বাৰ্বৰা "বাৰ্বী" চেপ্পে ফেৰেইৰা(জন্ম: ১৪ ডিচেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ এইচবিঅ' (HBO) ধাৰাবাহিক ইউফ’ৰিয়া (আমেৰিকান টিভি ধাৰাবাহিক)|ইউফ’ৰিয়া (২০১৯–২০২২)-ত কেট হাৰ্নাণ্ডেজৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
প্ৰাৰম্ভিক জীৱন
ফেৰেইৰাৰ জন্ম নিউয়ৰ্ক চিটিৰ ইষ্ট হাৰ্লেমত হৈছিল।১ তেওঁ শৈশৱৰ আদিছোৱা সময় নিউয়ৰ্ক চিটিৰ কুইন্সত অতিবাহিত কৰিছিল আৰু পিছলৈ নিউ জাৰ্চিৰ মেউডলৈ গুচি গৈছিল।২ তেওঁ হেকেনচেক হাইস্কুলত পঢ়া-শুনা কৰিছিল।৩ ফেৰেইৰা ব্ৰাজিলীয় বংশোদ্ভৱ আৰু তেওঁক মাতৃ, মাহীয়েক আৰু আইতাকে লালন-পালন কৰিছিল।৪ তেওঁৰ মাতৃ আৰু মাহীয়েক পেছাত ৰান্ধনী।৫
ফেৰেইৰাই পূৰ্বে @barbienox হেণ্ডলৰ অধীনত এটা টাম্বলাৰ একাউণ্ট চলাইছিল।৬
কৰ্মজীৱন
মডেলিং
কিশোৰ অৱস্থাতে ফেৰেইৰাই আমেৰিকান এপাৰেলৰ এটা মুকলি কাষ্টিং কললৈ নিজৰ প্লাছ-চাইজ মডেলিং ফটো পঠিয়াই কেৰিয়াৰ আৰম্ভ কৰিছিল।৭৮ তেতিয়াৰপৰাই তেওঁ এৰী, ৮ এডিডাছ, ৯ আছ’ছ, ১০ ফ’ৰএভাৰ ২১, ১১ এইচ এণ্ড এম, ১২ মিছগাইডেড ১০ আৰু টাৰ্গেটৰ দৰে ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছে। ১৩ ২০১৬ চনত ফেৰেইৰাৰ এৰী অভিযানৰ সম্পাদনা নকৰা ফটো আৰু এটা ভিডিঅ’ সাক্ষাৎকাৰ ভাইৰেল হৈ পৰিছিল। ১৪১৫ সেই বছৰৰ শেষৰফালে টাইম আলোচনীয়ে তেওঁক ২০১৬ চনৰ "৩০ গৰাকী আটাইতকৈ প্ৰভাৱশালী কিশোৰ-কিশোৰী"ৰ তালিকাত স্থান দিছিল। ১৬
অভিনয়
ফেৰেইৰাই আচাৰ-ব্যৱহাৰ সম্পৰ্কীয় ১০টা খণ্ডৰ ভাইচ মিডিয়াৰ ৱেব ধাৰাবাহিক হাউ টু বিহেভত অভিনয় কৰিছিল। ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ ৱেব ব্যক্তিত্ব/পৰিচালক শিতানত এটা ৱেব্বী বঁটা লাভ কৰে। ১৭ ইয়াৰ উপৰি তেওঁ টিন ভোগৰ দেহ-ইতিবাচকতা সম্পৰ্কীয় ৱেব ধাৰাবাহিক বডী পাৰ্টিত অভিনয় কৰিছিল। ১৮
তদুপৰি ফেৰেইৰাই এইচবিঅ’ ধাৰাবাহিক ডাইভৰ্চৰ দুটা খণ্ডত এলাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু এইচবিঅ’ ধাৰাবাহিক ইউফ’ৰিয়াৰ প্ৰথম দুটা ছিজনত (২০ ২০১৯–২০২২) হাইস্কুলীয়া ছাত্ৰী কেটৰ চৰিত্ৰত অভিনয় কৰা শিল্পীসকলৰ মাজত অন্যতম আছিল। তেওঁ এইচবিঅ’ মেক্সৰ বাবে হেলি লু ৰিচাৰ্ডছনৰ বিপৰীতে আনপ্ৰেগনেণ্ট (২০২০) চনৰ জৰিয়তে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু ২০২২ চনৰ জুলাই মাহত মুক্তি পোৱা জৰ্ডান পিলৰ ন’পত এটা সৰু চৰিত্ৰত অভিনয় কৰে। ১৯২০
ব্যক্তিগত জীৱন
ফেৰেইৰা এগৰাকী কুইয়াৰ আৰু ২০১৯ চনৰপৰা ২০২২ চনলৈকে তেওঁ সংগীতশিল্পী এল পকেটৰ সৈতে সম্পৰ্কত আছিল।২১ ইয়াৰ পূৰ্বে তেওঁ শিল্পী গাচ ডাপ্পাৰটনৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।২২
তথ্যসূত্ৰ
- ↑ Mazzone, Dianna. (2021). Barbie Ferreira Risked It All — and It Paid Off. Allure Magazine
