অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাৰান কোছাৰী

বাৰান কোছাৰী (ফাৰ্চী: باران کوثری; জন্ম ১৬ ছেপ্টেম্বৰ, ১৯৮৫) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। চলচ্চিত্ৰ নিৰ্মাতা জাহাংগীৰ কোছাৰী আৰু ৰাখশান বাণী-এতেমাদৰ ঘৰত জন্মগ্ৰহণ কৰা বাৰানে তেওঁৰ মাতৃৰ চলচ্চিত্ৰত অভিনয় কৰিয়েই কেৰিয়াৰ আৰম্ভ কৰিছিল।

হালনাগাদ: ১১ জুন ২০২৬ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বাৰান কোছাৰী (ফাৰ্চী ভাষা: باران کوثری; জন্ম ১৬ ছেপ্টেম্বৰ, ১৯৮৫) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। চলচ্চিত্ৰ নিৰ্মাতা জাহাংগীৰ কোছাৰী আৰু ৰাখশান বাণী-এতেমাদৰ ঘৰত জন্মগ্ৰহণ কৰা বাৰানে তেওঁৰ মাতৃৰ চলচ্চিত্ৰত অভিনয় কৰিয়েই কেৰিয়াৰ আৰম্ভ কৰিছিল। কোছাৰীয়ে দুটাকৈ ক্ৰিষ্টাল চিমৰ্গ, দুটা হাফেজ বঁটা, দুটা ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটা আৰু দুটা ইৰানৰ চলচ্চিত্ৰ সমালোচক আৰু লেখক সংস্থাৰ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।

কৰ্মজীৱন

তেওঁ চুৰেহ একাডেমীৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯১ চনৰ দ্য বেষ্ট পাপা অৱ দ্য ৱৰ্ল্ড হৈছে তেওঁৰ প্ৰথম অভিনয়ৰ অভিজ্ঞতা। তেওঁ তেওঁৰ মাতৃৰ কেইখনমান চলচ্চিত্ৰত অভিনয় কৰিছিল, যাৰ ভিতৰত নাৰ্গিছ (১৯৯১), দ্য ব্লু-ভেইল্ড (১৯৯৪), মে লেডী (১৯৯৭), কিশ ষ্ট’ৰীজ (১৯৯৮), আণ্ডাৰ দ্য স্কিন অৱ দ্য চিটি (২০০০) আৰু প্ৰামাণ্যচিত্ৰ আৱাৰ টাইমছ (২০০১) অন্যতম। ২০০৭ চনত মেইনলাইন চলচ্চিত্ৰত কৰা সুন্দৰ অভিনয়ৰ বাবে তেওঁ এছিয়া পেচিফিক স্ক্ৰীন এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাৰ বাবে মনোনীত হৈছিল।১২

ইয়াৰ উপৰি বাৰান কোছাৰীয়ে আজিটা হাজিয়ানৰ পৰিচালনাত নিৰ্মিত অভাৰ দ্য মিৰৰ (১৯৯৭) নাটকত অভিনয় কৰি এগৰাকী নাট্য অভিনেত্ৰী হিচাপেও নিজৰ পাৰদৰ্শিতা প্ৰমাণ কৰিছিল।

দাতব্য কাৰ্যসূচী

কোছাৰীক ইৰানত চুইডেনৰ ‘য়াৰী দাতব্য সংস্থা’ৰ ৰাষ্ট্ৰদূত হিচাপে পৰিচিত কৰোৱা হৈছে। য়াৰী হৈছে এক স্বতন্ত্ৰ, অলাভজনক আৰু বেচৰকাৰী সংস্থা যিয়ে “পথৰ শিশু কমক, শিক্ষাৰ্থী বাঢ়ক” শ্ল’গানৰ অধীনত কাম কৰে। এই সংস্থাটোৰ প্ৰধান লক্ষ্য হৈছে শিশুসকলক সৰ্বাংগীণ সহায় কৰা, শৈক্ষিক সুযোগ সৃষ্টি কৰা আৰু সুবিধাবঞ্চিত অঞ্চলৰ বিদ্যালয় তথা পুথিভঁৰালসমূহৰ বাবে সম্পদ যোগান ধৰা। এই প্ৰচেষ্টাক চুইডেনৰ স্পনচৰসকলৰ স্বেচ্ছামূলক আৰ্থিক সাহায্যৰে সমৰ্থন কৰা হয়।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (February 24, 2016). Why are Iranians lip synching to political speeches?. BBC
  2. ↑ (February 2, 2016). Reformist Iranians use humour to urge tactical voting. France 24
  3. ↑ (2021-01-17). باران کوثری سفیر انجمن یاری شد · ایران آنلاین

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰান কোছাৰী” প্ৰবন্ধৰ সংশোধন ৬১১৮৫৪ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।