অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বি. জয়া (অভিনেত্ৰী)

বাছাপ্পা জয়া (ইংৰাজী: Basappa Jaya; ৩ ছেপ্টেম্বৰ ১৯৪৪ – ৩ জুন ২০২১) বি. জয়া নামেৰে জনাজাত, কানাড়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ছবি পৰিচালনা কৰাৰ আগতে তেওঁ ২০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বাছাপ্পা জয়া (ইংৰাজী: Basappa Jaya; ৩ ছেপ্টেম্বৰ ১৯৪৪ – ৩ জুন ২০২১) বি. জয়া নামেৰে জনাজাত, কানাড়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী।১ ছবি পৰিচালনা কৰাৰ আগতে তেওঁ ২০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। গৌদ্ৰু (Gowdru) ছবিত অভিনয় কৰাৰ বাবে জয়াই ২০০৪-০৫ চনত কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা লাভ কৰে।

জীৱনী

ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ বৰ্তমানৰ চামৰাজনগৰ জিলাৰ এখন চহৰ কল্লেগালত জয়াৰ জন্ম হৈছিল। মহাদেৱম্মা আৰু বাছাপ্পাৰ সাতটা সন্তানৰ ভিতৰত তেওঁ আছিল চতুৰ্থ সন্তান। পিতৃ বাছাপ্পা আছিল এজন মঞ্চ শিল্পী যিয়ে ১০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। জয়াই দেউতাকৰ পৰা অনুপ্ৰাণিত হৈ মঞ্চলৈ আৰু তাৰ পিছত ছবি জগতত প্ৰৱেশ কৰে। ১৯৫০ চনৰ পৰা ১৯৯২ চনলৈকে তেওঁ মঞ্চত অভিনয় কৰে। ভক্ত প্ৰহ্লাদ (১৯৫৮) ছবিত শিশু অভিনেত্ৰী হিচাপে তেওঁ ছবি জগতত আত্মপ্ৰকাশ কৰে।[2]

প্ৰাথিগ্নে, বেট্টাদ্দা হুলি, ন্যাৱে দেৱৰু আৰু গৌদ্ৰু নামৰ ছবিত কৰা অভিনয়ৰ বাবে জয়াই বঁটা লাভ কৰিছে৷ গৌদ্ৰু ছবিত অভিনয় কৰাৰ বাবে জয়াই কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা লাভ কৰে।

মৃত্যু

বাৰ্ধক্য জনিত কাৰণত ২০২১ চনৰ ৩ জুনত ৭৬ বছৰ বয়সত বেংগালুৰুত জয়াৰ দেহৱসান ঘটে৷২

তথ্যসূত্ৰ

  1. ↑ Three cinema veterans get Kannada Rajyotsava Awards. ibnlive.in.com
  2. ↑ (3 June 2021). ಹಿರಿಯನಟಿ ಬಿ. ಜಯಾ ನಿಧನ. Prajavani

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি. জয়া (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৪৯১৫৭২ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।