অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বালকৃষ্ণ দোশী

বালকৃষ্ণ বিঠালদাস দোশী (জন্ম: ২৬ আগষ্ট, ১৯২৭) এজন ভাৰতীয় স্থাপত্যবিদ। তেওঁক দক্ষিণ এছিয়াৰ স্থাপত্যশৈলী বাবে বিশেষভাৱে জনা যায়। ভাৰতীয় স্থাপত্যশৈলীৰ বিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।

হালনাগাদ: ৮ মে’ ২০২৬ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

বালকৃষ্ণ বিঠালদাস দোশী (জন্ম: ২৬ আগষ্ট, ১৯২৭) এজন ভাৰতীয় স্থাপত্যবিদ।১ তেওঁক দক্ষিণ এছিয়াৰ স্থাপত্যশৈলী বাবে বিশেষভাৱে জনা যায়। ভাৰতীয় স্থাপত্যশৈলীৰ বিৱৰ্তনত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে।২ তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত হ'ল, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু আৰু ইন্দোৰৰ কম খৰচী গৃহ উন্নয়ন যাৰ বাবে তেওঁ আগা খান স্থাপত্যবিদ্যা বঁটা লাভ কৰিছিল।৩ ২০১৮ চনত তেওঁ স্থাপত্যবিদ্যাৰ সৰ্বোচ্চ সন্মান প্ৰিট্‌জকাৰ বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেওঁ প্ৰথম ভাৰতীয় নাগৰিক।৪

প্ৰাৰম্ভিক জীৱন

১৯২৭ চনৰ ২৬ আগষ্টত মহাৰাষ্ট্ৰৰ পুনে চহৰত বালকৃষ্ণ দোশীৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম বিঠালদাস দোশী।৫ তাৰপিছত তেওঁ মুম্বাইৰ জে. জে. স্কুল অফ আৰ্কিটেক্সাৰত স্থাপত্যবিদ্যাৰ শিক্ষা গ্ৰহণ কৰে।

উল্লেখযোগ্য স্থাপত্য

  • ১৯৭৯-৮০ সংঘঠ, বি.ভি. দোশী কাৰ্যালয়, আহমেদাবাদ
  • ১৯৭২ পৰিৱেশ আৰু যোজনা প্ৰযুক্তি প্ৰতিষ্ঠান, আহমেদাবাদ
  • ১৯৬২-৭৪ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰু
  • ১৯৮৯ ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লী৬
  • ১৯৯০ আহমদাবাদ নি গোফা, আহমেদাবাদ
  • অৰণ্য কম খৰচী হাউছিং, ইন্দোৰ
  • আই.এফ.এফ.চি.অ. টাউনশ্বিপ, কালোল
  • সেৱাই গন্ধৰ্ব, পুনে
  • প্ৰেমাভাই হল, আহমেদাবাদ
  • টেগৰ হল, আহমেদাবাদ
  • বিদ্যাধৰ নগৰ, জয়পুৰ

বঁটা আৰু সন্মান

ড॰ বালকৃষ্ণ দোশীয়ে বহুতো আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে।

  • পদ্মশ্ৰী, ভাৰত চৰকাৰ, ১৯৭৬
  • অৰণ্য কমিউনিটি হাউছিংৰ বাবে ১৯৯৩-১৯৯৫ৰ স্থাপত্যবিদ্যাৰ ষষ্ঠ আগা খান বঁটা৩
  • কলা ক্ষেত্ৰত ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান'অৰ্ডাৰ ডেছ আৰ্টছ ডেছ লেটাৰ্ছ', ২০১১৭
  • পেনচেলভিনীয়া বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী
  • স্থাপত্যবিদ্যাৰ সৰ্বোচ্চ পুৰস্কাৰ প্ৰিট্‌জকাৰ বঁটা, ২০১৮৪
  • পদ্মভূষণ, ভাৰত চৰকাৰ, ২০২০

তথ্যসূত্ৰ

  1. ↑ Balkrishna Vithaldas Doshi. ArchNet 2011. Retrieved 26 July 2011
  2. ↑ Ashish Nangia: "Post Colonial India and its Architecture - II", in Boloji, 12-02-2006
  3. ↑ (7 March 2018). Balkrishna Doshi Named 2018 Pritzker Prize Laureate. ArchDaily
  4. ↑ Top Architecture Prize Goes to Low-Cost Housing Pioneer From India, By Robin Pogrebin, New York Times, March 7, 2018
  5. ↑ Japan Architect, nr.05, 2001
  6. ↑ www.nift.ac.in
  7. ↑ B V Doshi conferred France's highest honour for arts - Times Of India

সম্পৰ্কিত শ্ৰেণী

স্থপতিবিদপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালকৃষ্ণ দোশী” প্ৰবন্ধৰ সংশোধন ৬০৫২২৩ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।