অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাহাৰ দেহকোৰ্ডি

বাহাৰ দেহকোৰ্ডি (জন্ম ১৯ নৱেম্বৰ ১৯৯০), তেওঁৰ পেছাদাৰী নাম বাহাৰ আতিশ হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী ইৰানী ৰেপাৰ, থিয়েটাৰ অভিনেত্ৰী আৰু নাৰী অধিকাৰ কৰ্মী। ফাৰ্চী ৰেপ সংগীতৰ ক্ষেত্ৰখনত সক্ৰিয় হৈ কাৰাবাস খাটিবলগীয়া হোৱা মহিলাসকলৰ ভিতৰত বাহাৰ অন্যতম আছিল।

হালনাগাদ: ১১ জুন ২০২৬ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বাহাৰ দেহকোৰ্ডি (জন্ম ১৯ নৱেম্বৰ ১৯৯০), তেওঁৰ পেছাদাৰী নাম বাহাৰ আতিশ হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী ইৰানী ৰেপাৰ, থিয়েটাৰ অভিনেত্ৰী আৰু নাৰী অধিকাৰ কৰ্মী।১২৩ ফাৰ্চী ভাষা ৰেপ সংগীতৰ ক্ষেত্ৰখনত সক্ৰিয় হৈ কাৰাবাস খাটিবলগীয়া হোৱা মহিলাসকলৰ ভিতৰত বাহাৰ অন্যতম আছিল।৪

জীৱনী

বাহাৰৰ জন্ম ১৯৯০ চনৰ ১৯ নৱেম্বৰত তেহৰাণত হৈছিল।৫ তেওঁ পাৰভিজ দেহকোৰ্ডিৰ দুই কন্যাৰ ভিতৰত জ্যেষ্ঠ আছিল।২ বাহাৰে কিশোৰ অৱস্থাতে অতি কম বয়সতে পাৰ্চী ৰেপ জগতত প্ৰৱেশ কৰিছিল।৪ নিজৰ সংগীতৰ জৰিয়তে তেওঁ ইছলামিক ৰিপাব্লিক শাসন ব্যৱস্থাই সৃষ্টি কৰা ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ তীব্ৰ বিৰোধিতা কৰিছিল, যাৰ ফলত মাত্ৰ পোন্ধৰ বছৰ বয়সতে তেওঁ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল।৪ তেওঁ লিংগ সমতা আৰু নাৰী অধিকাৰৰ এগৰাকী প্ৰবল সমৰ্থক, যাৰ প্ৰতিফলন তেওঁৰ গীতসমূহতো দেখিবলৈ পোৱা যায়।২৪ বাহাৰৰ পিতৃও ইছলামিক ৰিপাব্লিকৰ নীতিৰ বলি হৈছিল। নিজৰ সামাজিক সক্ৰিয়তাত পিতৃৰ প্ৰভাৱ সম্পৰ্কে বাহাৰে কয়:২৪

মই মোৰ পিতৃৰ কাষত থাকি স্বাধীনতা আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ শিকিছোঁ। মই মোৰ পেছাদাৰী নাম "আতিশ" বাছি লৈছিলোঁ কাৰণ মই মোৰ সংগীতৰ জৰিয়তে সেই শাসকসকলক পুৰি ছাৰখাৰ কৰিবলৈ সংকল্পবদ্ধ আছিলোঁ, যিসকলে মোৰ পিতৃৰ যৌৱন আৰু জীৱন ধ্বংস কৰিছিল।

সংগীতৰ সৈতে জড়িত কাৰ্যকলাপৰ বাবে তেওঁক দুবাৰকৈ গ্ৰেপ্তাৰ কৰা হৈছিল।২ ইৰানত নিষিদ্ধ গীত গোৱাৰ অপৰাধত ২০০৫ চনত ১৫ বছৰ বয়সতে বাহাৰক ইছলামিক ৰিপাব্লিক অৱ ইৰানৰ নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে। সেই সময়ত ৰেপ সংগীত পৰিৱেশন কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা বাহাৰেই আছিল প্ৰথমগৰাকী মহিলা।৪ ২০০৭ চনত তেওঁৰ প্ৰথমটো অফিচিয়েল গীত মুক্তি পায়, যাৰ বাবে তেওঁক পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হয়।২ শাস্তি স্থগিত ৰখা আৰু জামিনত মুক্তি পোৱাৰ বাবে তেওঁৰ সংগীতৰ কাৰ্যকলাপ সাময়িকভাৱে বন্ধ হৈ পৰে। অৱশ্যে, কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত তেওঁ আন আন ক্ষেত্ৰত নিজৰ কলাত্মক প্ৰয়াস অব্যাহত ৰাখে আৰু তেহৰাণৰ ইউনিভাৰ্চিটি অৱ আৰ্টত থিয়েটাৰ অধ্যয়ন কৰে।৪ নানাধৰণৰ চাপ থকাৰ স্বত্বেও বাহাৰে ইৰানত থাকি নিজৰ সক্ৰিয়তা আৰু প্ৰতিবাদী গীত গাই গৈছিল।৬ অৱশেষত ২০২২ চনত, "ৱমেন, লাইফ, ফ্ৰীডম" (মহিলা, জীৱন, স্বাধীনতা) আন্দোলনৰ সমৰ্থনত গোৱা "আজ জেনছ-ই পাইজ" গীতটো পুনৰ ৰেকৰ্ডিং কৰাৰ পিছত তেওঁ ইৰান এৰিবলৈ বাধ্য হয়।৪ ইৰান এৰাৰ পিছত তেওঁ প্ৰথমে তুৰস্ক আৰু তাৰ পিছত কানাডালৈ প্ৰব্ৰজন কৰে, য’ত তেওঁ বৰ্তমান বসবাস কৰি আছে।৬

