক ব্যাৱসায়িক বাতৰি চাৰ্মেয়হ ৰ সম্পাদকৰ দায়িতত আছিল। ২০০৯ চনৰপৰা কাৰাবন্দী জীৱন কটাবলগীয়া হয়। সংবাদকৰ্মী জিলা বানিয়াঘুবক তেওঁ বিয়া কৰে।
-
বাহমান গোবাদী
বাহমান গোবাদী (জন্ম: ১ ফেব্ৰুৱাৰী, ১৯৬৯) এজন ইৰানীয় কুৰ্দিশ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু লেখক। তেওঁ ইৰানীয় চিনেমাৰ "নতুন ঢৌ" আন্দোলনৰ সৈতে জড়িত।
-
বাহাৰ দেহকোৰ্ডি
বাহাৰ দেহকোৰ্ডি (জন্ম ১৯ নৱেম্বৰ ১৯৯০), তেওঁৰ পেছাদাৰী নাম বাহাৰ আতিশ হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী ইৰানী ৰেপাৰ, থিয়েটাৰ অভিনেত্ৰী আৰু নাৰী অধিকাৰ কৰ্মী। ফাৰ্চী ৰেপ সংগীতৰ ক্ষেত্ৰখনত সক্ৰিয় হৈ কাৰাবাস খাটিবলগীয়া হোৱা মহিলাসকলৰ ভিতৰত বাহাৰ অন্যতম আছিল।
-
বাহাৰা আলৱী
বেহাৰে এলেৱি বা বাহাৰা আলাৱী (Bahara Alavi) (১৯৮৯ – ২০১১) এগৰাকী ইৰানৰ মানৱ অধিকাৰ কৰ্মী, মহিলা অধিকাৰ ৰক্ষাকাৰী আৰু ব্লগাৰ (লেখক) আছিল। বাহাৰা আলৱীয়ে ১৯৮৯ চনত ইৰাণৰ ছাককেজ চহৰত কুৰ্দি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
-
বাহাৰেহ ৰহনামা
বাহাৰেহ ৰহণামা (ফাৰ্চী: بهاره رهنما; জন্ম ১ ডিচেম্বৰ, ১৯৭৩) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী আৰু লেখিকা। তেওঁ টাম্বুৰিন (২০০৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে হাফেজ বঁটা লাভ কৰিছিল।
-
বাৰান কোছাৰী
বাৰান কোছাৰী (ফাৰ্চী: باران کوثری; জন্ম ১৬ ছেপ্টেম্বৰ, ১৯৮৫) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। চলচ্চিত্ৰ নিৰ্মাতা জাহাংগীৰ কোছাৰী আৰু ৰাখশান বাণী-এতেমাদৰ ঘৰত জন্মগ্ৰহণ কৰা বাৰানে তেওঁৰ মাতৃৰ চলচ্চিত্ৰত অভিনয় কৰিয়েই কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
বাৰ্টলমিউ ডিয়াজ
বাৰ্টলমিউ ডিয়াজ ( Bartolomeu Dias; আনুমানিক ১৪৫০ – ২৯ মে' ১৫০০) এগৰাকী পৰ্তুগীজ নাৱিক আৰু অভিযাত্ৰী আছিল। ১৪৮৮ চনত তেওঁ আফ্ৰিকাৰ দক্ষিণ প্ৰান্ত পৰিভ্ৰমণ কৰা আৰু জাহাজৰ বাবে দক্ষিণ দিশৰ আটাইতকৈ ফলপ্ৰসূ পথটো আফ্ৰিকাৰ উপকূলৰ বহু পশ্চিমে মুকলি সাগৰত অৱস্থিত বুলি প্ৰমাণ কৰা প্ৰথমজন ইউৰোপীয় নাৱিক…
-
বাৰ্বাৰা আলিমাডি
বাৰ্বাৰা এন আলিমাডি (Barbara Ann Allimadi; প্ৰায় ১৯৭২ – ২৭ এপ্ৰিল ২০২০) এগৰাকী উগাণ্ডাৰ ৰাজনীতিবিদ আৰু মানৱ অধিকাৰ কৰ্মী আছিল।
-
বাৰ্বাৰা এণ্ডাৰচন
বাৰ্বাৰা লিলিয়াছ ৰোমেইন এণ্ডাৰছন, লেডী এণ্ডাৰছন হিচাপেও জনা যায়, জন্ম নাম ৰাইট, নিউজিলেণ্ডৰ এগৰাকী কল্পকাহিনী লেখিকা, যিয়ে ষাঠিৰ দশকত প্ৰথমখন কিতাপ প্ৰকাশ পোৱাৰ পিছত আন্তৰ্জাতিকভাৱে স্বীকৃতিপ্ৰাপ্ত আৰু বেষ্ট চেলাৰ লেখিকা হিচাপে পৰিগণিত হৈছিল।
-
বাৰ্বাৰা স্লেট
বাৰ্বাৰা স্লেট ( Barbara Slate; জন্ম: ৯ মে', ১৯৪৭) এগৰাকী আমেৰিকান শিল্পী, কাৰ্টুনকাৰ, গ্ৰাফিক ঔপন্যাসিক, কমিক বুক সৃষ্টিকৰ্তা আৰু লেখিকা। ডিচি আৰু মাৰ্ভেল কমিক্স দুয়োটাৰে বাবে কমিকছ সৃষ্টি, লিখা আৰু অংকন কৰা কেইগৰাকীমান মহিলা শিল্পীৰ ভিতৰত তেওঁ অন্যতম।
-
বাৰ্বী ফেৰেইৰা
বাৰ্বৰা "বাৰ্বী" চেপ্পে ফেৰেইৰা(জন্ম: ১৪ ডিচেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ এইচবিঅ' (HBO) ধাৰাবাহিক ইউফ’ৰিয়া (আমেৰিকান টিভি ধাৰাবাহিক)|ইউফ’ৰিয়া (২০১৯–২০২২)-ত কেট হাৰ্নাণ্ডেজৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
