অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিক্ৰম মিশ্ৰী

বিক্ৰম মিশ্ৰী (Vikram Misri; জন্ম:-৭ নৱেম্বৰ ১৯৬৪) ভাৰতীয় বৈদেশিক সেৱাৰ এজন ভাৰতীয় কূটনীতিবিদ৷ তেওঁ ২০২৪ চনৰ জুলাই মাহৰ পৰা ভাৰতৰ ৩৫ সংখ্যক বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

হালনাগাদ: ১১ মে’ ২০২৫ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

বিক্ৰম মিশ্ৰী (Vikram Misri; জন্ম:-৭ নৱেম্বৰ ১৯৬৪) ভাৰতীয় বৈদেশিক সেৱাৰ এজন ভাৰতীয় কূটনীতিবিদ৷ তেওঁ ২০২৪ চনৰ জুলাই মাহৰ পৰা ভাৰতৰ ৩৫ সংখ্যক বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে মিশ্ৰীয়ে ২০২২ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ জুলাইলৈকে ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷১ ২০১৯ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈকে তেওঁ চীনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২

ক সাক্ষাৎ কৰি থকা অৱস্থাত বিক্ৰম মিশ্ৰী]]

ইয়াৰ পূৰ্বে তেওঁ প্ৰধানমন্ত্ৰী ইন্দ্ৰৰ কুমাৰ গুজৰাল, মনমোহন সিং আৰু নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত সচিব৩ আৰু স্পেইন আৰু ম্যানমাৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।৪৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৪ চনৰ ৭ নৱেম্বৰত ভাৰতৰ জম্মু-কাশ্মীৰৰ কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰত কাশ্মীৰী পণ্ডিত পৰিয়ালত মিশ্ৰীৰ জন্ম হয়।৬

মিশ্ৰীয়ে শ্ৰীনগৰৰ বাৰ্ন হল স্কুল আৰু ডি এ ভি স্কুল আৰু জম্মু সংমণ্ডলৰ উধামপুৰৰ কাৰ্মেল কনভেণ্ট স্কুলত পঢ়িছিল।৭ ইয়াৰ পিছত তেওঁ মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ত অধ্যয়ন কৰে।৮পিছলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ হিন্দু মহাবিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৯ ইয়াৰ উপৰিও তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰৰ এক্সএলআৰআই – জেভিয়াৰ লেবাৰ ৰিলেচনছ ইনষ্টিটিউটত এম বি এ ডিগ্ৰী লাভ কৰে।১০

কৰ্মজীৱন

শিক্ষা সমাপ্ত কৰাৰ পিছত মিশ্ৰীয়ে তিনি বছৰ বিজ্ঞাপনৰ কাম কৰিছিল।৪ তেওঁ মুম্বাইত লিণ্টাছ ইণ্ডিয়াৰ সৈতে কিছু বছৰ কাম কৰিছিল আৰু দিল্লীত কণ্টেক্ট এডভাৰটাইজিং কৰিছিল।১১ ১৯৮৯ চনত তেওঁ ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে। ১৯৯১ চনৰ পৰা ১৯৯৬ চনৰ ভিতৰত তেওঁ ব্ৰাছেলছ আৰু টিউনিছত ভাৰতীয় মিছনত বিভিন্ন পদবীত সেৱা আগবঢ়ায়।৪ ১৯৯৭ চনত তেওঁক প্ৰধানমন্ত্ৰী ইন্দৰ কুমাৰ গুজৰালৰ ব্যক্তিগত সচিব নিযুক্তি দিয়া হয়।৪ ইয়াৰ পিছত তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত বিভিন্ন কাৰ্যকালৰ লগতে বিদেশত কেইবাটাও ভাৰতীয় মিছনত কাৰ্যনিৰ্বাহ কৰে।

২০১২ চনত তেওঁক প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ব্যক্তিগত সচিব হিচাপে নিযুক্তি দিয়া হয়।১২ সিঙৰ পিছত নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ সময়ত তেওঁ সেই পদত কাৰ্যনিৰ্বাহ কৰি থাকিল। ২০১৪ চনত তেওঁক স্পেইনৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়।১৩২০১৬ চনত ম্যানমাৰৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰিছিল।

