অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাহমন আহমদী আমৌই

বাহমন আহমদী আমৌই (Bahman Ahmadi Amouee) ১৯৬৭ চনত জন্মগহণ কৰা এজন ইৰানী সাংবাদিক। তেওঁ সংস্কাৰবাদী দৈনিক ব্যাৱসায়িক বাতৰি চাৰ্মেয়হ ৰ সম্পাদকৰ দায়িতত আছিল। ২০০৯ চনৰপৰা কাৰাবন্দী জীৱন কটাবলগীয়া হয়। সংবাদকৰ্মী জিলা বানিয়াঘুবক তেওঁ বিয়া কৰে।

হালনাগাদ: ৩১ মে’ ২০২৬ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বাহমন আহমদী আমৌই (Bahman Ahmadi Amouee) ১ ১৯৬৭ চনত জন্মগহণ কৰা এজন ইৰানী সাংবাদিক। তেওঁ সংস্কাৰবাদী দৈনিক ব্যাৱসায়িক বাতৰি চাৰ্মেয়হ ৰ সম্পাদকৰ দায়িতত আছিল। ২০০৯ চনৰপৰা কাৰাবন্দী জীৱন কটাবলগীয়া হয়। ২ সংবাদকৰ্মী জিলা বানিয়াঘুবক তেওঁ বিয়া কৰে। সাংবাদিকতাৰ কাৰণত জিলা বানিয়াঘুবো কাৰাবন্দী হ'বলগীয়া হয়।

জীৱন আৰু কৰ্ম

দক্ষিণ-পশ্চিম ইৰাণৰ যাযাবৰী বাখতিয়াৰী জনগোষ্ঠীৰ সদস্য আমৌই জীৱনৰ প্ৰথম ছবছৰ চাহৰমহল আৰু বাখতিয়াৰী প্ৰদেশত কটায়। আমৌই স্কুলত পঢ়িব পৰাকৈ তেওঁৰ পৰিয়াল খোজেস্তান প্ৰদেশলৈ গুচি যায়। পিছলৈ তেওঁ বাব আল-ছালাহ কলেজ অৱ ইকনমিক্স এণ্ড ছ'চিয়েলজিত অৰ্থনীতি অধ্যয়ন কৰে আৰু তাৰ পিছত অৰ্থনৈতিক সাংবাদিকতালৈ গতি কৰে।১

আমৌই সংস্কাৰবাদী বাতৰি কাকত দৈনিক ছাৰ্মায়েহৰ সম্পাদক হয় আৰু ইৰাণ চৰকাৰৰ অৰ্থনৈতিক নীতিৰ সক্ৰিয় সমালোচক হৈ পৰে আৰু দেশখনক বিশ্বৰ অন্যতম দুৰ্নীতিগ্ৰস্ত দেশ বুলি অভিহিত কৰে।১২০০৮ চনত তেওঁ এটা প্ৰবন্ধ লিখিছিল য'ত চৰকাৰে ২৩৮ বিলিয়ন মাৰ্কিন ডলাৰৰ তেলৰ ৰাজহৰ হিচাপ কিয় দিব পৰা নাছিল বুলি প্ৰশ্ন কৰিছিল।৩ তেওঁৰ দুখন গ্ৰন্থও লিখিছে। সেইকেইখন হ'ল:

  • দ্য পলিটিকেল ইকনমি অৱ দ্য ইছলামিক ৰিপাব্লিক
  • হাউ দি ইছলামিক ৰিভল্যুছনেৰীজ বিকেম টেকন’ক্ৰেট?১

