জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বন্তি শেনচোৱা
বন্তি শেনচোৱা (১৯৬০-) একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ অধ্যাপিকা। তেওঁ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা। ২০০৩ চনত তেওঁৰ প্ৰথমখন গল্প সংকলন 'নিষাদ গান্ধাৰ' প্ৰকাশ হয়। তেওঁৰ একমাত্ৰ উপন্যাস হৈছে- 'আকণ বিন্ধীৰ সোণ পৰুৱা'। বৰ্তমানেও তেওঁ সাহিত্য জগতৰ সৈতে জড়িত হৈ আছে।
-
বন্দনা এলাংবাম
বন্দনা এলাংবাম (ইংৰাজী: Bondina Elangbam) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু শিল্পী। তেওঁ মণিপুৰৰ বাসিন্দা। তেওঁৰ সৰ্বাংগীণ তুলনামূলক বিশ্লেষণাত্মক গৱেষণামূলক কৰ্মসমূহৰ ভিতৰত "Is the Homosexual an Invisible Being? 'Comrade Love' in the Select Fiction of the Rohinton Mistry and Amitav Ghosh" অন্যতম।
-
বন্দনা বিঠলানী
বন্দনা বিঠলানী (ইংৰাজী: Vandana Vithlani; জন্ম: ২৬ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। তেওঁ ষ্টাৰ প্লাছৰ দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াত (২০১০–২০১৭) উৰ্মিলা শ্বাহৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে পৰিচিত।
-
বন্যা মিশ্ৰ
বন্যা মিশ্ৰ ( ইংৰাজী: Vanya Mishra; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় প্ৰযুক্তি উদ্যোগী, নৃত্যশিল্পী, প্ৰাক্তন অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১২ৰ মুকুট পিন্ধিছিল। বণ্যা পঞ্জাৱৰ জলন্ধৰত জন্মগ্ৰহণ কৰি চণ্ডীগড়ত ডাঙৰ-দীঘল হৈছিল।
-
বন্যা মিৰ্জা
বন্যা মিৰ্জা (ইংৰাজী: Bonna Mirza; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৭৫) এগৰাকী বাংলাদেশী অভিনেত্ৰী যিয়ে টেলিভিছন, চলচ্চিত্ৰ আৰু মঞ্চত অভিনয় কৰে। মিৰ্জাই ১৯৯২ চনত গ্ৰুপ থিয়েটাৰ ফেডাৰেচনৰ সদস্য নাট্যদল দেশনাটকৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
ববী এলয়চিয়াছ
ববী এলয়চিয়াছ (জন্ম: ২২ জুন ১৯৭৪) কেৰালাৰ এগৰাকী ভাৰতীয় এথলীট, যিয়ে ওখ জাঁপ (high jump) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বৰ্তমান তেওঁ কেৰালাৰ তিৰুৱনন্তপুৰমত বাস কৰে। ১৯৯৫ চনৰ পৰা ২০১২ চনলৈকে তেওঁ ১.৯১ মিটাৰ উচ্চ জম্পৰ সৈতে ভাৰতীয় আৰু দক্ষিণ এছিয়াৰ অভিলেখ গঢ়িছিল।
-
ববী ষ্টাৰ
