বাহাৰেহ ৰহণামা (ফাৰ্চী: بهاره رهنما; জন্ম ১ ডিচেম্বৰ, ১৯৭৩) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী আৰু লেখিকা। তেওঁ টাম্বুৰিন (২০০৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে হাফেজ বঁটা লাভ কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
১৯৭৩ চনৰ ১ ডিচেম্বৰত ইৰানৰ আৰাকত ফৰাচী পিতৃ-মাতৃৰ ঘৰত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জালাল ৰহণামা এজন ব্যৱসায়ী আৰু মাতৃ পাৰৱিন কাৱেম মাগ্যামী এগৰাকী অভিনেত্ৰী। ১৯৮০ চনৰ আৰম্ভণিতে তেওঁলোক তেহৰাণলৈ স্থানান্তৰিত হৈছিল।২
কৰ্মজীৱন
অভিনয়
ৰহণামাই আইনী অধিকাৰ আৰু ফাৰ্চী সাহিত্যত স্নাতক ডিগ্ৰী তথা নাট্য সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ চিত্ৰনাট্য লিখন আৰু অভিনয়ৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল আৰু এগৰাকী সাংবাদিক হিচাপেও কাম কৰিছিল।
তেওঁৰ প্ৰথম চলচ্চিত্ৰখন আছিল ১৯৯১ চনৰ ৱাইপাৰ। থিয়েটাৰ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ উপৰি ৰহণামা এগৰাকী লেখিকাও। তেওঁ দ্য নাইটছ অৱ বাৰাৰেক, মোজাফফৰছ গাৰ্ডেন আৰু শ্বামছ-অল-এমাৰেহ ধাৰাবাহিকৰ লিখন কাৰ্যত সহযোগিতা কৰিছিল। ৰহণামাই তেওঁৰ ব্যক্তিগত ব্লগত ৭ বছৰ ধৰি লিখা টোকাৰ সংগ্ৰহ হিচাপে ছেভেন নাইটছ ইন এ মান্থ নামৰ এখন কিতাপো প্ৰকাশ কৰিছে।
এই ইৰানী অভিনেত্ৰীগৰাকীয়ে বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছে, যেনে টাম্বুৰিন, ছেইণ্ট পিটাৰ্ছবাৰ্গ, নো মেন এলাউড, মেন আৰ ফ্ৰম মাৰ্চ, ৱিমেন আৰ ফ্ৰম ভেনাচ, লাফটাৰ ইন দ্য ৰেইন আৰু ছেন্সিটিভ লেভেল। তেওঁ কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছে, যাৰ ভিতৰত দ্য ষ্ট’ৰী অৱ এ চিটি, আই এম এ টেনাণ্ট, দ্য মেন অৱ এ থাউজেণ্ড ফেচেছ আৰু গুডবাই চাইল্ড অন্যতম।
ৰাজনৈতিক কৰ্মজীৱন
তেওঁ ২০০৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মীৰ-হোছেইন মৌছাভীক সমৰ্থন কৰিছিল। তেওঁ ২০০৯ চনৰ মে’ মাহত মৌছাভীৰ পত্নী জাহ্ৰা ৰাহ্নাভাৰ্ডক সাক্ষাৎ কৰিছিল আৰু মীৰ-হোছেইন মৌছাভীৰ ৰাষ্ট্ৰপতি নিৰ্বাচনী প্ৰচাৰৰ অন্যতম সদস্য আছিল।৩ তেওঁ ইৰানত প্ৰকাশিত ‘চেলচেৰাঘ’ নামৰ এখন সাপ্তাহিক সামাজিক আলোচনীৰ এগৰাকী লেখিকা।
ব্যক্তিগত জীৱন
তেওঁ ১৯৯২ চনত পেইমান কাচেমখানীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৬ চনত এই দম্পতীহালে বিবাহবিচ্ছেদ কৰে। পেইমান এজন ইৰানী চিত্ৰনাট্যকাৰ যিয়ে বেছিভাগ সময় মেহৰান মোদিৰীৰ সৈতে কাম কৰিছিল। তেওঁলোকৰ পৰিয়া নামৰ এগৰাকী কন্যা সন্তান আছে, যাৰ জন্ম ১৯৯৭ চনত হৈছিল। পৰিয়াই তেওঁৰ মাতৃৰ সৈতে বানো আৰু মৰ্দ-ই হাজাৰ-চেহৰেহ নামৰ দুখন চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ মাতৃ পাৰৱিনেও ২০০৪ চনৰপৰা ধাৰাবাহিকত অভিনয় কৰি আহিছে। তেওঁৰ প্ৰাক্তন দেৱৰ মেহৰাব কাচেমখানীও এজন লেখক আৰু তেওঁৰ প্ৰাক্তন পত্নী চাগায়েক দেহকান এগৰাকী অভিনেত্ৰী।৪ ৰহণামাই ২০১৭ চনৰ আগষ্ট মাহত আমিৰ খছৰো আব্বাছীৰ সৈতে দ্বিতীয় বিবাহ কৰে।৫৬ ২০২২ চনৰ জুলাই মাহত ৰহণামাই সামাজিক মাধ্যমজোগে তেওঁলোকৰ পৃথক্কৰণৰ কথা ঘোষণা কৰে।৭
বাহ্যিক সংযোগ
- Bahareh Rahnama On SourehCinema (in Persian)
তথ্যসূত্ৰ
- ↑ Biography of Bahareh Rahnama
- ↑ নিকি কৰিমী
- ↑ Rahnama supported Mousavi
- ↑ Family of Bahareh Rahnama
- ↑ (August 17, 2017). بیوگرافی بهاره رهنما / عکسهای عروسی بهاره رهنما. Sarpoosh
- ↑ Marriage of bahare Rahnama with Amir Khosrow Abbasi. talarnameh
- ↑ (25 July 2022). لایو جنجالی بهاره رهنما... Khabar Online
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহাৰেহ ৰহনামা” প্ৰবন্ধৰ সংশোধন ৬১১৮৫৩ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।