২০০৯ চনত গ্ৰেপ্তাৰ

২০০৯ চনৰ জুন মাহত ইৰানত ভোটৰ ৰিগিঙৰ অভিযোগৰ মাজতে ৰাষ্ট্ৰপতি মাহমুদ আহমদিনেজাদ পুনৰ নিৰ্বাচিত হোৱা বিতৰ্কিত নিৰ্বাচনৰ পিছত ব্যাপক প্ৰতিবাদৰ সাক্ষী হৈছিল। ২০ জুনৰ নিশা সাধাৰণ কাপোৰ পিন্ধা আৰক্ষী বিষয়াই সাংবাদিকৰ ওপৰত সাধাৰণ দমনৰ অংশ হিচাপে আমৌয় আৰু বনিয়াঘুবক ঘৰৰপৰাই গ্ৰেপ্তাৰ কৰে।৪ ২০১০ চনৰ ৪ জানুৱাৰীত আমৌইক "ৰাষ্ট্ৰীয় নিৰাপত্তাক ভেঙুচালি কৰাৰ বাবে গোট খোৱা আৰু ষড়যন্ত্ৰ কৰা", "ব্যৱস্থাৰ বিৰুদ্ধে অপপ্ৰচাৰ", "জনসাধাৰণৰ সুৰক্ষাত বাধা দিয়া", আৰু "ৰাষ্ট্ৰপতিক অপমান কৰা"ৰ অভিযোগত ৩২টা কোব আৰু সাত বছৰ চাৰি মাহৰ কাৰাদণ্ড বিহা হয়। সাংবাদিকক সুৰক্ষা সমিতিখনে এই ৰায়দানৰ প্ৰতিবাদ কৰি ইয়াক “অবৈধ” আৰু “প্ৰকাশ্যভাৱে ৰাজনৈতিক” বুলি অভিহিত কৰে। ৫

সেই মাহতে বন্যাঘুবৰ বিৰুদ্ধে "ব্যৱস্থাৰ বিৰুদ্ধে অপপ্ৰচাৰ" আৰু "ৰাষ্ট্ৰপতিক অপমান" কৰাৰ অভিযোগত বিচাৰ আৰু দোষী সাব্যস্ত কৰা হয়। আদালতে তেওঁক ত্ৰিছ বছৰৰ বাবে সাংবাদিকতাত নিষেধাজ্ঞা আৰোপ কৰি এবছৰৰ কাৰাদণ্ড বিহে। ২ এম্নেষ্টী ইণ্টাৰনেশ্যনেলে আমুই আৰু বানিয়াঘুব দুয়োকে বিবেকৰ বন্দী ঘোষণা কৰি কয় যে তেওঁলোকক “কেৱল শান্তিপূৰ্ণভাৱে নিজৰ মত প্ৰকাশৰ স্বাধীনতা প্ৰয়োগ কৰাৰ বাবেই আটক কৰা হৈছে” আৰু তেওঁলোকক তৎকালীনভাৱে মুকলি কৰি দিয়াৰ আহ্বান জনায়। ২৬ মানৱ অধিকাৰ পৰ্য্যবেক্ষণ সংস্থায়ো আমৌইক মুক্তিৰ বাবে হেঁচা প্ৰয়োগ কৰি কয় যে তেওঁৰ কাৰাগাৰত বন্দী হোৱাটো বাক স্বাধীনতা উলংঘা; ২০১১ চনত সংস্থাটোৱে তেওঁক হেলমেন-হেমেট বঁটাৰ বিজয়ী হিচাপে ঘোষণা কৰে।৭

বৰ্তমান ইভিন কাৰাগাৰত শাস্তি ভুগি আছে আমৌই। ২০১০ চনৰ ২৬ জুলাইত তেওঁক একাকী কাৰাগাৰলৈ বদলি কৰা হয়, তাৰ পিছত তেওঁ আন কেইবাজনো কাৰাবন্দী সাংবাদিকৰ সৈতে অনশন আৰম্ভ কৰে। ৮

তথ্যসূত্ৰ

  1. ↑ Satereh Sabety. (17 October 2009). Worse than Shah-era Capitulation Laws. Frontline. PBS
  2. ↑ (3 September 2012). Iran must release prisoner of conscience Zhila Bani-Yaghoub. Amnesty International
  3. ↑ Omid Memarian. (22 December 2008). Ahmadinejad plans budget cut as oil price falls. Inter Press Service
  4. ↑ Angela Charlton. (21 June 2009). At least 24 reporters arrested in Iran. Associated Press
  5. ↑ (5 January 2010). Harsh sentence for Iranian journalist Amouee. Committee to Protect Journalists
  6. ↑ (8 July 2010). Iran: Further Information: Three Iranian Journalists Sentenced. Amnesty International
  7. ↑ (13 July 2012). Iran: End Abuse of Imprisoned Journalists. Human Rights Watch
  8. ↑ (5 August 2010). Evin Prison hunger strike highlights inhumane conditions. Committee to Protect Journalists

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহমন আহমদী আমৌই” প্ৰবন্ধৰ সংশোধন ৬১০২০১ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।