সংগীত জীৱন

বাহাৰ আতিশে ৰেপ, অ’ল্ড-স্কুল হিপ-হপ আৰু আৰ এণ্ড বি সহ বিভিন্ন ধাৰাত কাম কৰে।১ ২০০৭ চনৰ পৰা আৰম্ভ কৰি ইৰানৰ আণ্ডাৰগ্ৰাউণ্ড কনচাৰ্টত অংশগ্ৰহণ কৰা তেওঁ প্ৰথমগৰাকী মহিলাৰ ভিতৰত অন্যতম আছিল।১ ২০০৯ চনৰ ১৯ অক্টোবৰত আনুষ্ঠানিকভাৱে মুক্তি পোৱা "এমশাব শাব-ই মাষ্ট" তেওঁৰ প্ৰথমসমূহ গীতৰ ভিতৰত অন্যতম আছিল।৫৭ তেওঁৰ গীতৰ বিষয়বস্তুসমূহ মূলতঃ নাৰী অধিকাৰ, ইৰানৰ স্বাধীনতা আৰু ৰাজনৈতিক তথা সামাজিক ইছ্যুসমূহৰ ওপৰত কেন্দ্ৰিত। বাহাৰ আতিশে "খাম" আৰু "নাজিব"ৰ দৰে গীতত লিংগ সমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।১ তেওঁৰ আন কেইটামান উল্লেখযোগ্য গীত হৈছে "আজ জেনছ-ই পাইজ", "তোলু" আৰু "শাকাফ"।১ ইৰানৰ সামাজিক বিভাজনক লৈ নিৰ্মিত "শাকাফ" গীতটোত বাহাৰে ট্ৰেপ শৈলী ব্যৱহাৰ কৰিছে।১ বাহাৰে দুখন ইপিয়ো (EPs) মুকলি কৰিছে, আৰু "জাহ্ৰে আক্ৰাব" আৰু "খোদা বানু" এই এলবামসমূহৰ সফল ট্ৰেক আছিল।১ ইয়াৰ উপৰিও তেওঁ "নো টু এগজেকিউচন" নামৰ এটা জনগোষ্ঠীয় প্ৰতিবাদী গীত মুকলি কৰিছিল।৮ বাহাৰে জাষ্টিনাৰ দৰে আন আন শিল্পীৰ সৈতে লগ লাগি "ফৰিয়াদ আজাদী" আৰু "ৰেডিকেল"ৰ দৰে গীতত কাম কৰিছে।৯১০১১ ইয়াৰ উপৰিও তেওঁ ৰেজা পিশ্ৰো, আমিৰ তাতালু, আৰ্দালান তোহমে আৰু পোতাকৰ দৰে তাৰকাসকলৰ সৈতে "চেতৰ মিশে" আৰু "ইনকেলাবে চোলহ" গীতত একেলগে কাম কৰিছিল।১২১৩১৪

চলচ্চিত্ৰ জীৱন

থিয়েটাৰ বিষয়ত অধ্যয়ন কৰা বাহাৰে নিজৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ আণ্ডাৰগ্ৰাউণ্ড সংগীত জগতৰ পৰা কিছু সময়ৰ বাবে বিৰতি লৈছিল।৪ ইয়াৰ পিছত তেওঁ থিয়েটাৰ আৰু চুটি ছবিত অভিনয় কৰি চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ অব্যাহত ৰাখে। তেওঁ "হোৰেহ" নামৰ কাৰ্যসূচীত সহ-পৰিচালক আৰু ঘোষিকা হিচাপেও কাম কৰিছিল।১৫ এই কাৰ্যসূচীখন ইৰানৰ সংগীতজ্ঞসকলৰ এক আছুতীয়া সাক্ষাৎকাৰভিত্তিক অনুষ্ঠান আছিল।১৫ এই সময়ছোৱাত দেহকোৰ্ডিয়ে বিভিন্ন থিয়েটাৰ প্ৰযোজনাত অংশ লয়। তেওঁ মেহদী মালেকীয়ে লিখা "আঘা জবিহ" নাটকত অভিনয় কৰিছিল।১৬ সেই নাটকখনত প্ৰথম নাট্য পাঠ উৎসৱৰ জুৰীয়ে অভিনেতা-অভিনেত্ৰীসকলক বিশেষ স্বীকৃতি প্ৰদান কৰিছিল।১৭ তেওঁ অভিনয় কৰা আন আন নাটকসমূহৰ কৰিবলৈ ভিতৰত "দ্য অনলি ৱে পচিবল"১৮১৯২০ আৰু "অবজেক্টছ আৰ ক্ল’জাৰ দেন দেই এপিয়েৰ ইন দ্য মিৰৰ" অন্যতম।২১২২ ইয়াৰ উপৰিও তেওঁ আতিয়েহ জাভিদীৰ পৰিচালনাত নিৰ্মিত "আভায়ে আব" নাটকত সহযোগিতা কৰিছিল।২৩২৪২৫২৬২৭

