বি জয়শ্ৰী (: B. Jayashree; জন্ম: ৯ জুন ১৯৫০) এগৰাকী প্ৰবীণ ভাৰতীয় নাট্য অভিনেত্ৰী, পৰিচালক আৰু গায়িকা, যিয়ে ছবি আৰু টেলিভিছনতো অভিনয় কৰিছে আৰু ছবিত ডাবিং আৰ্টিষ্ট হিচাপে কাম কৰিছিল। ১৯৭৬ চনত বাংগালুৰুত স্থাপিত অপেশাদাৰী নাট্য কোম্পানী স্পন্দনা থিয়েটাৰৰ সৃষ্টিশীল পৰিচালক।১২
২০১০ চনত ভাৰতীয় সংসদ ৰাজ্যসভাৰ উচ্চ সদনলৈ মনোনীত হয়। ২০১৩ চনত ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত হয়।৩
গুব্বি বীৰানা নাটক কোম্পানী প্ৰতিষ্ঠা কৰা বিখ্যাত নাট্য পৰিচালক গুব্বি বীৰান্নাৰ নাতিনী৪
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
তেওঁ ১৯৫০ চনৰ ৯ জুনত বাংগালুৰুত জন্মগ্ৰহণ কৰিছিল। মাতৃৰ নাম জি.ভি. মালাথাম্মা বিখ্যাত নাট্য পৰিচালক গুব্বি বীৰান্নাৰ কন্যা আছিল। জয়শ্ৰীয়ে ১৯৭৩ চনত দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে,৫ য'ত তেওঁ বিখ্যাত নাট্য পৰিচালক আৰু শিক্ষক ইব্ৰাহিম আলকাজিৰ অধীনত প্ৰশিক্ষণ লয়।৬৭
কৰ্ম জীৱন
কৰ্ম জীৱন সৰহ খিনি সময় ধৰি তেওঁ বি ভি কৰণন্থকে ধৰি উল্লেখযোগ্য নাট্য ব্যক্তিসকলৰ সৈতে কাম কৰি আহিছে। তেওঁ কানাড়া ছবিত অভিনয় কৰিছে, যেনে নাগামণ্ডলা(১৯৯৭), দেৱীৰী (১৯৯৯) আৰু কেয়াৰ অৱ ফুটপাথ (২০০৬)।৪ তেওঁ চমুকৈ মহীশূৰস্থিত থিয়েটাৰ ইনষ্টিটিউট ৰঙায়ানাৰো পৰিচালক আছিল।[8].৮
ৰাজকুমাৰ চিনেমাৰ শীৰ্ষ অভিনেত্ৰী মাধৱী, গায়ত্ৰী, জয়াপ্ৰদা, অম্বিকা, সুমালাথা আদিৰ বাবে ভইচ অভাৰ অৰ্থাৎ কন্ঠদাতা আৰ্টিষ্ট আছিল। প্লেবেক গায়িকা হিচাপে তেওঁ কানাড়া ছবি নান্না প্ৰীথিয়া হুডুগীৰ বাবে হিট নম্বৰ "কাৰ কাৰ"ত অভিনয় কৰিছিল।৪
১৯৯৬ চনত ভাৰতৰ নেচনেল একাডেমী অৱ মিউজিক, ডান্স এণ্ড ড্ৰামা সংগীত নাটক একাডেমীয়ে দিয়া সংগীত নাটক একাডেমী বঁটা আৰু অনুশীলনকাৰী শিল্পীসকলক দিয়া সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি৯ আৰু পিছলৈ ২০১০ চনত ৰাজ্যসভালৈ মনোনীত হয়।১০ ২০০৯ চনত কৰ্ণাটক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ সন্মানীয় ডি লিট ডিগ্ৰী লাভ কৰিছে।১১
ব্যক্তিগত জীৱন
তেওঁ কে আনন্দ ৰাজুৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আৰু দম্পতীহালৰ ২ গৰাকী দত্তক কন্যা আছে। সুষমা বীৰ তেওঁৰ জৈৱিক কন্যা।৫
ফিল্মগ্ৰাফী
অভিনেত্ৰী হিচাপে জীৱন চক্ৰ (১৯৮৫)
ই বান্ধ অনুবন্ধা (১৯৮৭)...বিজয়ৰ পেহী