ববী ষ্টাৰ (জন্ম: ১৯৮৩) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ২০১২ চনত 'এভিএন এৱাৰ্ড ফৰ ফিমেল পাৰফৰ্মাৰ অৱ দ্য ইয়াৰ' বঁটা লাভ কৰিছিল আৰু ২০২৬ চনত তেওঁক 'এভিএন হল অৱ ফেেম'ত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
বলবিন্দৰ কৌৰ চউণ্ড
বলবিন্দৰ কৌৰ চউণ্ড (: Balvinder Kaur Saund, জন্ম প্ৰায় ১৯৫২ ) এগৰাকী ব্ৰিটিছ মানৱ অধিকাৰ কৰ্মী আৰু প্ৰাক্তন ৰাজনীতিবিদ। ২০০১ চনৰ পৰা শিখ মহিলা মিত্ৰজোঁটৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বলবিন্দৰ কৌৰে যুক্তৰাজ্যত শিখ মহিলাসকলৰ অধিকাৰৰ বাবে ৰাজহুৱাভাৱে আহ্বান আৰু প্ৰচাৰ চলাই আহিছে।
-
বলাই চন্দ্ৰ দত্ত
বলাই চন্দ্ৰ দত্ত (১৯২৩–২০০৯, যাক বি চি দত্ত বা বলাই চান্দ দত্ত বুলিও কোৱা হয়) ১৯৪৬ চনৰ ৰয়েল ইণ্ডিয়ান নেভিৰ বিদ্ৰোহৰ বিশিষ্ট ব্যক্তিত্বৰ এজন ভাৰতীয় নাৱিক আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ পৰিঘটনা নৌসেনাৰ বিদ্ৰোহত তেওঁৰ উল্লেখযোগ্য ভূমিকাৰ বাবে তেওঁক স্মৰণ কৰা হয়।
-
বলীন সন্দিকৈ
বলীন সন্দিকৈ (Bolin Handique হৈছে একাধাৰে ভাষাবিদ, লেখক, গৱেষক, সহযোগী অধ্যাপক। বৰ্তমান তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক। তেওঁ ২০০৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
বলো সুত
বলো সুত( Bolo Sut) ওৰফে বালিৰাম সুত নগাঁও জিলাৰ চলচলি বিৰহীগাঁৱৰ৷ তেওঁৰ পিতৃৰ নাম আছিল ভেবেলা সুত আৰু মাতৃ শুকুৰী৷ কৃষক সন্তান বলো সুত বিয়াল্লিছৰ গণ-আন্দোলনত নগাঁৱৰ বঢ়মপুৰত “পঞ্চবীৰ শ্বহীদ দিৱস’’ পালনৰ কাৰ্যসূচীত আৰক্ষীৰ অতৰ্কিত আক্ৰমণত নিহত হয়৷ শ্বহীদ হোৱাৰ পৰত তেওঁ পত্নী বাউলী, দুটি ল’ৰা,…
-
বলৱন্ত গাৰ্গী
বলৱণ্ত গাৰ্গী ( জন্ম, ৪ ডিচেম্বৰ ১৯১৬ –মৃত্যু, ২১ এপ্ৰিল ২০০৩) এজন ভাৰতীয় পাঞ্জাবী ভাষাৰ নাট্যকাৰ, নাট্য পৰিচালক, ঔপন্যাসিক, চুটিগল্প লেখক, আৰু শিক্ষাবিদ আছিল।
-
বশ্ৰা দস্তুৰনেজাদ
বশ্ৰা দস্তুৰনেজাদ (জন্মগত নাম: বশ্ৰা দস্তুৰনেজাদ হাকীকাৰী; জন্ম ১৯৮৫) হৈছে এগৰাকী ইৰানী মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনৰ ৰেডিঅ’ ড্ৰিমছ চলচ্চিত্ৰখনত অভিনয় কৰিছিল।
-
বসুধা ডালমিয়া
বসুধা ডালমিয়া কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়ান অধ্যয়ন বিভাগৰ হিন্দী আৰু আধুনিক দক্ষিণ এছিয়ান অধ্যয়নৰ এগৰাকী ভাৰতীয় অধ্যাপিকা এমেৰিটা।