বেহজাদ জান্দিহে লিখা আৰু বাহাৰ দেহকোৰ্ডিৰ পৰিচালনাত নিৰ্মিত "ৰামালী" নাটকখন ২০১৫ চনৰ চতুৰ্থ চিটি থিয়েটাৰ ফেষ্টিভেলত স্থান পোৱা নিৰ্বাচিত নাটকসমূহৰ ভিতৰত অন্যতম আছিল।২৮২৯ চলচ্চিত্ৰ জগতত কিছুদিন কাম কৰাৰ পিছত, ২০১০ চনৰ শেষৰ ফালে তেওঁ পুনৰ নিজৰ সংগীতৰ কাৰ্যকলাপ আৰম্ভ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ (2024-03-07). "Bahar Atish": A Young and Powerful Voice for Equality. www.radiozamaneh.com
  2. ↑ (2024-02-13). In Memory of Protests Fighter Parviz Mohammadpour Dehkordi. Akhbar Rooz - Leftist Political News Site
  3. ↑ Siamdoust, Nahid. (18 January 2017). Siamdoust, Nahid (2017). Soundtrack of the Revolution: The Politics of Music in Iran. Redwood City: Stanford University Press.. Stanford University Press. ISBN 9781503600966
  4. ↑ (2024-03-01). Protest Rap by Women; An Unseen Struggle Against Veil. www.radiozamaneh.com
  5. ↑ Bahar Atish. Iranian.com
  6. ↑ Interview with Bahar Dehkordi about artists' support for the nationwide protests in Iran. Iran International
  7. ↑ (2 March 2024). Women's Protest Rap; An Overlooked Struggle Against the Hijab Voice. Baltarin
  8. ↑ Bahar Dehkordi Archives. Kanal Jadid TV
  9. ↑ (7 May 2023). Femme Vie Liberté! The Voices of the Revolution in Iran. France Culture
  10. ↑ (18 March 2023). Koocheshaye Kheshm 22: Nowruz, Women, Life, Freedom. BBC Persian
  11. ↑ Aalaei, Dena. (24 April 2023). To Firuzeh Mahmoudi, Art Is an Act of Resilience and Defiance. KQED
  12. ↑ (11 October 2022). Protest Song: Chetori Mishe (Amir Tataloo and Reza Pishro Tohmeh and Bahar Atish). Baltarin
  13. ↑ Bahar Atish. iroon.com
  14. ↑ (2 October 2022). Enqelabe Solh Tataloo Pishro Pootak Bahar Atish
  15. ↑ Horeh
  16. ↑ The names of the cast members of this play are listed on the Tiwal website. Tiwal - Agha Zobih (16-11-1395)
  17. ↑ (2024-01-20). From the extension of "Common Sin" to an actor returning to the stage after 28 surgeries. ISNA
  18. ↑ (2024-04-08). "Madhakeh Shabihe Katal" and "The Marriage of Mr. Mississippi", "Real West" and more / Weekend Theater. Honaronline
  19. ↑ YJC. (2014-09-16). Performance of the play "Printed" at the Master Meshaykhi Theater. YJC
  20. ↑ (2014-09-24). "The Only Way Possible" reaches the Meshaykhi Theater. Ana News Agency
  21. ↑ (2017-05-30). From Politics to Family on the Theater Stage. fa
  22. ↑ (2017-05-30). Iftar with the Taste of Theater. www.khabaronline.ir
  23. ↑ (2024-03-31). Avaye Ab. Donya-e-Eqtesad
  24. ↑ (2014-08-05). Culture in the Media. Bultannews
  25. ↑ (2015-10-26). Go to Watch These Plays. ISNA
  26. ↑ (2015-12-06). Baran Theater Hosts "Avaye Ab". Mehr News Agency
  27. ↑ Special Performance for Artists and Media People "Avaye Ab" - Tasnim. Tasnim
  28. ↑ Announcement of Selected Plays for Two Sections of the City Theater Festival - Tasnim. Tasnim
  29. ↑ Announcement of Selected Plays for the City Theater Festival. aryanews.com

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিগায়িকাঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহাৰ দেহকোৰ্ডি” প্ৰবন্ধৰ সংশোধন ৬১১৮৫২ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।