সুন্দৰা স্বপ্নাগালু (১৯৮৭)
মালগুদি ডেজ (১৯৮৭)…মুনিয়াৰ পত্নী
চেলুভি (১৯৯২; হিন্দী)
কোট্ৰেছি কানাছু (১৯৯৪)
খাকী (১৯৯৬)...সকাম্মা
নাগামণ্ডল (১৯৯৭)...কুৰুদব্ৱা
কৌৰৱ (১৯৯৮)
দেৱীৰী (১৯৯৯)…ৰংগপ্পাৰ পত্নী
কদাম্বা (২০০৩)
দুৰ্গী (২০০৪)…দুৰ্গীৰ আইতাক
কেয়াৰ অৱ ফুটপাথ (২০০৬)...স্লুম্মুৰ কেয়াৰটেকাৰ
ই প্ৰীতি য়েকে ভূমি মেলিডে (২০০৭)
বানাডা নেৰালু (২০০৯)
ইষ্টকাম্য (২০১৬)
কিৰাগুৰিনা গয়ালিগালু (২০১৬)
মাস্থি গুডী (২০১৭)
লুটি (২০১৮)...ৰেগপিকাৰ
মুকজ্জিয়া কানাসুগালু (২০১৯)...মূকজ্জী
লাইনমেন (২০২৪) (দ্বিভাষিক)
প্ৰেম, সীতাৰা (২০২৪) হিন্দী
প্লেবেক গায়ক হিচাপে
নাগা দেৱথে (২০০০) - হালুণ্ডু হোগে
কোঠিগালু ছাৰ কোঠিগালু(২০০১) - বোণ্ডানা ডুমিনা
দুৰ্গী (২০০৪) - বিলথাভে নোডেগা
কদম্বা(২০০৪) - বাণ্ডা নোদাম্মা
নান্না প্ৰীঠিয়া হুডুগী(২০০১) - গাড়ী গাড়ী
প্ৰীতি প্ৰেম প্ৰাণায়া (২০০৩) - কব্বিনা জল্লে
দাছা (২০০৩) - কুলুকাবেদা
ভগৱান (২০০৪) - গোপালপ্পা
যোগী (২০০৫) - চিক্কু বুক্কু ৰেল
মাতা (২০০৬) - থাণ্ডা থায়েই
মাথাদ মাথাডু মাল্লিগে (২০০৭) - বাৰো নাম থেৰিগে
তথ্যসূত্ৰ
- ↑ (19 August 2005). Folk theatre festival by Spandana. দ্য হিন্দু
- ↑ (21 June 2015). Four-day theatre festival in honour of Jayashree. Deccan Herald
- ↑ (25 January 2013). Padma Awards Announced. Ministry of Home Affairs
- ↑ (27 January 2013). B Jayashree gets the Padmashree. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Detailed Profile - Smt. B. Jayashree - Members of Parliament (Rajya Sabha). Government: National Portal of India
- ↑ (18 December 1996). Profile: "I Was Recognised For My Genius". The Outlook
- ↑ Rajan, Anjana. (10 November 2010). Festive scene. The Hindu
- ↑ (31 August 2009). 'Aha!' to entertain children in Mysore. দ্য হিন্দু
- ↑ SNA: List of Akademi Awardees. সংগীত নাটক একাডেমীOfficial website
- ↑ Nominated Members Since 1952. Rajya Sabha
- ↑ (7 March 2009). Ask government to build world-class theatres: Jayashree. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি. জয়শ্ৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭৪৩৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।