অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বন্যা মিৰ্জা

বন্যা মিৰ্জা (ইংৰাজী: Bonna Mirza; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৭৫) এগৰাকী বাংলাদেশী অভিনেত্ৰী যিয়ে টেলিভিছন, চলচ্চিত্ৰ আৰু মঞ্চত অভিনয় কৰে। মিৰ্জাই ১৯৯২ চনত গ্ৰুপ থিয়েটাৰ ফেডাৰেচনৰ সদস্য নাট্যদল দেশনাটকৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

হালনাগাদ: ১১ জুলাই ২০২৬ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বন্যা মিৰ্জা (ইংৰাজী ভাষা: Bonna Mirza; জন্ম: ৯ ছেপ্টেম্বৰ ১৯৭৫) এগৰাকী বাংলাদেশী অভিনেত্ৰী যিয়ে টেলিভিছন, চলচ্চিত্ৰ আৰু মঞ্চত অভিনয় কৰে। মিৰ্জাই ১৯৯২ চনত গ্ৰুপ থিয়েটাৰ ফেডাৰেচনৰ সদস্য নাট্যদল দেশনাটকৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১ তেওঁ বাংলাদেশ টেলিভিছন (বিটিভি) আৰু বাংলাদেশ বেতাৰৰ এগৰাকী তালিকাভুক্ত শিল্পী।

মিৰ্জাৰ উল্লেখযোগ্য মঞ্চ অভিনয়সমূহ হ’ল নিত্য পুৰাণ,২ দৰ্পণে শৰৎশশী, এ ডলছ হাউচ আৰু ঘৰলোপাট। ২০১৮ চনৰপৰা তেওঁ টেলিভিছন অভিনেতাৰ পেছাদাৰী সংগঠন 'এক্টৰ্ছ ইকুইটি'ৰ নিৰ্বাচিত সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩ তেওঁ বিভিন্ন সামাজিক মঞ্চ যেনে শিক্ষানুষ্ঠান, সামাজিক সংগঠন আৰু টিভি চেনেলসমূহত বিভিন্ন সামাজিক বিষয়ৰ এগৰাকী বক্তা হিচাপেও পৰিচিত।৪

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

কুষ্টিয়াত জন্মগ্ৰহণ কৰা মিৰ্জাই নিজৰ পিতৃ-মাতৃৰ সৈতে শৈশৱ অতিবাহিত কৰিছিল। তেওঁৰ পিতৃ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া আৰু মাতৃ এগৰাকী গৃহিনী। তিনিগৰাকী ভগ্নীৰ ভিতৰত তেওঁ দ্বিতীয় আৰু তেওঁৰ এজন ভাতৃ আছে। তেওঁ কুষ্টিয়া চৰকাৰী ছোৱালী উচ্চ বিদ্যালয়ৰপৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ তেওঁ অধ্যয়নৰ বাবে ঢাকালৈ যায় আৰু ঢাকা বিশ্ববিদ্যালয়ৰপৰা থিয়েটাৰ আৰু পাৰফৰমেন্স ষ্টাডিজ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫

২০১০ চনত মিৰ্জাই মানস চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬ মানস চৌধুৰীয়ে জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।৭

কেৰিয়াৰ

মিৰ্জাই ১৯৯২ চনত নাট্যদল দেশ নাটকৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ কেইবছৰমানৰ পিছত ১৯৯৭ চনত তেওঁ বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতেই টেলিভিছন নাটকত অভিনয় আৰম্ভ কৰে।৮ টেলিভিছনত বহু বছৰ পেছাদাৰী অভিনয় কৰাৰ পাছত তেওঁ একাতোৰ টিভি, নিউজ ২৪, জি-টিভি আদিৰ দৰে আগশাৰীৰ বাংলাদেশী টিভি চেনেলৰ অনুষ্ঠানৰ আঁত ধৰিবলৈ আৰম্ভ কৰে। ২০১৫ চনৰপৰা তেওঁ এগৰাকী বিপণন বিশেষজ্ঞ (মাৰ্কেটিং প্ৰফেচনেল) হিচাপেও কেৰিয়াৰ আৰম্ভ কৰে আৰু বৰ্তমান তেওঁ 'বাংলা ট্ৰিবিউন'ত বিপণন মুৰব্বী হিচাপে কৰ্মৰত।৯ ১৯৯৭ চনত ছাইদুল আনাম তুতুলৰ নিৰ্দেশনাত নিৰ্মিত সুখেৰ নোঙৰ আছিল তেওঁ অভিনয় কৰা প্ৰথম টেলিভিছন নাটক।১০ মিৰ্জা একাতোৰ টিভিৰ একাতোৰেৰ সকাল অনুষ্ঠানটোৰ আঁত ধৰোঁতা।১১ তেওঁ তনবীৰ মোকাম্মেলৰ নিৰ্দেশনাত নিৰ্মিত ৰাবেয়া (২০০৯) নামৰ ছবিতো অভিনয় কৰিছে।৮

