বি. বিজয়কুমাৰ ( B Vijayakumar; জন্ম: ১৯৭৮) একাধাৰে লিখক, অধ্যাপক, সম্পাদক৷ তেখেত জন্মসূত্ৰে তামিলনাডু ৰাজ্যৰ বাসিন্দা যদিও বৰ্তমান কৰ্মসূত্ৰে অসমত আছে৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ তামিল শাখাৰ এজন অধ্যাপক৷ অসম আৰু অসমীয়া ভাষাত তামিল ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে তেওঁ বহুকেইখন অনুবাদমূলক গ্ৰন্থ প্ৰকাশ কৰিছে৷ সেইদৰে অসমীয়া ভাষাৰ বিভিন্ন সাহিত্যৰাজিও তেওঁ তামিল ভাষালৈ অনুবাদ কৰিছে৷ ১
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম হয় ১৯৭৮ চনত নাগাপাট্টিনাম জিলাত৷ পিতৃৰ নাম কে. বালায়ন আৰু মাতৃৰ নাম বি.মানিয়াম্মল৷
শিক্ষা
- অন্নামলাই বিশ্ববিদ্যালয়ৰপৰা তামিল ভাষা সাহিত্যত বিষয়ত এম.এ ডিগ্ৰী, ২০০৪ ১
- অন্নামলাই বিশ্ববিদ্যালয়ৰপৰা ভাষাতত্ত্ব বিষয়ত এম.এ ডিগ্ৰী, ২০১৩
- অলাগপ্পা বিশ্ববিদ্যালয়ৰপৰা তামিল ভাষা সাহিত্যত এম.ফিল ডিগ্ৰী, ২০০৬
- ভাৰতদৰ্শন বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেড ডিগ্ৰী গ্ৰহণ, ২০১০
গ্ৰন্থ
- তামিল স্ক্ৰীপ্ট, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৬১
- তামিল স্ক্ৰীপ্ট, আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ২০১৭
- Recall Vocabulary: Tamil - English - Assamese), ২০১৯২
- A Dictionary of Tamil-English-Assamese, ২০১৭
- কাৰ বাবে এই ক্ৰন্দন (অনুবাদ, সহযোগী অনামিকা ৰাজবংশী), ২০১৯
- নিৰ্বাচিত তামিল চুটিগল্প সংগ্ৰহ (অনুবাদ, সহযোগী অনামিকা ৰাজবংশী), ২০২০৩
- তামিল ভাষা আৰু সাহিত্য পৰিচয়, ২০২০৪
বঁটা আৰু সন্মান
- হায়াৰচেকেণ্ডৰী পৰীক্ষাত তামিলনাডুৰ ভিতৰতে তৃতীয় নম্বৰত উত্তীৰ্ণ হোৱাত তামিল চৰকাৰৰ পৰা সোণৰ পদক লাভ, ১৯৯৫
- তামিল চুদৰ বঁটা, থিৰুক্কুৰল এচচিয়েশ্যনৰপৰা, ২০১২
- ডক্টৰ ৰাধাকৃষ্ণন বঁটা, পুডুভাই তামিল সঙ্গম আৰু কুমাৰচময় মিনা কলেজৰপৰা, ২০১৯
- ইয়ং স্কলাৰ এৱাৰ্ড, ২০২০ ১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি. বিজয়কুমাৰ” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৬৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।