বি ৰাধাবাই আনন্দ ৰাও (B. Radhabai Ananda Rao, ২ ফেব্ৰুৱাৰী ১৯৩০ – ১৭ এপ্ৰিল ১৯৯১) ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ ১৯৬৭ চনৰ পৰা ১৯৮৪ চনলৈকে সংসদৰ সদস্য আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যা আছিল৷
জীৱন আৰু কৰ্মজীৱন
অন্ধ্ৰপ্ৰদেশৰ খম্মাম জিলাৰ ভেংকটাপুৰম গাঁৱত ১৯৩০ চনৰ ২ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা বি ৰাধাবাই আনন্দ ৰাৱে ৰাজহমুন্দ্ৰী টিউটৰিয়েল কলেজ আৰু ৰাজহমুন্দ্ৰী শিক্ষক প্ৰশিক্ষণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।
১৯৬৭ চনত চতুৰ্থ লোকসভাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ভদ্ৰচালামৰ (লোকসভা সমষ্টি)ৰ পৰা নিৰ্বাচিত হোৱা ৰাও ১৯৮৫ চনলৈকে একেৰাহে চাৰিবাৰকৈ নিৰ্বাচিত হয়।
১৯৫২ চনৰ ৬ জুনত বি কে আনন্দ ৰাওৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ এজন পুত্ৰ আৰু দুগৰাকী কন্যা আছিল। ১৯৫৭ চনৰ পৰা ১৯৬৭ চনৰ ভিতৰত ছিংগাৰেনী কলিয়াৰীত পৰিয়াল পৰিকল্পনা প্ৰশিক্ষক হিচাপে কাম কৰা ৰাওৱে ১৯৬২–৬৪ চনত ভাৰতীয় ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সদস্য আৰু ১৯৫৭ চনত কোঠাগুডেমৰ পঞ্চায়ত সমিতিৰ সদস্য হিচাপে দায়িত্ব পালন কৰে৷ তেওঁ কলিৰী আৰু অন্যান্য জনজাতীয় অঞ্চলত আৰু লগতে জনজাতীয় লোকৰ কল্যাণৰ বাবেও কাম কৰিছিল।
ৰাও চৰকাৰী নিশ্চয়তা সমিতিৰ সদস্য আছিল আৰু সংসদীয় প্ৰতিনিধি দলত বিদেশ ভ্ৰমণ কৰিছিল৷
১৯৯১ চনৰ ১৭ এপ্ৰিলত, ৬১ বছৰ বয়সত বি ৰাধাবাই আনন্দ ৰাওৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ Lok Sabha Debates, July 11, 1991. Parliament of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি ৰাধাবাই আনন্দ ৰাও” প্ৰবন্ধৰ সংশোধন ৪৭৮১৯১ (১৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।