- ↑ Romano, Evan. (July 1, 2019). 5 Things to Know About Barbie Ferreira, Euphoria's Kat. Men's Health
- ↑ Levine, Cecilia. (November 27, 2016). Look For Hackensack Model In Holiday Target Ad. Hackensack Daily Voice
- ↑ Exclusive: Barbie Ferreira Talks How She Learned to Love Her Curves. Latina
- ↑ Picardi, Mayan Toledano, Phillip. Introducing 'Body Party' by Barbie Ferreira, the Body-Posi Video Series You NEED to See. Teen Vogue
- ↑ Olson, Samantha. (2022-08-30). All the Facts on "Euphoria" Star and Model Barbie Ferreira. Seventeen
- ↑ With her new show, Barbie Ferreira wants to talk to you about feminism and fashion's struggle to be inclusive
- ↑ Studeman, Kristin Tice. The Rise of Barbie Ferreira: From 'Nodel' to Model of the Moment. W Magazine
- ↑ Hardy, Alyssa. Barbie Ferreira Thinks the Term "Plus Size" Is Outdated. Teen Vogue
- ↑ 33 plus-size models you should follow on Instagram. Insider
- ↑ One Of Your Favorite Affordable Brands Is Launching A New Plus Collection
- ↑ McColm, Wendy. (December 1, 2017). Gift-Giving with Barbie Ferreira. H&M
- ↑ (August 8, 2016). Target's "Dear Jeans" Campaign May be One of the Most Diverse Ever. Cosmopolitan
- ↑ Allen, Maya. (January 25, 2016). Size-12 Model Barbie Ferreira Goes Unretouched for Aerie's New Campaign. Cosmopolitan
- ↑ Ross, Ashley. (January 28, 2016). Meet the Curvy Model Whose Unretouched Photos Are Taking the Internet by Storm. Time
- ↑ Lang, Cady. (October 19, 2016). The 30 Most Influential Teens of 2016 > Barbie Ferreira, 19. Time
- ↑ Barbie Ferreira – How to Behave. Webby Awards
- ↑ Picardi, Phillip. Introducing 'Body Party' by Barbie Ferreira, the Body-Posi Video Series You NEED to See. Teen Vogue
- ↑ Kit, Borys. (September 19, 2019). Haley Lu Richardson, Barbie Ferreira to Star in Road Trip Movie 'UNpregnant' (Exclusive). The Hollywood Reporter
- ↑ (2022-07-21). Nope Cast and Character Guide: Who's Who in the Jordan Peele Movie?. TheWrap
- ↑ (December 8, 2020). 24 hours with Barbie Ferreira. YouTube
- ↑ Howard, Jackson. (2017-12-05). Gus Dapperton Grows Up. Office Magazine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰ্বী ফেৰেইৰা” প্ৰবন্ধৰ সংশোধন ৬০৪৩৪৫ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।