বি সন্ধ্যা
বি সন্ধ্যা (: B. Sandhya জন্ম ২৫ মে', ১৯৬৩), ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু কেৰেলা অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ প্ৰাক্তন সঞ্চালক প্ৰধান। তেওঁ সাহিত্যিক অৱদানৰ বাবেও পৰিচিত যিয়ে তেওঁক ২০০৭ চনত এডাছেৰী বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
বি ৰাধাবাই আনন্দ ৰাও
বি ৰাধাবাই আনন্দ ৰাও (B. Radhabai Ananda Rao, ২ ফেব্ৰুৱাৰী ১৯৩০ – ১৭ এপ্ৰিল ১৯৯১) ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ ১৯৬৭ চনৰ পৰা ১৯৮৪ চনলৈকে সংসদৰ সদস্য আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যা আছিল৷
-
বি. জয়শ্ৰী
বি জয়শ্ৰী (: B. Jayashree; জন্ম: ৯ জুন ১৯৫০) এগৰাকী প্ৰবীণ ভাৰতীয় নাট্য অভিনেত্ৰী, পৰিচালক আৰু গায়িকা, যিয়ে ছবি আৰু টেলিভিছনতো অভিনয় কৰিছে আৰু ছবিত ডাবিং আৰ্টিষ্ট হিচাপে কাম কৰিছিল। ১৯৭৬ চনত বাংগালুৰুত স্থাপিত অপেশাদাৰী নাট্য কোম্পানী স্পন্দনা থিয়েটাৰৰ সৃষ্টিশীল পৰিচালক।
-
বি. জয়া (অভিনেত্ৰী)
বাছাপ্পা জয়া (ইংৰাজী: Basappa Jaya; ৩ ছেপ্টেম্বৰ ১৯৪৪ – ৩ জুন ২০২১) বি. জয়া নামেৰে জনাজাত, কানাড়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ছবি পৰিচালনা কৰাৰ আগতে তেওঁ ২০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।
-
বি. বিজয়কুমাৰ
বি. বিজয়কুমাৰ ( B Vijayakumar; জন্ম: ১৯৭৮) একাধাৰে লিখক, অধ্যাপক, সম্পাদক৷ তেখেত জন্মসূত্ৰে তামিলনাডু ৰাজ্যৰ বাসিন্দা যদিও বৰ্তমান কৰ্মসূত্ৰে অসমত আছে৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ তামিল শাখাৰ এজন অধ্যাপক৷ অসম আৰু অসমীয়া ভাষাত তামিল ভাষা-সাহিত্যৰ…
-
বিকাশ খান্না
বিকাশ খান্না এজন ভাৰতীয়-আমেৰিকান চেলিব্ৰিটি চেফ, ৰেষ্টুৰেণ্টৰ গৰাকী, ৰন্ধন গ্ৰন্থৰ লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা। মাষ্টাৰচেফ ইণ্ডিয়াৰ আৰম্ভণিৰেপৰাই তেওঁ অন্যতম বিচাৰক।
-
বিক্ৰম মিশ্ৰী
বিক্ৰম মিশ্ৰী (Vikram Misri; জন্ম:-৭ নৱেম্বৰ ১৯৬৪) ভাৰতীয় বৈদেশিক সেৱাৰ এজন ভাৰতীয় কূটনীতিবিদ৷ তেওঁ ২০২৪ চনৰ জুলাই মাহৰ পৰা ভাৰতৰ ৩৫ সংখ্যক বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
বিখ্যাত পাঁচগৰাকী (কানাডা)
বিখ্যাত পাঁচগৰাকী(ফৰাচী ভাষাত: Célèbres cinq), যাক দ্য ভেলিয়েণ্ট ফাইভ বুলিও কোৱা হয়, আৰু প্ৰথমতে আলবাৰ্টা ফাইভ বুলিও জনা যায়, মহিলা আৰু শিশুৰ বাবে পোষকতা কৰা পাঁচজন বিশিষ্ট কানাডাৰ ভোটাধিকাৰী আছিল: হেনৰিটা মুইৰ এডৱাৰ্ডছ, নেলি মেকক্লুং, লুইজ মেককিনি, এমিলি মাৰ্ফি, আৰু আইৰিন পাৰ্লবি।
-
বিজয় অটলুৰি
বিজয়ল্ক্ষী অটলুৰি (Vijay Atluri; জন্মঃ ১৯৫৬) ভাৰতীয় তথ্য প্ৰণালী সুৰক্ষা আৰু ডাটাবেছ ব্যৱস্থাপনাৰ বিশেষজ্ঞ কম্পিউটাৰ বিজ্ঞানী। তেওঁ নিউৱৰ্কৰ ৰাটজাৰ্ছ বিজনেছ স্কুলৰ ব্যৱস্থাপনা বিজ্ঞান আৰু তথ্য প্ৰণালীৰ অধ্যাপক। অটলুৰি হৈছে ইউনিভাৰ্চিটি অৱ দ্য পিপলৰ কম্পিউটা বিজ্ঞান বিভাগৰ উপদেষ্টা পৰিষদৰ সদস্য।