মিৰ্জা চলচ্চিত্ৰ শিল্পী সমিতিৰ কাৰ্যসূচী সম্পাদক হিচাপেও নিৰ্বাচিত হৈছিল।১১

কৰ্মৰাজি

টেলিভিছন নাটক

  • ভবেৰ হাট৮
  • ৰঙেৰ মানুহ৮
  • ডলছ হাউচ৮
  • সমুদ্ৰজল১২
  • ফুল মহল১১
  • ছায়া পথ১৩
  • সুখেৰ নোঙৰ (১৯৯৭)
  • বতাহেৰ ঘৰ১৪
  • মা তই কেমন আছিস১৪
  • স্বপ্ন বজাৰ ১৪
  • মেঘ বন্ধু১৪
  • হিমান্ত১৪
  • ভাবী১৫
  • সবুজ গ্ৰাম নীল ডিশ এণ্টেনা১৪
  • অন্য ৰকম বৃষ্টি১৬
  • লাকী থাৰ্টিন১৬
  • মানৱজমিন১৬
  • স্বপ্নবজাৰ১৬
  • অমৰাত্ৰিৰ গান১৭

মঞ্চ নাটক

  • সুৰগাঁও১৩
  • নিত্যপুৰাণ১৮
  • বিৰসা কাব্য১৬
  • ঘৰ লোপাট১৬

চলচ্চিত্ৰ

  • হেড মাষ্টাৰ
  • ওমৰ ফাৰুকেৰ মা
  • পিতা
  • ৰাবেয়া
  • শৰত ৭১

বঁটাসমূহ

বছৰবঁটাশ্ৰেণীফলাফল
২০১৮ভাৰত-বাংলাদেশ বন্ধুত্ব বঁটা
২০১৭জুনিয়ৰ চেম্বাৰ অব কমাৰ্চ শান্তি বঁটা
২০১৬কানাডা-বাংলাদেশ সংহতি বঁটা
২০০৫ভাষানী স্মৃতি বঁটা
২০০৩টেলিভিছন ফৰাম অডিয়েন্স বঁটাশ্ৰেষ্ঠ অভিনেতা
২০০১বাচচাচ বঁটাশ্ৰেষ্ঠ অভিনেতা (নিত্যপুৰাণ)১৯

তথ্যসূত্ৰ

  1. ↑ Busy times for Bonna Mirza. The Daily Star
  2. ↑ Desh Natok revives "Nityapuran" after 14 years. The Daily Star
  3. ↑ Young TV actors criticised in seminar. The Daily New Age
  4. ↑ Syeda Shamin Mortada. (2009-03-27). Banna Mirza: Beauty, grace and reflective demeanour. The Daily Star
  5. ↑ Shah Alam Shazu. (2012-01-06). Bonna Mirza @DS Cafe. The Daily Star
  6. ↑ (2010-12-31). Defining moments in Bangladeshi media. The Daily Star
  7. ↑ Shah Alam Shazu. (2012-01-06). Bonna Mirza @DS Café. The Daily Star
  8. ↑ Fayeka Zabeen Siddiqua. (2014-02-21). Mad Genius. The Daily Star
  9. ↑ (2017-01-06). I prefer to accept things as they come. The Daily Star
  10. ↑ Mahmuda Afroz. (2006-09-15). "Acting is not mere pretence" -- Bonna Mirza. The Daily Star
  11. ↑ (2017-03-14). Busy times for BONNA MIRZA. The Daily Star
  12. ↑ (2009-01-29). Shomudrojol on Banglavision tonight. The Daily Star
  13. ↑ (2016-10-29). Bonna Mirza: Mastering all trades. The Daily Star
  14. ↑ (2010-04-05). Bonna Mirza in conversation. The Daily Star
  15. ↑ (2009-07-31). Bhabi: New serial on Ekushey TV. The Daily Star
  16. ↑ (2010-07-29). Acting always draws me. The Daily Star
  17. ↑ (2010-03-25). Special play "Amoratrir Gaan" on Independence Day. The Daily Star
  18. ↑ Robina Rashid Bhuiyan. (2017-11-10). Desh Natok revives "Nityapuran" after 14 years. The Daily Star
  19. ↑ Bonna Mirza signs for government-funded film 'Ghor Geosthi'. The New Nation

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বন্যা মিৰ্জা” প্ৰবন্ধৰ সংশোধন ৬১৬৬০৮ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।