২০১৯ চনত তেওঁ চীনৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰে। ২০২০–২০২১ চনৰ চীন-ভাৰত সংঘৰ্ষৰ সময়ত তেওঁ ৰাষ্ট্ৰদূত আছিল আৰু লিউ জিয়ানচাওকে ধৰি চীনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে উত্তেজনাৰ বিষয়ে আলোচনা কৰিবলৈ ধাৰাবাহিকভাৱে বৈঠকত মিলিত হৈছিল।১৪১৫১৬ ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা তেওঁক উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) হিচাপে নিযুক্তি দিয়া হয়।১৭

বৈদেশিক সচিব

২০২৪ চনৰ ২৮ জুনত বিনয় মোহন কোৱাট্ৰাৰ পিছত মিশ্ৰী ডাঙৰীয়াই ভাৰতৰ বৈদেশিক সচিবৰ পদ গ্ৰহণ কৰিব বুলি ঘোষণা কৰা হয়। ২০২৪ চনৰ ১৫ জুলাইত তেওঁ ভাৰতৰ ৩৫ সংখ্যক বৈদেশিক সচিব হয়।১৮

ব্যক্তিগত জীৱন

ডলী মিশ্ৰীৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁলোকৰ দুটা সন্তান আছে।৪ তেওঁৰ ইংৰাজী, হিন্দী আৰু কাশ্মীৰী ভাষাত সাৱলীল দক্ষতা আৰু ফৰাচী ভাষাত কৰ্মৰত জ্ঞান আছে।৪

তেওঁ ASPEN Institute USA ৰ ভাৰত নেতৃত্বৰ পদক্ষেপৰ সভ্য, যিটো বৰ্তমান কমলনয়ন বাজাজ ফেল'শ্বিপ নামেৰে জনাজাত।১৯

তথ্যসূত্ৰ

  1. ↑ (27 December 2021). China expert Vikram Misri, who has been aide to 3 PMs, is India's new deputy NSA. Hindustan Times
  2. ↑ (7 December 2021). Amb Vikram Misri had farewell call on Chinese FM Wang Yi, expressed hope for complete resolution of border issues soon. NewsOnAIR
  3. ↑ (20 July 2014). Sanjeev Kumar Singla appointed private secretary to PM Narendra Modi. mint. PTI
  4. ↑ Ambassador's Profile. Embassy of India, Beijing, China
  5. ↑ (28 December 2021). Vikram Misri Biography: Birth, Age, Early Life, Family, Education, Career, Assignments, and More. Jagranjosh.com
  6. ↑ Oberoi, Surinder Singh. (16 July 2024). Ambassador Vikram Misri becomes 3rd Kashmiri to assume charge of India's Foreign Secretary. Greater Kashmir
  7. ↑ Pratap, Rishabh Madhavendra. (15 July 2024). Vikram Misri, 1989 Batch IFS Officer Assumes Charge As New Foreign Secretary. Times Now
  8. ↑ China expert Vikram Misri takes charge as new Foreign Secretary. The Tribune
  9. ↑ China expert Vikram Misri takes charge as new Foreign Secretary. The Tribune
  10. ↑ (8 January 2019). Vikram Misri takes charge as India's new envoy to China. The Hindu. PTI
  11. ↑ (15 July 2024). Vikram Misri, 1989 Batch IFS Officer Assumes Charge As New Foreign Secretary. Times Now
  12. ↑ (10 October 2012). Reshuffle in PMO: IFS officer Vikram Misri made private secy. Hindustan Times
  13. ↑ (21 July 2014). Sanjeev Kumar Singla appointed as Private Secretary to Prime Minister Narendra Modi. India Today. PTI
  14. ↑ Chaudhury, Dipanjan Roy. Indian envoy to China Vikram Misri meets top party functionary to discuss LAC tensions. The Economic Times
  15. ↑ Basu, Nayanima. (14 August 2020). India seeks more engagement with China on border row, envoy Misri meets top Chinese officials. The Print
  16. ↑ (6 March 2021). Indian envoy meets Chinese vice foreign minister, emphasises on complete disengagement in eastern Ladakh. The Times of India. ANI
  17. ↑ Who is Vikram Misri? Know all about India's new Foreign Secretary. The Economic Times
  18. ↑ (28 June 2024). Vikram Misri named India's next foreign secretary, who is he?. Firstpost
  19. ↑ (15 July 2024). Vikram Misri, 1989 Batch IFS Officer Assumes Charge As New Foreign Secretary. Times Now

সম্পৰ্কিত শ্ৰেণী

কূটনীতিবিদভাৰতীয় কূটনীতিবিদজম্মু আৰু কাশ্মীৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিক্ৰম মিশ্ৰী” প্ৰবন্ধৰ সংশোধন ৫০৭৬১৫ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।