অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বালা হিজাম

সূৰ্য বালা হিজাম (জন্ম: ৯ জুন ১৯৯১; ইম্ফলত, বালা হিজাম নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ মণিপুৰী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত বুং, নীলাকাশম পাচকাডাল চুভান্না ভূমি, য়াইস্কুলগী পাখাং আঙাওবা, মণিপুৰ এক্সপ্ৰেছ, সানাগী তাংবল, আমুক্তা আনি আৰু ইনাম্মা…

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সূৰ্য বালা হিজাম (জন্ম: ৯ জুন ১৯৯১; ইম্ফলত, বালা হিজাম নামেৰে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ মেইতেই ভাষা চলচ্চিত্ৰত অভিনয় কৰে।১২৩

তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত বুং, নীলাকাশম পাচকাডাল চুভান্না ভূমি, য়াইস্কুলগী পাখাং আঙাওবা, মণিপুৰ এক্সপ্ৰেছ, সানাগী তাংবল, আমুক্তা আনি আৰু ইনাম্মা উল্লেখযোগ্য।৪৫

অভিনয় জীৱন

বালা হিজামে ১৫ বছৰ বয়সত ওকেন আমকচাম পৰিচালিত টেল্লাংগা মামেই চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। এই সুযোগ তেওঁ লাভ কৰিছিল চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰাহক ইৰোম মাইপাকৰ জৰিয়তে।৬

তেওঁ হিন্দী চলচ্চিত্ৰ জিন্দেগী অন দ্য ৰকছত অভিনয় আৰম্ভ কৰিছিল যদিও কিছু সমস্যাৰ বাবে চলচ্চিত্ৰখন অসম্পূৰ্ণ হৈ থাকে।৭

তেওঁৰ প্ৰথম উল্লেখযোগ্য চৰিত্ৰ আছিল ৰোমি মৈতেই পৰিচালিত খাংদ্ৰেদা নংদাম্বা চলচ্চিত্ৰত, য’ত তেওঁ কমলা সাইখোমৰ সৈতে সহ-অভিনয় কৰিছিল। ইয়োমায়াই মংগসাবা পৰিচালিত আৰু ফ্লাই হাই ফিল্মছ প্ৰযোজিত পন্থুঙী ৱাংমাদা আছিল তেওঁৰ প্ৰথম মুখ্য চৰিত্ৰৰ চলচ্চিত্ৰ।

তেওঁৰ জনপ্ৰিয় চলচ্চিত্ৰসমূহৰ ভিতৰত য়াইস্কুলগী পাখাং আঙাওবা, মণিপুৰ এক্সপ্ৰেছ, মীৰাং মহুম, আমুক্তা আনি, দিল্লী মেল্লেই, সানাগী তাংবল আৰু থাবাটন ২ উল্লেখযোগ্য।৮

তেওঁ তামোয়াইগী এবেচা চলচ্চিত্ৰত এগৰাকী শাৰীৰিকভাৱে অক্ষম নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।

২০১৮ চনত তেওঁ শিক্ষামূলক চলচ্চিত্ৰ হু ছেইড বয়জ কেণ্ট ৱেৰ মেকআপ?ত অভিনয় কৰে।৯

২০২২ চনত তেওঁ ময়ংক প্ৰতাপ সিং পৰিচালিত চুটি চলচ্চিত্ৰ লেম্বী লৈমাত অভিনয় কৰে।১০

২০২৪ চনত তেওঁ বুং চলচ্চিত্ৰত মন্দাকিনী চৰিত্ৰত অভিনয় কৰে। এই চলচ্চিত্ৰখন ২০২৪ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল।১১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Interview of Bala Hijam, The Reigning Queen of Manipuri Cinema. The Moviean
  2. ↑ Aribam Bishwajit. Bridging the Gap: The Need to Elevate Manipuri Cinema on Global Stage. imphalreviews.in
  3. ↑ Roy, Esha. (১৭ আগষ্ট ২০১৪). From Manipur, stories of the women actors who didn't get to play Mary Kom. The Indian Express
  4. ↑ (১৬ ছেপ্টেম্বৰ ২০২৪). 'Boong' Review: A Small Coming-of-Age Tale on India's Eastern Border Disguises Larger Politics. Variety
  5. ↑ (১৬ জুলাই ২০১৩). When Kerala called Surja Bala Hijam. The New Indian Express
  6. ↑ (২৮ ছেপ্টেম্বৰ ২০১৮). The Beauty of Manipuri Cinema with a Heart of Gold. NorthEast Feed
  7. ↑ (২৬ ছেপ্টেম্বৰ ২০২৩). Soma Laishram is not at fault. The Hindu
  8. ↑ Interview of Bala Hijam, the reigning queen of Manipuri Cinema. The Moviean
  9. ↑ (১৬ এপ্ৰিল ২০২৩). 2018 Manipuri film Who Said Boys Can't Wear Makeup Is No Less Than A Revolution. Imphal Times
  10. ↑ (৮ এপ্ৰিল ২০২৩). Manipur: After bagging 22 awards, movie to be screened in Imphal. North East Now
  11. ↑ (১৫ ছেপ্টেম্বৰ ২০২৪). TIFF 2024. Money Control

সম্পৰ্কিত শ্ৰেণী

মেইতেই চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালা হিজাম” প্ৰবন্ধৰ সংশোধন ৫৯৫৮৪৮ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।