-
বসুধা থোজুৰ
বসুধা থোজুৰ এগৰাকী শিল্পকলাৰ বিভিন্ন ক্ষেত্ৰৰ শিল্পী যদিও মূলতঃ চিত্ৰকলাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। বৰ্তমান নয়দাৰ শিৱ নাদৰ বিশ্ববিদ্যালয়ৰ কলা আৰু পৰিৱেশন কলা বিভাগৰ অধ্যাপিকা।
-
বসুধৰা ৰায়
বসুধৰা ৰায় (ইংৰাজী: Basudhara Roy; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ কবি, সমালোচক আৰু কোলহান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত জামছেদপুৰৰ কৰিম চিটী কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা।
-
বসুন্ধৰা দাস
বসুন্ধৰা দাস (জন্ম ২৭ অক্টোবৰ ১৯৭৭) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁৰ অভিনয় জীৱনত হে ৰাম (তামিল/হিন্দী), মনচুন ৱেডিং (ইংৰাজী), চিটিজেন (তামিল), ৰাৱনা প্ৰভু (মালয়ালম), লংকেশ পাত্ৰিকে (কন্নড়) আদি চলচ্চিত্ৰ অন্তৰ্ভুক্ত।
-
বসুন্ধৰা শইকীয়া
বসুন্ধৰা শইকীয়া (Basundhara Saikia; ১৯৪৬ – ১০ এপ্ৰিল ২০০২) এগৰাকী উল্লেখযোগ্য অসমীয়া অনুবাদক আৰু সাহিত্যিক আছিল। ভাৰতৰ বিভিন্ন ভাষাৰ সাহিত্য অসমীয়া ভাষালৈ অনুবাদ কৰাৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
-
বাই গুৱাং
শ্বি য়ংফেন (চীনা: 史永芬; ২৭ জুন ১৯২১ – ২৭ আগষ্ট ১৯৯৯), পেছাগতভাৱে তেওঁ বাই গুৱাং (白光; অৰ্থ ‘বগা পোহৰ’) নামেৰে জনাজাত। তেওঁ এগৰাকী প্ৰসিদ্ধ চীনা অভিনেত্ৰী আৰু গায়িকা আছিল। ১৯৪০ চনৰ ভিতৰত চীনৰ সাতজন মহান কণ্ঠশিল্পীৰ ভিতৰত তেওঁ অন্যতম আছিল।
-
বাইচুং ভূটীয়া
বাইচুং ভূটীয়া এজন অৱসৰপ্ৰাপ্ত ভাৰতীয় ফুটবল খেলুৱৈ।ফুটবলত শ্বুটিং দক্ষতাৰ বাবে তেওঁক প্ৰায়ে ছিকিমৰ স্নাইপাৰ বুলি অভিহিত কৰা হয়। বাইচুং ভুটিয়াক আন্তৰ্জাতিকভাৱে ভাৰতীয় ফুটবলৰ টৰ্চবাহক হিচাপে গণ্য কৰা হয়। কিংবদন্তী ভাৰতীয় খেলুৱৈ আই.এম.
-
বাকা বাই
বাকা বাই (প্ৰায় ১৭৭৪-১৮৫৮) এগৰাকী মাৰাঠা ৰাষ্ট্ৰনেতা আৰু নাগপুৰৰ ৰজা দ্বিতীয় ৰাঘোজী ভোঁছলেৰ প্ৰিয় পত্নী আছিল। স্বামীৰ মৃত্যুৰ পাছত নাগপুৰৰ ৰাজদৰবাৰত হোৱা ষড়যন্ত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
বাণী কোলা
বাণী কোলা এগৰাকী ভাৰতীয় মহিলা উদ্যোগ পুঁজিপতি। তেওঁ ভাৰতীয় প্ৰাৰম্ভিক পৰ্যায়ৰ ভেঞ্চাৰ কেপিটেল ফাৰ্ম কালাৰী কেপিটেলৰ প্ৰতিষ্ঠাপক আৰু পৰিচালনা সঞ্চালক। তেওঁক ২০১৪ চনত ফৰ্চুন ইণ্ডিয়াৰ দ্বাৰা ভাৰতীয় ব্যৱসায়ৰ আটাইতকৈ শক্তিশালী মহিলা হিচাপে তালিকাভুক্ত কৰা হৈছিল।
