ভক্কীয়াৰাজ ( ইংৰাজী: Bhakkiyaraj; ৩১ অক্টোবৰ ১৯৮০ – ২ ছেপ্টেম্বৰ ২০২২), জনপ্ৰিয়ভাৱে তেওঁৰ মঞ্চনাম বাম্বা বাক্য, এজন ভাৰতীয় তামিল১ প্লেবেক গায়ক আৰু সংগীতজ্ঞ আছিল। তেওঁ প্ৰধানকৈ সংগীত সুৰকাৰ এ আৰ ৰহমানৰ সৈতে অসংখ্য ছবিত সহযোগিতাৰ কাম কৰিছিল।২ দক্ষিণ আফ্ৰিকাৰ জনপ্ৰিয় সংগীতজ্ঞ বাম্বাৰ দৰেই এ আৰ ৰহমানে তেওঁৰ বাবে গীত গাবলৈ কোৱাৰ পিছত তেওঁ বাম্বা বাক্য নাম লাভ কৰে। পিছলৈ ই মঞ্চনামৰ লগতে তেওঁৰ পৰিচয় হিচাপে পৰিগণিত হয়। তেওঁৰ অনন্য বেৰিটনৰ বাবে সুপৰিচিত আছিল।৩
এ আৰ ৰহমানে তেওঁক ২০১০ চনৰ ৰাৱনন ছবিত অন্তৰ্ভুক্ত কৰিছিল, য'ত তেওঁ "কেদাকৰী" গীতটো গাইছিল (সেই সময়ত তেওঁক ভক্যৰাজ হিচাপে কৃতিত্ব দিয়া হৈছিল)।
২০২৪ চনত এ আৰ ৰহমানে প্ৰকাশ কৰে যে এ আইৰ সহায়ত বাম্বা বাক্য আৰু অন্যান্য প্ৰয়াত গায়ক শ্বাহুল হামিদৰ কণ্ঠ আৰ্হিক আগন্তুক ছবি লাল চালামৰ'থিমিৰি য়েজুদা' ট্ৰেকটো ৰচনা কৰাত ব্যৱহাৰ কৰা হৈছিল।৪
কেৰিয়াৰ
গায়ক হিচাপে বাক্যৰ অভিষেক ঘটে এছ শংকৰৰ পৰিচালিত ২.০ ছবিত। উক্ত ছবিৰ বাবে তেওঁ প্ৰথমটো একক গীত "পুলিনংগল" গাইছিল, যিটো তৎক্ষণাত হিট হৈ চাৰ্টবাষ্টাৰ হৈছিল। চলচ্চিত্ৰ জগতত প্ৰৱেশৰ পূৰ্বে তেওঁ বেছিভাগেই ভক্তিমূলক গীত গাইছিল।৫ অকাল মৃত্যুৰ পূৰ্বে তেওঁ মণি ৰত্নমৰ ঐতিহাসিক নাটক ছবি পনিয়িন চেলভান: আইৰ বাবেও কণ্ঠদান কৰিছিল।২
মৃত্যু
বুকুত তীব্ৰ বিষ হোৱাত বাক্যক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ২০২২ চনৰ ২ ছেপ্টেম্বৰ তাৰিখে, মাত্ৰ ৪১ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়। ৩৬
তথ্যসূত্ৰ
- ↑ https://economictimes.indiatimes.com/news/new-updates/tamil-playback-singer-bamba-bakya-passes-away-at-41-in-chennai/articleshow/93943506.cms?from=mdr
- ↑ (2 September 2022). Bamba Bakya who sang opening lines of 'Ponni Nadhi' from 'Ponniyin Selvan' passes away. The New Indian Express
- ↑ (2022-09-02). Singer Bamba Bakya passes away at 41Bureau, The Hindu (2 September 2022). "Singer Bamba Bakya passes away at 41". The Hindu. ISSN 0971-751X. Retrieved 2 September 2022. {{cite news}}: |last= has generic name (help)
- ↑ Bureau, The Hindu. (2024-01-30). AR Rahman uses AI voice models of late singers Bamba Bakya and Shahul Hameed for 'Lal Salaam' song. The Hindu
- ↑ (2022-09-02). 'Simtaangaran' singer Bamba Bakya passes away, he was 41. The News Minute"'Simtaangaran' singer Bamba Bakya passes away, he was 41". The News Minute. 2 September 2022. Retrieved 2 September 2022. [permanent dead link]
- ↑ (2022-09-02). Singer Bamba Bakya, known for songs Pullinangal and Simtaangaran, dies at 41. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাম্বা বাক্য” প্ৰবন্ধৰ সংশোধন ৫৪৫৮১৯ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।