বাৰ্বাৰা এন আলিমাডি (Barbara Ann Allimadi; প্ৰায় ১৯৭২ – ২৭ এপ্ৰিল ২০২০) এগৰাকী উগাণ্ডাৰ ৰাজনীতিবিদ আৰু মানৱ অধিকাৰ কৰ্মী আছিল।
প্ৰাৰম্ভিক জীৱন
আলিমাডিৰ উগাণ্ডাত জন্ম হৈছিল৷ তেওঁৰ পিতৃ এৰিফাছ ওটেমা আলিমাডি১, যি আছিল উগাণ্ডাৰ তৃতীয় প্ৰধানমন্ত্ৰী (১৯৮০–১৯৮৫)।২ তেওঁৰ ভাতৃ মিল্টন আলিমাদি, সাংবাদিক আৰু বাতৰি কাকতৰ প্ৰতিষ্ঠাপক।৩
আলিমাডীয়ে গয়াজা হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল৷ তাৰ পিছত তেওঁৰ পৰিয়াল নিৰ্বাসনলৈ গৈছিল যেতিয়া দ্বিতীয় ওবোটে চৰকাৰক উৎখাত কৰা হৈছিল।১ লণ্ডন মেট্ৰ'পলিটান বিশ্ববিদ্যালয়ত ইলেক্ট্ৰনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিকীত তেওঁ ডিগ্ৰী লাভ কৰে।৪ আলিমাডিয়ে ইংলেণ্ডত অভিযান্ত্ৰিক অনুশীলন কৰিছিল১ আৰু তাৰ পিছত ২০০৭ চনত উগাণ্ডালৈ উভতি আহিছিল।৪
সক্ৰিয়তা
২০১২ চনত ফ'ৰাম ফৰ ডেম'ক্ৰেটিক চেঞ্জ (এফডিচি)ৰ "আইৰন লেডী" নামেৰে পৰিচিত বিৰোধী ৰাজনীতিবিদ ইংগ্ৰিড টুৰিনাৱক,৫ এজন আৰক্ষী বিষয়াই স্তন চেপি ধৰাৰ পিছত এই আক্ৰমণ টেলিভিছনত প্ৰচাৰ কৰাৰ পিছত বাৰ্বাৰা আলিমাডিয়ে সহযোগিতামূলকভাৱে এক প্ৰতিবাদৰ আয়োজন কৰে। ইয়াক উগাণ্ডাত "ব্ৰা প্ৰতিবাদ" বুলি জনা যায়।৪ আলিমাডিয়ে কয় যে "আমাক সুৰক্ষা দিয়াৰ দায়িত্বত থকা আৰক্ষী বাহিনীয়ে সকলোৰে সন্মুখত এগৰাকী মহিলাক আক্ৰমণ কৰাত মই গুৰুতৰভাৱে ক্ষুন্ন হৈছিলোঁ।"৩
২০১২ চনত সংসদত সংশ্লিষ্ট নাগৰিক গোটৰ সৈতে বিক্ষোভ প্ৰদৰ্শন কৰাৰ পিছত আলিমাডিক গ্ৰেপ্তাৰ কৰা হয় আৰু দুৰ্নীতি বিৰোধী শ্লোগান থকা টি-চাৰ্ট জব্দ কৰা হয়।৬
আলিমাডি ৰাজনৈতিক দল এফ ডি চিৰ এজন কৰ্মী আছিল,৭আৰু ২০১৯ চনত নতুনকৈ গঠন হোৱা এলায়েন্স ফৰ নেচনেল ট্ৰেন্সফৰ্মেচনত যোগদান কৰে৷ আলিমাডি তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা সচিব হয় আৰু প্ৰব্ৰজনকাৰী উগাণ্ডাৰ লোকসকলৰ সমন্বয় সাধন কৰে।৮২
মৃত্যু আৰু উত্তৰাধিকাৰ
২০২০ চনৰ ২৭ এপ্ৰিলত কাম্পালাৰ কিৱাটুলেত থকা নিজৰ ঘৰত আলিমাডিক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।৯১০ আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰে।৩৯ ২০২১ চনত তেওঁৰ স্মৃতিত বাৰ্বাৰা আলিমাডি ফাউণ্ডেশ্যন আৰম্ভ কৰা হৈছিল, যাতে ছাত্ৰ-ছাত্ৰীসকলক বিশেষকৈ ছোৱালীক কলেজ আৰু বিশ্ববিদ্যালয়ৰ বৃত্তি প্ৰদান কৰিব পাৰি।২
তথ্যসূত্ৰ
- ↑ Taylor, Mildred Europa. (2022-04-23). Celebrating Barbara Allimadi, the Ugandan political activist known for her defiant bra protest. Face2Face Africa
- ↑ Dominic, Ochola O. Barbra Allimadi Foundation Launched in Memory of Her Freedom Fighting Legacy:. Uganda Radionetwork
- ↑ Ugandan Political Activist Barbara Allimadi Passes Away. OkayAfrica
- ↑ Barbara Allimadi. AWID
- ↑ (2021-05-02). Tribute to fallen freedom fighter Barbara Allimadi. Uganda
- ↑ Watch, Human Rights. (2013-02-19). World Report 2013: Events of 2012. Seven Stories Press. পৃ. 180. ISBN 978-1-60980-483-1
- ↑ (2020-07-19). Political activist Barbara Allimadi reported dead. Monitor
- ↑ (2020-07-19). Allimadi hailed as justice defender. Monitor
- ↑ (2020-07-19). Police probe political activist Barbara Allimadi’s death. Monitor
- ↑ (2020-07-19). Neighbours’ account of Allimadi’s last moments. Monitor
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্বাৰা আলিমাডি” প্ৰবন্ধৰ সংশোধন ৫০০২৪১ (৩১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।