-
বাণী যাদৱ
ড° বাণী যাদৱ (Dr. Bani Yadav; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰেলী চালক, মটৰস্পৰ্টছ প্ৰমোটাৰ আৰু সামাজিক অধিকাৰ সমৰ্থক। ৰাষ্ট্ৰীয় মহিলা শাখাত সৰ্বাধিক বৃহৎ ক্ৰছ কাণ্ট্ৰী ৰেলী খিতাপ দখল কৰা ভাৰতৰ একমাত্ৰ মহিলা হিচাপে যাদৱ পৰিগণিত হৈছিল।
-
বাণী সৰজু ৰাও
বাণী সৰজু ৰাও এজন ভাৰতীয় কেৰিয়াৰ কূটনীতিবিদ তথা তেলেংগানা ৰাজ্যৰ ৰাজধানী হায়দৰাবাদৰ ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়া। তেওঁ ১৯৯৪ চনৰ আই এফ এছ বেচৰ সদস্য হিচাপে বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
বাতু গুহা
বাতু গুহা হৈছে মালয়ছিয়াৰ ছেলাংগৰৰ গোম্বাকত অৱস্থিত শিলস্তম্ভ আৰু চুণশিলৰ গুহাৰ এক পৰিসৰ। এই স্থান ৰাজধানী কুৱালালামপুৰৰ উত্তৰে প্ৰায় ১৩ কিলোমিটাৰ (৮.১ মাইল) দূৰত্বত অৱস্থিত। গুহা পৰিসৰত বহুখিনি হিন্দু মন্দিৰ আছে, য’ত হিন্দু দেৱতা মুৰুগনৰ সন্মানত উৎসৰ্গিত মন্দিৰটোৱেই আটাইতকৈ জনপ্ৰিয়।
-
বানু মুস্তাক
বানু মুস্তাক (Banu Mushtaq) (জন্ম ১৯৪৮) দক্ষিণৰ কৰ্ণাটক ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, অধিবক্তা আৰু সাহিত্যিক। তেওঁ কানাড়া ভাষাত লিখে৷ তেওঁৰ ৰচনাসমূহ উৰ্দু, হিন্দী, তামিল, মালায়ালম আৰু শেহতীয়াকৈ ইংৰাজী ভাষাতো প্ৰকাশ পাইছে।
-
বাবা বুদ্ধ
বাবা বুদ্ধ গুৰমুখী: ਬਾਬਾ ਬੁੱਢਾ; বাবা বুঢ়া; আক্ষৰিক অৰ্থ "জ্ঞানী বুঢ়া"; (জন্ম, ৬ অক্টোবৰ ১৫০৬ –মৃত্যু, ৮ ছেপ্টেম্বৰ ১৬৩১) আদি শিখ ধৰ্মৰ এজন প্ৰধান ব্যক্তি আছিল।
-
বাবা ৰতন হিন্দী
বাবা ৰতন হিন্দী বা বাবা ৰত্ন আল-হিন্দী (আৰবী: بابا رتن الهندي 'ইংৰাজী: Baba Ratan Hindi) ইছলামিক নবী মুহাম্মদৰ অ-আৰব তথা ভাৰতীয় ছাহাবা, সংগী আছিল বুলি কোৱা হয়। বাবা ৰতনৰ বিষয়ে কোনো প্ৰামাণিক ঐতিহাসিক উল্লেখ পোৱা নাযায়।
-
বাবুৰাও পেটেল
বাবুৰাও পেটেল (১৯০৪–১৯৮২) এজন ভাৰতীয় প্ৰকাশক আৰু সাহিত্যিক, চলচ্চিত্ৰ আৰু ৰাজনীতিৰ সৈতে জড়িত।
-
বামা
ফাউষ্টিনা মেৰী ফাতিমা ৰাণী (জন্ম: ১৯৫৮) জনপ্ৰিয় ভাবে বামা আৰু বামা ফাউষ্টিনা চুছাইৰাজ এগৰাকী তামিল দলিত নাৰীবাদী, শিক্ষয়ত্ৰী আৰু ঔপন্যাসিক। তেওঁ তেওঁৰ আত্মজীৱনীমূলক উপন্যাস 'কাৰুক্কু'ৰ (১৯৯২) জৰিয়তে বিশেষভাৱে বিখ্যাত।